মাৰ্থা মাৰিয়া কৰ্ডেইৰো ভাছকনচেলোছ (জন্ম: ১৮ জুন ১৯৪৮) এগৰাকী ব্ৰাজিলিয়ান সৌন্দৰ্য ৰাণী, যিয়ে ১৯৬৩ চনত য়েডা মাৰিয়া ভাৰ্গাছৰ পিছত দেশৰ দ্বিতীয়গৰাকী মিছ ইউনিভাৰ্ছ বিজয়ী হিচাপে পৰিগণিত হয়।১ ইয়াৰ উপৰি তেওঁ ১৯৫৭ চনত পেৰুৰ গ্লেডিছ জেণ্ডাৰ, ১৯৫৮ চনত কলম্বিয়াৰ লুজ মাৰিনা জুলুৱাগা আৰু ১৯৬২ চনত আৰ্জেণ্টিনাৰ নৰ্মা নোলানৰ পিছত এই খিতাপ জয় কৰা পঞ্চমগৰাকী লেটিন আমেৰিকান হিচাপে পৰিগণিত হয়। ভাছকনচেলোছ বাহিয়া ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল।
জীৱনী
ফ্লৰিডাৰ মায়ামি বীচত অনুষ্ঠিত ১৯৬৮ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ব্ৰাজিলক প্ৰতিনিধিত্ব কৰা ভাছকনচেলোছে ৬৪ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি খিতাপ জয় কৰিছিল। খিতাপ জয়ৰ পাছদিনা পুৱাই তেওঁ ব্ৰাজিলত থকা নিজৰ পৰিয়াল আৰু প্ৰেমিকক ফোন কৰি ঘৰৰ প্ৰতি থকা হেঁপাহ (homesick) ব্যক্ত কৰিছিল।
মিছ ইউনিভাৰ্ছ সংস্থাৰ চৰ্ত অনুসৰি ভাছকনচেলোছে পৰৱৰ্তী এবছৰ নিউয়ৰ্ক চহৰত বসবাস কৰিছিল। তাৰ পিছত ১৯৬৯ চনত তেওঁ ব্ৰাজিললৈ উভতি আহে আৰু কেইদিনমানৰ পিছতে বিবাহপাশত আবদ্ধ হয়।
ভাছকনচেলোছে বৰ্তমান ৰাজহুৱা জীৱনৰপৰা আঁতৰি এক শান্ত আৰু ব্যক্তিগত জীৱন অতিবাহিত কৰিছে। প্ৰথম স্বামী ৰিনাল্ডো লৌৰেইৰোৰ সৈতে তেওঁৰ লিয়নাৰ্ডো আৰু লেইলেন নামৰ দুটা সন্তান আৰু ফিলিপ তথা গুইলহাৰ্মে নামৰ দুজন নাতি আছে। তেওঁ মেছাচুচেটছৰ বষ্টন অঞ্চলত বাস কৰিছিল আৰু তাত এটা পৰ্তুগীজ ভাষী প্ৰতিষ্ঠানত ভুক্তভোগীৰ অধিকাৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। বৰ্তমান তেওঁ অৱসৰ গ্ৰহণ কৰি পুনৰ ব্ৰাজিলত বসবাস কৰিবলৈ লৈছে।
তথ্যসূত্ৰ
{{Miss Universe Organization titleholders | Year = 1968 | Miss Universe = মাৰ্থা ভাছকনচেলোছ
তথ্যসূত্ৰ
- ↑ Birnbaum, Cara. (2006). Universal Beauty: The Miss Universe Guide to Beauty. Thomas Nelson Inc. পৃ. 26–. ISBN 978-1-4016-0229-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্থা ভাছকনচেলোছ” প্ৰবন্ধৰ সংশোধন ৫৯৪৭২৪ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।