মাওঁ কোবায়াশী (: Mao Kobayashi; ২১ জুলাই ১৯৮২ – ২২ জুন ২০১৭ ) এগৰাকী জাপানী ফ্ৰিলেন্স সংবাদ পাঠিকা আৰু অভিনেত্ৰী আছিল। তেওঁ ফুজি টিভি-ৰ এগৰাকী বতৰ সংবাদ উপস্থাপক হিচাপেও কাম কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
কোবায়াশীৰ জন্ম ১৯৮২ চনত জাপানৰ অজিয়া, নিগাটাৰত হৈছিল। কোবায়াশী তেওঁলোকৰ দুজন সন্তানৰ ভিতৰত সৰু আছিল। হাইস্কুলত পঢ়ি থাকোঁতে টকিঅ’ৰ আৰাকাৱাত বসতি স্থাপন কৰাৰ আগতে তেওঁৰ পৰিয়ালটোৱে ছাইটামা, চাইটামা আৰু নিছিনোমিয়া, হ্যোগোৰ মাজত সাতবাৰ স্থানান্তৰিত হৈছিল।[1] তেওঁৰ ভগ্নীৰ নাম মায়া কোবায়াশী (জন্ম ১৯৭৯)।
কোবায়াশীয়ে কোকুগাকুইন চিনিয়ৰ হাইস্কুলত অধ্যয়ন কৰিছিল। ২০০৫ চনত ছফিয়া বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ছোৱাতেই তেওঁ নিপ্পন টিভিৰ টক শ্ব’ প্ৰগ্ৰেম ক'ই নো কাৰা সাৱাগিত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১ ২০০৩ চনৰ অক্টোবৰ মাহৰ পৰা ২০০৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে কোবায়াশীয়ে ফুজি টিভিৰ মেজামাছি শনিবাৰৰ বতৰ সংবাদ উপস্থাপক হিচাপে কাম কৰিছিল। ২৩২০০৪ চনৰ এপ্ৰিল মাহত ফুজি টিভিৰ জাংক স্প’ৰ্টছ অনুষ্ঠান টোৰ নিৰ্দিষ্ট অংশ পৰিচালনা আৰু উপস্থাপন কৰাৰ দায়িত্ব পাইছিল। ৪ ২০০৬ চনৰ অক্টোবৰ মাহত কোবায়াশী নিপ্পন টেলিভিছন নেটৱৰ্কৰ নিউজ জিৰ’ অনুষ্ঠানৰ উপস্থাপক হয়।৫৬৭
২০০৪ চনৰ জুন মাহত কোবায়াশীয়ে ফুজি টিভিৰ টেলিভিছন নাটক ডিভিজন ১: পিংক হিপ গাৰ্লত বিমান পৰিচাৰিকা হিচাপে অভিনয় জীৱনৰ আৰম্ভ কৰে।
পিছলৈ কোবায়াশীয়ে পৰিয়াল পালন কৰাৰ উদ্দেশ্য আগত ৰাখি পেছাদাৰী জীৱনৰ পৰা অৱসৰ লয়।৮
ব্যক্তিগত জীৱন
মাওঁ কোবায়াশী নিউজ জিৰ’ৰ এটা সাক্ষাৎকাৰৰ সময়ত কাবুকি অভিনেতা ইচিকাৱা এবিজো XIৰ সৈতে পৰিচিত হয়।৮ ২০০৯ চনৰ ১৯ নৱেম্বৰত তেওঁলোকে বিবাহৰ উদ্দেশ্যে একেলগে সম্পৰ্কত থকাৰ কথা ঘোষণা কৰে আৰু সেই বছৰৰে ডিচেম্বৰ মাহত আনুষ্ঠানিকভাৱে বাগ্দান কৰাৰ পৰিকল্পনা কৰে।৯১০ ২০১০ চনৰ ৩ মাৰ্চত তেওঁলোকে নিজৰ বিবাহ পঞ্জীয়ন কৰে আৰু ২৯ জুলাই ২০১০ তাৰিখে টকিঅ’ৰ দ্য প্ৰিন্স পাৰ্ক টাৱাৰত বিয়াৰ সংবর্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে।
২০১১ চনৰ ২৫ জুলাইত তেওঁলোকে প্ৰথম সন্তান—কন্যা ৰেইকা—ৰ জন্ম লাভ কৰে। তাৰ পিছত ২০১৩ চনৰ ২২ মাৰ্চত তেওঁলোকে দ্বিতীয় সন্তান—পুত্ৰ কাংগেন—ৰ জন্ম লাভ কৰে।
অসুস্থতা আৰু মৃত্যু
