অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰিয়া ক'ৰিনা মাচাডো

মাৰিয়া ক'ৰিনা মাচাডো পেৰিস্কা ( María Corina Machado Parisca; জন্ম: ৭ অক্টোবৰ ১৯৬৭) এগৰাকী ভেনিজুৱেলাৰ ৰাজনীতিবিদ আৰু উদ্যোগিক অভিযন্তা। তেওঁ এগৰাকী প্ৰভাৱশালী বিৰোধী নেত্ৰী। ২০১১ চনৰ পৰা ২০১৪ চনলৈকে ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৮১৪ শব্দ · ৫ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মাৰিয়া ক'ৰিনা মাচাডো পেৰিস্কা ( María Corina Machado Parisca; জন্ম: ৭ অক্টোবৰ ১৯৬৭) এগৰাকী ভেনিজুৱেলাৰ ৰাজনীতিবিদ আৰু উদ্যোগিক অভিযন্তা। তেওঁ এগৰাকী প্ৰভাৱশালী বিৰোধী নেত্ৰী। ২০১১ চনৰ পৰা ২০১৪ চনলৈকে ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনত ভেনিজুৱেলাৰ অভ্যুত্থানৰ প্ৰচেষ্টাক একত্ৰিত কৰিবলৈ Carmona Decree-ৰ স্বাক্ষৰকাৰী হিচাপে আৰু ভোট নিৰীক্ষণ সংস্থা ছুমাটেৰ প্ৰতিষ্ঠাপক হিচাপে ২০০২ চনত মাচাডোৱে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে।.১ ৰাজনৈতিক দল ভেণ্টে ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে ২০১২ চনত হেনৰিক কেপ্ৰিলছৰ হাতত তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাইমেৰীত পৰাভূত হৈছিল৷ ২০১৪ চনৰ ভেনিজুৱেলাৰ প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভৰ আয়োজন কৰাত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল।২

২০২৩ চনত মাচাডোৱে বিৰোধীৰ প্ৰাইমাৰীত জয়ী হৈ ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ঐক্য প্ৰাৰ্থী হয়।৩ ২০২৩ চনৰ জুন মাহত ভেনিজুৱেলাৰ মহানিয়ন্ত্ৰকে তেওঁক ৰাজহুৱা পদবীৰ পৰা অযোগ্য ঘোষণা কৰিছিল, যিটো ৰায় ২০২৪ চনৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰিছিল।৪৫ তেওঁ ক’ৰিনা য’ৰিছক প্ৰতিস্থাপন প্ৰাৰ্থী হিচাপে নিযুক্তি দিয়ে আৰু পিছলৈ তেওঁৰ ঠাইত এডমুণ্ডো গনজালেজ উৰুটিয়াক নিযুক্তি দিয়া হয়। ২০২৪ চনৰ আগষ্ট মাহত মাচাডোৱে মাদুৰো চৰকাৰৰ অধীনত নিজৰ জীৱন আৰু স্বাধীনতালৈ শংকা নামি অহা দেখা পাই আত্মগোপন কৰা বুলি ঘোষণা কৰে।৬

মাচাডোৱে নিজৰ সক্ৰিয়তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। ২০২৫ চনত তেওঁ "ভেনিজুৱেলাৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ বাবে কৰা অক্লান্ত কাম আৰু একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ ন্যায়সংগত আৰু শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে কৰা সংগ্ৰামৰ বাবে" শান্তিৰ নোবেল বঁটা লাভ কৰে।৭ ২০২৫ চনতে তেওঁ টাইম আলোচনীৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত তালিকাভুক্ত হয়।৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬৭ চনৰ ৭ অক্টোবৰত ভেনিজুৱেলাৰ কাৰাকাছত মাচাডোৰ জন্ম হৈছিল।৯ ট'ৰ'ৰ তৃতীয় মাৰ্কিছ চেবাষ্টিয়ান জোচে এণ্টনিঅ' ৰড্ৰিগেজ ডেল ট'ৰ' ৱাই আস্কানিঅ' (১৭৩৯–১৭৮৭)ৰ তেওঁ বংশজ আৰু মনোবিজ্ঞানী ক'ৰিনা পেৰিস্কা (১৯৪০) আৰু তীখা ব্যৱসায়ী হেনৰিক মাচাডো জুলোগা (১৯৩০–২০২৩)ৰ চাৰিগৰাকী কন্যাৰ ভিতৰত জ্যেষ্ঠ৷ হেনৰিক জুলোগা আৰ্মাণ্ডো জুলোগাৰ ভতিজা আছিল৷ আৰ্মাণ্ডো জুলোগা ভেনিজুৱেলাৰ একনায়কত্ববাদী জুয়ান ভিচেণ্টে গোমেজৰ বিৰুদ্ধে বিদ্ৰোহত নিহত হৈছিল। ১০১১১২

