এলনৱিক গাৰ্ডেন বা এলনৱিক বাগিচা (Alnwick Poison Garden) ইংলেণ্ডৰ নৰ্থাম্বাৰলেণ্ডৰ এলনৱিক চহৰৰ এলনৱিক কাচলৰ সংলগ্ন এখন আনুষ্ঠানিক উদ্যান। ডিউকচ্ অৱ নৰ্থাম্বাৰলেণ্ডৰ অধীনত থকা এই উদ্যানবোৰৰ বহুতো ইতিহাস জড়িতহৈ আছে। একবিংশ শতিকাৰ পুনৰুদ্ধাৰৰ আৰম্ভণিতে এইবোৰ জীৰ্ণশীৰ্ণ অৱস্থাতে আছিল। এতিয়া বাগিচাখনত কেন্দ্ৰীয়ত পানীৰ ঝৰণাৰ লগতে বিভিন্ন ধৰণৰ উদ্ভিদ সজোৱা হৈছে।
এলনৱিক বাগিচাখন সৰু যদিও মাৰাত্মক বিষাক্ত বাগিচা। এই বাগিচাখনত প্ৰায় ১০০ বিধ বিষাক্ত, নিচাজাতীয় উদ্ভিদ আছে। বাগিচাখনৰ চাৰিওদিশ লোহাৰ দেৱালেৰে আবৃত। এই বিষাক্ত বাগিচাখন কেৱল গাইডেঞ্চ টুৰৰ বাবেহে খোলা। এই বাগিচাখনৰ উদ্ভিদ আদিক চুই চোৱা বা তাৰ গোন্ধ লোৱা নিষেধ।১
বাগিচাখন বৰ্তমান চাৰিটেবল ট্ৰাষ্টৰ (charitable trust) অন্তৰ্গত, যি নৰ্থম্বাৰলেণ্ড এষ্টেটৰ পৰা পৃথক হ’লেও নৰ্থম্বাৰলেণ্ড ১২ ডিউকে ৪২ একৰ (১৭ হেক্টৰ) অংশ অনুদান দিছে আৰু পুনৰ নবীকৰণৰ ব্যয়ৰ বাবে ৯ মিলিয়ন পাউণ্ড অৱদান আগবঢ়াইছে।
বিষাক্ত বাগিচা
নিচা আৰু বিষাক্ত উদ্ভিদৰ বৈশিষ্ট্যযুক্ত বাগিচা এখন ২০০৫ চনৰ ফ্ৰেব্ৰুৱাৰীত যুক্ত কৰা হৈছিল। বিষাক্ত বাগিচাখনত প্ৰজাতিসমূহৰ মাজত আছে- ষ্ট্ৰাইকনচ্ নাক্সভোমিকা (ষ্ট্ৰাইচিনৰ উৎস), হেমলক, ৰিকিনাচ কমিনিচ (নিৰীহ কাষ্টৰ অয়েলৰ উৎস কিন্তু মাৰাত্মক ৰিকিন), ফক্সগ্লোভ, এট্ৰোপা বেলাদোনা (সাধাৰণত ডেডলি নাইটশেড), ব্ৰুগমানচিয়া আৰু লেবাৰ্নাম।২ বিষাক্ত বাগিচাৰ মিচনত আছে ঔষধ শিক্ষা।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলনৱিক গাৰ্ডেন” প্ৰবন্ধৰ সংশোধন ৩৮৪০৬৯ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।