অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাই ভাগো

মাতা ভাগ কৌৰ নামেৰেও পৰিচিত মাই ভাগো ১৭০৫ চনত মোগলৰ বিৰুদ্ধে শিখ সৈনিকৰ নেতৃত্ব দিয়া এগৰাকী শিখ যুঁজাৰি মহিলা। যুদ্ধক্ষেত্ৰত এগৰাকী ব্যতিক্ৰমী দক্ষ যোদ্ধা আছিল আৰু শিখ ধৰ্মত এগৰাকী যোদ্ধা সন্ত হিচাপে তেওঁক শ্ৰদ্ধা কৰা হয়।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৬ ৫১৯ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মাতা ভাগ কৌৰ নামেৰেও পৰিচিত মাই ভাগো ১৭০৫ চনত মোগলৰ বিৰুদ্ধে শিখ সৈনিকৰ নেতৃত্ব দিয়া এগৰাকী শিখ যুঁজাৰি মহিলা। যুদ্ধক্ষেত্ৰত এগৰাকী ব্যতিক্ৰমী দক্ষ যোদ্ধা আছিল আৰু শিখ ধৰ্মত এগৰাকী যোদ্ধা সন্ত হিচাপে তেওঁক শ্ৰদ্ধা কৰা হয়। আনন্দপুৰ চাহাবৰ ঘেৰাওত গুৰু গোবিন্দ সিংহক পৰিত্যাগ কৰা ৪০ জন শিখ (চালি মুক্তে)ক একত্ৰিত কৰি যুদ্ধলৈ ঘূৰাই অনাৰ বাবে তেওঁ পৰিচিত আছিল।

জীৱনী

প্ৰাথমিক জীৱন

মাই ভাগো গুৰুদ্বাৰা
মাই ভাগো গুৰুদ্বাৰাছবি: Ffgghhjj123 · CC BY-SA 4.0

মাই ভাগোৰ জন্ম হৈছিল জাট পৰিয়ালত,১২৩ তেওঁৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ গাঁও চাভল কলনত, বৰ্তমানৰ পঞ্জাৱৰ তৰ্ণ তৰণ জিলাৰ ঝাবল কলনত থকা এটা শিখ পৰিয়ালত।৪ মাই ভাগো জন্ম-সূত্ৰে এগৰাকী অটল শিখ আৰু তেওঁৰ লালন-পালন আছিল এক ভক্তিময় শিখ পৰিয়ালত। মাই ভাগোৰ পিতৃ মালো শ্বাহে গুৰু হৰগোবিন্দৰ সেনাবাহিনীত নামভৰ্তি কৰিছিল৫ আৰু পিতৃৰ দৰে মাই ভগোৱেও শাস্তৰ বিদ্যা (অস্ত্ৰৰ প্ৰশিক্ষণ) শিকিছিল। মাই ভগো ভাই পেৰো শ্বাহৰ নাতিনী আছিল যি পঞ্চম শিখ গুৰু গুৰু অৰ্জন দেৱ (১৫৬৩–১৬০৬)ৰ সময়ত শিখ ধৰ্ম গ্ৰহণ কৰা ৮৪খন গাঁৱৰ প্ৰধান বিখ্যাত ভাই লংগাহৰ কনিষ্ঠ ভাতৃ আছিল।৬৭ তেওঁৰ দুজন ভাতৃ আছিল দিলবাগ সিং আৰু ভাগ সিং।৮ সৰুতে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক গুৰু গোবিন্দ সিঙৰ দৰ্শন (আভাস) কৰিবলৈ আনন্দপুৰ চাহাবলৈ লৈ গৈছিল। পট্টিৰ ভাই নিধান সিংহৰ সৈতে তেওঁৰ বিবাহ হয়।৯

মোগলৰ সংঘৰ্ষ

গুৰুজনক দখল কৰাৰ প্ৰয়াসত সম্ৰাট ঔৰংজেবৰ নিৰ্দেশত ৱাজিৰ খানৰ (চিৰহিন্দৰ) নেতৃত্বত বৃহৎ মোগল সৈন্যই লাহোৰ আৰু কাশ্মীৰৰ মোগল সেনাৰ সমান্তৰালভাৱে আনন্দপুৰ চাহাবলৈ যায়।১০