মাচাডোৱে আন্দ্ৰেছ বেলো কেথলিক বিশ্ববিদ্যালয়ৰ পৰা ঔদ্যোগিক অভিযান্ত্ৰিকীত ডিগ্ৰী অৰ্জন কৰে আৰু পাছলৈ কাৰাকাছৰ ইনষ্টিটিউট ডি এষ্টুডিঅ’ছ চুপিৰিয়েৰছ ডি এডমিনিষ্ট্ৰেচন (আই ই এছ এ)ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ২০০৯ চনত ইয়েল বিশ্ববিদ্যালয়ৰ ৱৰ্ল্ড ফেল'ছ প্ৰগ্ৰেমৰ প্ৰতিনিধিও আছিল।১৩১৪১৫

১৯৯২ চনত তিনিটা সন্তানৰ মাতৃ মাচাডোয়ে ফাণ্ডেচন এটেনিয়া (এটেনিয়া ফাউণ্ডেশ্যন) আৰম্ভ কৰে, যিটো সংস্থাই ব্যক্তিগত অনুদান ব্যৱহাৰ কৰি অনাথ আৰু অপৰাধী কাৰাকাছৰ ৰাজপথৰ শিশুৰ যত্ন লয়৷ তেখেতে অ'পৰ্চুনিটাছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপেও কাম কৰিছিল।১৪১৫ ভেলেন্সিয়াৰ অটো উদ্যোগত কাম কৰাৰ পিছত ১৯৯৩ চনত তেওঁ কাৰাকাছলৈ গুচি যায়।১১ ছুমাটেত নিজৰ দায়িত্ব পালন কৰাৰ বাবে মাচাডোৱে সংস্থাটো এৰি থৈ যায় যাতে ইয়াত ৰাজনীতিকৰণ নহয়।১৪

চুমাটে

আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছ-এ ২০০৫ চনৰ ৩১ মে'ত মাচাডোক অ'ভেল অফিচলৈ আদৰণি জনায়
আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছ-এ ২০০৫ চনৰ ৩১ মে'ত মাচাডোক অ'ভেল অফিচলৈ আদৰণি জনায়ছবি: White House photo by Eric Draper · Public domain

২০০১ চনত হোটেলৰ লবীত মাচাডো আৰু আলেজান্দ্ৰ' প্লাজৰ মাজত খৰখেদাকৈ হোৱা সাক্ষাৎকাৰৰ ফলত স্বেচ্ছাসেৱী অসামৰিক সংস্থা ছুমাটে প্ৰতিষ্ঠা হৈছিল, য'ত তেওঁলোকে ভেনিজুৱেলাৰ বাবে সৃষ্টি হোৱা নতুন ঘটনাপ্ৰৱাহৰ বাবে উদ্বেগ প্ৰকাশ কৰিছিল।১১

ছুমাটে ২০০৪ চনৰ গণভোটৰ বাবে ৰাষ্ট্ৰপতি হুগো চাভেজক পুনৰ নিযুক্তি দিবলৈ আবেদন অভিযানৰ নেতৃত্ব দিছিল।১৬ গণভোটৰ পিছত মাচাডোকে ধৰি ছুমাটেৰ সদস্যসকলৰ বিৰুদ্ধে দণ্ডবিধিৰ ১৩২ নং অনুচ্ছেদৰ অধীনত দেশদ্ৰোহ আৰু ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হয়৷১৭আমেৰিকাৰ নেচনেল এনডাউমেণ্ট ফৰ ডেম'ক্ৰেচি (NED)ৰ পৰা তেওঁলোকৰ কাৰ্য্যকলাপৰ বাবে আৰ্থিক সহায় লাভ কৰাৰ অভিযোগেৰে তেওঁলোকক অভিযুক্ত কৰা হয়।১৪