২০১৪ চনৰ অক্টোবৰ মাহত কোবায়াশীৰ স্তন কেন্সাৰ ধৰা পৰে, কিন্তু আৰম্ভণিতে তেওঁ এই অসুস্থতাৰ কথা গোপন কৰি ৰাখিছিল। ২০১৬ চনৰ ৯ জুনত টেবলয়ড স্প’ৰ্টছ হোচিয়ে তেওঁৰ এই অধ্যায়ৰ বিষয়ে প্ৰথম পৃষ্ঠাত মুখ্য শিৰোনাম হিচাপে প্ৰকাশ কৰাৰ পিছত তেওঁৰ স্বামীয়ে সংবাদমেলত কোবায়াশীৰ অসুস্থতাৰ কথা ৰাজহুৱা কৰে।১১ তেতিয়ালৈকে কেঞ্চাৰ চতুৰ্থ স্তৰত উপনীত হৈছিল আৰু তেওঁৰ হাড় আৰু হাওঁফাওঁলৈ বিয়পি পৰিছিল।১২১৩ ২০১৬ চনৰ নৱেম্বৰ মাহত বিবিচিএ তেওঁক বিবিচিৰ ২০১৬ চনৰ বাবে অন্যতম প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাৰ ‘১০০ মহিলা ২০১৬’ৰ তালিকাত অন্তৰ্ভুক্ত কৰে। অসুস্থতাৰ সৈতে তেওঁ কেনেদৰে সংগ্ৰাম কৰি আছিল, সেই অভিজ্ঞতা শ্বেয়াৰ কৰি তেওঁ “কোকোৰো” শীৰ্ষক এখন ব্লগ আৰম্ভ কৰিছিল। এই ব্লগটো জাপানত অতি জনপ্ৰিয় হৈ পৰিছিল আৰু বহু লোকক অনুপ্ৰাণিত কৰিছিল।১৪১৫
২০১৭ চনৰ ২২ জুনত কৰ্কট ৰোগত আক্ৰান্ত হৈ কোবায়াশীৰ মৃত্যু হয়।১২১৬
তথ্যসূত্ৰ
- ↑ (23 June 2017). 「恋のから騒ぎ」に姉と出演して人気/麻央さん略歴. Oricon
- ↑ (1 January 2025). めざまし土壌日 を天気キャスターの歴代はこちら. Entertainer Now
- ↑ (14 December 2016). フジテレビ「めざましどようび」アナウンサー&キャスター出演者一覧. Doudemo E- Site
- ↑ (出演ゲストデータ) 小林 麻央 こばやし まお. Fuji TV official profile
- ↑ (3 October 2006). ZEROスタート!!. Ameba Mao Kobayashi official blog
- ↑ (22 June 2017). 麻央さん キャスターとして、妻・母として. NTV News
- ↑ (10 June 2025). ラルフ鈴木アナ『NEWS ZERO』ファミリーで小林麻央さんの墓参り「我々を優しく包み込んでくれます」. Oricon
- ↑ (23 June 2017). TV presenter Mao Kobayashi dies of breast cancer at 34. Mainichi Daily News
- ↑ 「市川海老蔵さんと小林麻央さん結婚へ」 ("Ichikawa Ebizō and Mao Kobayashi to Marry.")。Asahi Shimbun. 19 November 2009. Accessed 22 November 2009
- ↑ (20 November 2009). 海老蔵 年貢の納め時?小林麻央と婚約へ. Sports Nippon
- ↑ (10 June 2016). TV presenter Kobayashi has advanced cancer, says actor husband Ebizo. The Japan Times
- ↑ (23 June 2017). TV presenter Mao Kobayashi, 34, dies after battle with cancer. The Japan Times
- ↑ BBC 100 Women 2016: Who is on the list?, 21 November 2016
- ↑ (23 November 2016). 100 Women 2016: Kokoro - the cancer blog gripping Japan. BBC News Online. BBC
- ↑ (23 November 2016). がんと闘病の小林麻央さん、BBCに寄稿 「色どり豊かな人生」. BBC News Japan. BBC
- ↑ (23 June 2017). 小林麻央さん亡くなる. NHK News Web. NHK
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাওঁ কোবায়াশী” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৫২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।