চলি মুক্তে (৪০ জন "মুক্ত" শিখ) স্বাধীন কৰা

১৭০৪ চনৰ আশে-পাশে১১ মোগল পাহাৰীয়া মুখিয়ালসকলে আনন্দপুৰ চাহাবক ঘেৰি ধৰিছিল আৰু খাদ্যৰ ব্যৱস্থা বন্ধ কৰি ইয়াক খালী কৰিবলৈ দাবী জনাইছিল আৰু কেইমাহমানৰ ঘেৰাও চলাইছিল।১২ তেওঁলোকে ঘোষণা কৰে যে যিকোনো শিখে ক'ব যে "তেওঁ আৰু গুৰু গোবিন্দ অনুগামী শিখ নহয়", তেওঁক অস্পৃশ্য কৰি ৰখা হ'ব আৰু "মৃত্যুসম" কৰা হ'ব। মহান সিং ৰাতৌলৰ নেতৃত্বত ৪০ জনীয়া শিখ (চালি মুক্তে)১৩ এটা দলে গুৰু গোবিন্দ সিঙক কয় যে তেওঁলোক এতিয়া তেওঁৰ শিখ নহয়। গুৰুৱে তেওঁলোকক ক'লে যে "আমি আৰু আপোনালোকৰ শিখ নহয়" বুলি লিখা এখন নথি লিখি চহী কৰিব লাগিব। চল্লিছজন শিখে (এজনৰ বাহিৰে: ‘বেদাৱ’) এই নথিখনত নিজৰ নাম লিখিছিল, আৰু গুৰু গোবিন্দ সিংহক এৰি থৈ গৈছিল।

মাই ভগোৰ প্ৰতিশোধ

গুৰু গোবিন্দ সিংহৰ হকে যুঁজিবলৈ আনন্দপুৰলৈ যোৱা তেওঁৰ চুবুৰিৰ শিখ কেইজনমানে প্ৰতিকূল পৰিস্থিতিত তেওঁক এৰি থৈ যোৱা কথা শুনি মাই ভাগো বিচলিত হৈ পৰিল। তেওঁ সিহঁতক মুকলিকৈ সমালোচনা কৰিছিল; তেওঁৰ ঠাট্টা শুনি এই শিখসকলে তেওঁলোকৰ বিশ্বাসঘাতকতাত লাজ পাইছিল।১৪মাই ভাগোৱে পলায়নকাৰীসকলক একত্ৰিত কৰিলে, আৰু গুৰুজনক লগ ধৰি তেওঁৰ ওচৰত ক্ষমা খুজিবলৈ মান্তি কৰিলে। তেওঁ সিহঁতৰ লগত (আৰু আন কিছুমান শিখৰ লগত) মালৱা পাৰ হৈ যোৱা গুৰুজনক বিচাৰিবলৈ ৰাওনা হ’ল।

গুৰুৰ আনন্দপুৰ গড় ত্যাগ

কোৰআনৰ প্ৰতিলিপিত ঔৰংজেবৰ স্বাক্ষৰিত শপত লৈ এজন দূত উপস্থিত হৈ গুৰুজনক আশ্বাস দিলে যে যদি তেওঁ দুৰ্গৰ পৰা ওলাই আহে তেন্তে সন্মানীয় চৰ্তত স্থায়ী শান্তিৰ আলোচনা হ’ব। সম্ৰাটৰ শপতক আৰু অধিক সমৰ্থন কৰে মোগল সেনাৰ সকলো জেনেৰেল আৰু পাহাৰীয়া মুৰব্বীসকলৰ স্বাক্ষৰিত শপতে।১৫ গুৰু গোবিন্দ সিঙে এই আশ্বাসবোৰক বিশ্বাস কৰা নাছিল,১৬ কিন্তু মোগলৰ প্ৰকৃত মুখ দেখুৱাবলৈ গুৰুজনে তথাপিও দুৰ্গটো এৰি যোৱাৰ সিদ্ধান্ত লয়।