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্তটো "ৰাষ্ট্ৰপতি হুগো চাভেজৰ প্ৰচাৰৰ অংশ ... যাৰ লক্ষ্য আছিল নাগৰিক সমাজৰ সদস্যসকলক ভয়ভীত কৰোৱাই তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰাত বাধা দিয়া"।১৮ মানৱ অধিকাৰ আৰু গণতন্ত্ৰ গোট,১৯২০ ভেনিজুৱেলাত থকা আমেৰিকাৰ দূতাবাস,২১ আৰু বিশ্বৰ নেতাসকলৰ মিত্ৰজোঁটে এই কাৰ্যক নিন্দা কৰে।২২ মাচাডোৱে চাভেজৰ প্ৰতি ভেনিজুৱেলাৰ লোকসকলৰ সমৰ্থন স্বীকাৰ কৰি কয় যে: "আমি যিবোৰ ইতিবাচক কাম কৰিছোঁ সেইবোৰক স্বীকাৰ কৰিব লাগিব", কিন্তু তেওঁ কয় যে ৰাষ্ট্ৰপতিজন "ক্ৰমাৎ অসহিষ্ণু হৈ পৰিছে.."।১২

২০০৬ চনৰ আগষ্ট মাহত মাচাডো আৰু প্লাজক চুমাটেৰ পুঁজিৰ বিষয়ে তদন্তৰ বাবে ৰাষ্ট্ৰীয় বিধানসভাৰ বিধায়কসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁলোকক লগ কৰিবলৈ তাত কোনো নাছিল৷ তেওঁলোকে কৈছিল যে-তেওঁলোকে উপস্থিতিৰ অনুৰোধ জনোৱা দুখন পত্ৰ পাইছিল। ২৩ ২০০২ চনৰ অভ্যুত্থানৰ সময়ত Carmona Decree-ত স্বাক্ষৰ কৰাৰ বাবেও তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন হৈছিল,১২২৪ যেতিয়া তেওঁক ৰাষ্ট্ৰপতি ভৱন ভ্ৰমণ কৰা সময়ত নিজৰ নাম লিখিবলৈ মিছাকৈ নিৰ্দেশ দিয়া হৈছিল, যিখন তেওঁ এখন Sign-in কাগজ বুলি ভাবিছিল।১২২৪ ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত এই বিচাৰ স্থগিত ৰখা হৈছিল আৰু ইয়াক অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে, আৰু ফলপ্ৰসূভাৱে খাৰিজ কৰা হৈছে।২৫২৬

ৰাজনৈতিক দৃষ্টিভংগী

মাচাডো চাভিমো বিৰোধী আৰু ভেনিজুৱেলাৰ বিৰোধীৰ অন্যান্য শ্ৰেণীৰ সৈতেও তেওঁৰ মতানৈক্য আছে।২৭২৮২৯২০১১ চনত তেওঁ "জনপ্ৰিয় পুঁজিবাদ"ৰ প্ৰচাৰক হিচাপে প্ৰচাৰ চলায়।২৯ মাচাডোৱে ভেনিজুৱেলাৰ চৰকাৰী সংস্থাসমূহৰ ব্যক্তিগতকৰণৰ সমৰ্থন কৰে, য'ত তেল কোম্পানী পিডিভিএছএও অন্তৰ্ভুক্ত।৩০২৮ ভেনিজুৱেলাৰ সংকটৰ সময়ত মাচাডোৱে আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞাক সমৰ্থন কৰিছিল,৩০ আৰু মানৱীয় ভিত্তিত মাদুৰোক আঁতৰাবলৈ বিদেশী হস্তক্ষেপৰ পোষকতা কৰিছিল।৩১৩২ ২০২৩ চনত বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাইমাৰীত প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে।.৩৩৩৪ পৰৱৰ্তী সময়ত মাদুৰো প্ৰশাসনে তেওঁক নিৰ্বাচনত অৱতীৰ্ণ হোৱাত নিষেধাজ্ঞা আৰোপ কৰে।৩৫ তাৰ পিছত তেওঁ মূল বিৰোধী প্ৰাৰ্থী এডমুণ্ডো গনজালেজৰ মূল চালিকা শক্তি হৈ পৰে, যাক মাদুৰো শাসনে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিয়ে।৩৬