গুৰু পৰিয়ালৰ বিচ্ছেদ

ইফালে গুৰু গোবিন্দ সিঙে আনন্দপুৰৰ গড় খালী কৰে। ইতিমধ্যে তেওঁৰ সন্তানসকলক বিশ্বাসঘাতক মোগল সেনা আৰু পাহাৰীয়া মুৰব্বীসকলে ৰিট্ৰিটত পৃথক কৰি পেলাইছিল। কনিষ্ঠ দুজন সাহিবজাদা জোৰাৱাৰ সিং আৰু সাহিবজাদা ফাতেহ সিং আইতাক মাতা গুজৰি (গুৰু গোবিন্দ সিং জীৰ মাতৃ)ৰ লগত গৈছিল আৰু ডাঙৰ দুজন সাহিবজাদা অজিত সিং আৰু সাহিবজাদা ঝুঝাৰ সিং পিতৃৰ লগত গৈছিল। চামকৌৰ যুদ্ধত গুৰুজনাৰ জ্যেষ্ঠ পুত্ৰক হত্যা কৰি শ্বহীদ লাভ কৰে। পাঞ্জ প্যাৰেৰ আদেশত গুৰুৱে চামকৌৰ এৰি গুচি গ'ল।১৭ গুৰু গোবিন্দ সিঙৰ সৈন্যই ঔৰংজেবৰ সাম্ৰাজ্যবাদী মোগল শক্তিৰ সৈতে দিনে নিশাই মালভা অঞ্চলৰ জংঘলৰ মাজেৰে যাত্ৰা কৰিছিল।১৮

তথ্যসূত্ৰ

  1. ↑ Thornton, S. A. (2008). The Oxford Encyclopedia of Women in World History. Oxford University Press. পৃ. 226. ISBN 978-0-19-514890-9
  2. ↑ Smith, Bonnie G. (2008). The Oxford Encyclopedia of Women in World History. Oxford University Press. পৃ. 226. ISBN 978-0-19-514890-9
  3. ↑ Gayer, Laurent. (2012). Politique et religions en Asie du Sud: le sécularisme dans tous ses états?. Éditions de l’École des hautes études en sciences sociales. পৃ. 287. ISBN 978-2-7132-2323-5
  4. ↑ Search Gurbani: Gurbani Research Website. www.searchgurbani.com
  5. ↑ Smith, Bonnie. (2008). The Oxford encyclopedia of Women in World History, Volume 4. Oxford University Press. পৃ. 226. ISBN 9780195148909
  6. ↑ Dalbir Singh Dhillon. (1988). Sikhism Origin and Development. Atlantic Publishers & Distributors. পৃ. 152
  7. ↑ Sagoo, Harbans. (2001). Banda Singh Bahadur and Sikh Sovereignty. Deep & Deep Publications. ISBN 9788176293006
  8. ↑ Nihang, Nidar; Singh, Parmjit. (2008). In the Master's Presence: the Sikh's of Hazoor Sahib. Kashi House. পৃ. 54. ISBN 9780956016829
  9. ↑ Arneja, Simran. (2009). Ik Onkar One God. Simran Kaur Arneja. পৃ. 102. ISBN 9788184650938
  10. ↑ Shaw, Jeffrey; Demy, Timothy. (2017). War and Religion: an Encyclopedia of Faith and Conflict. ABC-CLIO. পৃ. 576. ISBN 9781610695176
  11. ↑ Fenech, Louis. (2013). The Sikh Zafar-namah of Guru Gobind Singh: A Discursive Blade in the Heart of The Mughal Empire. Oxford University Press. পৃ. 18. ISBN 9780199931453
  12. ↑ Singh, Teja; Jaggi, Rattan. (1988). Essays in Sikhism. Languages Department Punjab. পৃ. 57
  13. ↑ Singh, Harbans. (2005). The Encyclopedia of Sikhism. Hemkunt Press. পৃ. 42. ISBN 9788170103011
  14. ↑ Kohli, M. S. (2003). Miracles of Ardaas: Incredible Adventures and Survivals. Indus Publishing. পৃ. 168. ISBN 9788173871528
  15. ↑ Singh, Harjinder. Brave Shaheeds of Chamkaur Sahib. Akaal Publishers. পৃ. 1
  16. ↑ Anand, T K. (2005). Essence of Sikhism – 7. Vikas Publishing House. পৃ. 37. ISBN 9788125919483
  17. ↑ Singh, Pushpendra. (2015). The Hawk Hunters. Leadstart Publishing Pvt Ltd. ISBN 9789352013395
  18. ↑ Randhir, G. S. (2016). Sikh Shrines in India. Publications Division Ministry of Information & Broadcasting. ISBN 9788123022604

সম্পৰ্কিত শ্ৰেণী

শিখ মহিলা যোদ্ধা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাই ভাগো” প্ৰবন্ধৰ সংশোধন ৫৮১৫০৬ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।