ঘৰুৱাভাৱে মাচাডোৱে ভেনিজুৱেলাৰ ৰাজনৈতিক কাৰ্যালয়ত পুনৰ নিৰ্বাচন নিষিদ্ধ কৰাৰ আহ্বান জনাইছে। ভেনিজুৱেলাত সমলিংগ বিবাহৰ তেওঁ পক্ষপাতী৷ তেওঁ চিকিৎসাত ভাং বৈধকৰণৰ সমৰ্থন কৰে৷ ইয়াৰ লগতে তেওঁ গৰ্ভপাতৰ বৈধতা সম্পৰ্কে ৰাষ্ট্ৰীয় বিতৰ্কৰ আহ্বান জনাইছে।৩৭

২০২৪ চনৰ এক সাক্ষাৎকাৰত মাচাডোৱে সকলো ভেনিজুৱেলাবাসীৰ বাবে শিক্ষা উপলভ্য কৰাৰ কথা কয়, আৰু ভেনিজুৱেলাৰ ন্যায়পালিকাৰ সংস্কাৰৰ কথা দোহাৰে।৩৮

২০১১ চনৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থীত্ব

২০১১ চনত মাচাডোৱে ২০১২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব আৰম্ভ কৰে।৩৯ লছ এঞ্জেলছ টাইমছে কয় যে তেওঁৰ নাম সম্ভাৱ্য প্ৰাৰ্থী হিচাপে উত্থাপন কৰা হৈছে৷৪০ ফাইনেন্সিয়েল টাইমছৰ মতে, মাচাডোক "বিৰোধীৰ নতুন মুখ বুলি অভিহিত কৰা হৈছিল... আনকি ৰাষ্ট্ৰপতি হুগো চাভেজেও ২০১২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁৰ সৈতে মুখামুখি হোৱাৰ কথা কৈছে।"৪১

২০১২ চনৰ ১৩ জানুৱাৰীত চাভেজে ৰাষ্ট্ৰীয় বিধানসভাত দিয়া বাৰ্ষিক ৰাষ্ট্ৰৰ অৱস্থাৰ ভাষণৰ সময়ত মাচাডোৱে তেওঁৰ সৈতে মৌলিক সামগ্ৰীৰ নাটনি, অপৰাধ আৰু মৌলিক উদ্যোগসমূহৰ ৰাষ্ট্ৰীয়কৰণৰ বিষয়ে মুখামুখি হয়।৪২ ২০১২ চনৰ প্ৰাইমাৰীত অক্টোবৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত চাভেজৰ বিৰুদ্ধে বিৰোধী প্ৰাৰ্থী হ'বলৈ বিজয়ী হৈছিল হেনৰিক কেপ্ৰিলেছ ৰাডনস্কি৷ এছ'চিয়েটেড প্ৰেছৰ মতে, মাচাডোৱে "ফল ঘোষণা কৰাৰ আগতে পৰাজয় স্বীকাৰ কৰিছিল৷ তেওঁ কৈছিল যে তেওঁ কেপ্ৰিলেছকো সক্ৰিয়ভাৱে সমৰ্থন কৰিব"।৪৩

ব্যক্তিগত জীৱন

মাচাডোৰ বিবাহ বিচ্ছেদ হৈছে আৰু তেওঁৰ তিনিটা সন্তান আছে৷১০ স্বদেশত মৃত্যুৰ ভাবুকি অহাৰ বাবে তেওঁৰ সন্তানসকল বিদেশত থাকে।৪৪

বঁটা আৰু স্বীকৃতি

  • ২০০৯ চনত ৯০০ আবেদনকাৰীৰ ভিতৰত মাচাডোক য়েল ৱৰ্ল্ড ফেল’ছ প্ৰগ্ৰেমত গ্ৰহণ কৰা ১৫ জনৰ ভিতৰত এজন হিচাপে নিৰ্বাচিত কৰা হয়। ৪৫ পিছলৈ মাচাডোৱে এই কাৰ্যসূচীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।১০
  • ২০১৫ চনত তেওঁক কাডিজ কৰ্টেছ আইবেৰ'-আমেৰিকান স্বাধীনতা বঁটাৰে সন্মানিত কৰা হয়।৪৬
  • ২০১৮ চনত মাচাডোক বিবিচিৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়।৪৭
  • ২০১৯ চনত মাচাডোৱে লিবাৰেল ইণ্টাৰনেশ্যনেলৰ পৰা স্বাধীনতাৰ বঁটা লাভ কৰে।৪৮ ৪৯
  • মাচাডোক ইউৰোপ পৰিষদে ২০২৪ চনৰ ভাক্লাভ হাভেল মানৱ অধিকাৰ বঁটা প্ৰদান কৰে।৫০ ৫১
  • ২০২৫ চনৰ এপ্ৰিল মাহত তেওঁক টাইম আলোচনীৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়।৫২
  • ২০২৫ চনৰ ১০ অক্টোবৰত মাচাডোৱে "ভেনিজুৱেলাৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ অক্লান্ত কাম আৰু একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ ন্যায়সংগত আৰু শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে কৰা সংগ্ৰামৰ বাবে" শান্তি নোবেল বঁটা লাভ কৰে।৫৩৫৪৫৫

তথ্যসূত্ৰ

  1. ↑ (12 February 2010). Comunicado de Súmate sobre renuncia de María Corina Machado. El Universal
  2. ↑ Kurmanaev, Anatoly. (23 December 2014). Venezuela Protests Drive Poor to Maduro as Death Toll Mounts. Business Week
  3. ↑ Garcia Cano, Regina. (26 October 2023). María Corina Machado is winner of Venezuela opposition primary that the government has denounced. Associated Press
  4. ↑ Armas, Mayela; Sequera, Vivian. (30 June 2023). Venezuela opposition candidate Machado barred from holding office-gov't. Reuters
  5. ↑ (27 January 2024). Venezuela's Supreme Court disqualifies opposition leader from running for president. Le Monde.fr. Agence France-Presse
  6. ↑ Vipers, Gareth. (10 October 2025). Nobel Peace Prize Awarded to Venezuelan Opposition Leader María Corina Machado. The Wall Street Journal
  7. ↑ (10 October 2025). Announcement, Nobel Peace Prize 2025. NobelPrize.org. Nobel Foundation
  8. ↑ (16 April 2025). María Corina Machado: The 100 Most Influential People of 2025. TIME
  9. ↑ Machado, María Corina. Mi experiencia
  10. ↑ (14 September 2016). María Corina. Vente Venezuela
  11. ↑ Boustany, Nora. (9 July 2004). Signing On To Challenge Hugo Chavez. The Washington Post. পৃ. A.15
  12. ↑ Forero, Juan. (19 November 2005). The Saturday Profile; Venezuela's Best-Loved, or Maybe Most-Hated, Citizen. The New York Times. পৃ. A4
  13. ↑ (2009). Maria Corina Machado. Yale Jackson School of Public Affairs
  14. ↑ O'Grady, Mary A. (10 June 2005). A Young Defender of Democracy Faces Chávez's Wrath. The Wall Street Journal. পৃ. A9
  15. ↑ (24 April 2006). María Corina Machado. El Universal
  16. ↑ (3 December 2005). Chavez Calls Watchdog Group a Top Enemy. CBS News Previously at this link, also available at LexisNexis and archive.wn.com. Accessed 24 February 2010
  17. ↑ (7 July 2005). Venezuela: Court Orders Trial of Civil Society Leaders. Human Rights Watch
  18. ↑ (July 2006). Chávez intends to frighten opposition with NGO Súmate trial, says US spokesman. El Universal
  19. ↑ (7 July 2005). Venezuela: Court Orders Trial of Civil Society Leaders. Human Rights Watch
  20. ↑ (16 July 2004). Democracy Activists in Venezuela Threatened. World Movement for Democracy
  21. ↑ (8 July 2005). Súmate Trial Decision. Embassy of the United States, Venezuela
  22. ↑ (11 November 2004). International Coalition Expresses Concern for Democracy in Venezuela: Havel, Albright, McCain among signatories of letter to Chavez. National Endowment for Democracy
  23. ↑ (1 August 2006). Lawmakers fail to interrogate Súmate directors. El Universal
  24. ↑ Ceaser, Mike. (5 July 2005). Anti-Chávez leader under fire. Christian Science Monitor
  25. ↑ (September 2008). A Decade Under Chávez: Political Intolerance and Lost Opportunities for Advancing Human Rights in Venezuela. Human Rights Watch. পৃ. 218
  26. ↑ Garcia Cano, Regina. (13 July 2023). Venezuela government's ban on longtime foe draws attention to the opposition's presidential primary. Associated Press News
  27. ↑ Santaeulalia, Inés; Singer, Florantonia. (27 June 2023). María Corina Machado: The radical opposition leader gaining momentum in Venezuela. El País
  28. ↑ Maza, Jesús. (30 June 2023). ¿Quién es Corina Machado, candidata opositora que lidera las encuestas para las Primarias 2023?. La República
  29. ↑ Pinero, Jesus. (19 November 2018). María Corina Machado, la dama de acero. El Estímulo
  30. ↑ Daniels, Joe. (29 June 2023). Venezuela's opposition frontrunner warns of further turmoil. Financial Times
  31. ↑ (2020). Venezuela: What Lies Ahead after Election Clinches Maduro's Clean Sweep. International Crisis Group. পৃ. 5–10
  32. ↑ Phillips, Tom; Torres, Patricia. (4 May 2019). 'Hope never dies': Venezuela opposition ponders what's next after failed uprising. The Guardian
  33. ↑ Reyes, Iván E.; Rodríguez, Ronny. (24 June 2023). María Corina: La derrota de este régimen ya empezó en las calles de Venezuela. Efecto Cocuyo
  34. ↑ Juan Diego Quesada; Inés Santaeulalia. (23 October 2023). María Corina Machado arrasa en las primarias de la oposición en Venezuela. El País
  35. ↑ Schmidt, Samantha; Sands, Leo. (29 July 2024). World leaders cast doubt on Maduro’s claim of victory in Venezuelan election. Washington Post
  36. ↑ Turkewitz, Julie; Herrera, Isayen; Fernandez, Adriana Loureiro. (24 July 2024). The ‘Iron Lady’ of Venezuela Threatens to Unseat Its Autocrat. The New York Times
  37. ↑ Toro, Felipe. (31 May 2023). María Corina Machado: 'We Must Privatize PDVSA'. Caracas Chronicles
  38. ↑ Pozzebon, Stefano. (26 July 2024). The woman behind Venezuela’s upstart opposition movement. CNN
  39. ↑ de la Rosa, Alicia. (11 July 2011). Diputada Machado anunciará su precandidatura el próximo domingo. El Universal
  40. ↑ Mogollon, Mery and Chris Kraul. (28 September 2010). Venezuela elections weaken Chavez's hold. Los Angeles Times Also at
  41. ↑ Mander, Benedict. (28 September 2010). Venezuela's opposition claims majority. Financial Times
  42. ↑ Wallis, Daniel and Andrew Cawthorne. (14 January 2012). Chavez says would respect Venezuela vote if loses. Reuters
  43. ↑ (12 February 2012). Venezuela's opposition picks Chavez's challenger. USA today. Associated Press
  44. ↑ (8 July 2023). 'The world is starting to understand we will defeat Maduro,' says Venezuelan opposition politician. CNN
  45. ↑ (24 April 2009). Yale University President Announces 2009 Yale World Fellows. Yale News
  46. ↑ (12 June 2015). López, Ledezma y Machado galardonados con el Premio Libertad Cortes de Cádiz. El Nacional
  47. ↑ (19 November 2018). BBC 100 Women 2018: Who is on the list?. BBC News
  48. ↑ (8 October 2019). LI Prize for Freedom 2019 awarded to Maria Corina Machado. liberal-international.org
  49. ↑ (2009). 2009: Maria Corina Machado. Yale University
  50. ↑ (30 September 2024). Venezuelan opposition figure Machado wins European rights award. France24
  51. ↑ Venezuelan opposition leaders awarded Europe's Sakharov Prize for democratic campaign. Reuters
  52. ↑ (16 April 2025). María Corina Machado: The 100 Most Influential People of 2025. TIME
  53. ↑ (10 October 2025). Announcement, Nobel Peace Prize 2025. NobelPrize.org. Nobel Foundation
  54. ↑ Vipers, Gareth. (10 October 2025). Nobel Peace Prize Awarded to Venezuelan Opposition Leader María Corina Machado. The Wall Street Journal
  55. ↑ The 2025 Nobel Peace Prize Announced - Food Formula. foodformula.site

সম্পৰ্কিত শ্ৰেণী

শান্তিৰ ন'বেল বঁটা বিজয়ীন’বেল বঁটা বিজয়ীৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিয়া ক'ৰিনা মাচাডো” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৬৬ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।