
মূৰ হিছাপে চিষ্টিন্ চেপেল চিলিঙৰ আত্মপ্ৰতিকৃতি]]
মাইকেলেঞ্জেল' ডি ল'ড'ভিক' বুনাৰ'ত্তি চিম'নি ১ (৬ মাৰ্চ ১৪৭৫ – ১৮ ফেব্ৰুৱাৰী ১৫৬৪), বা চমুকৈ মাইকেলেঞ্জেল আছিল ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা। পশ্চিমীয়া কলাৰ বিকাশত তেওঁৰ অৱদান অপৰিসীম।২ কলাৰ বাহিৰে আন দিশত তেওঁৰ চৰ্চা কম হ'লেও যিকোনো ক্ষেত্ৰতে তেওঁৰ পাৰদৰ্শিতাৰ বাবে আন এজন ইটালীয় লিঅ'নাৰ্ড' দা ভিন্সিৰ লগত তেওঁক নৱজাগৰণৰ 'বহুমুখী প্ৰতিভাৰ ব্যক্তি' বুলি কোৱা হয়।
মাইকেলেঞ্জেল'ক তেওঁৰ জীৱনকালৰ সৰ্বশ্ৰেষ্ঠ কলাকাৰ বুলি ভবাৰ লগতে এতিয়া সৰ্বকালৰ শ্ৰেষ্ঠ শিল্পীসকলৰ এজন বুলি গণ্য কৰা হয়।২ তেওঁৰ বহুসংখ্যক ছবি, ভাস্কৰ্য আৰু স্থপতিৰ নিদৰ্শন পৃথিৱী বিখ্যাত।২ দীৰ্ঘ জীৱনকালত প্ৰতি ক্ষেত্ৰতে কৰা তেওঁৰ কাৰ্যই দক্ষতাৰ পৰিচয় দিছিল। তেওঁৰ বৃহৎ পৰিমাণৰ চিঠি-পত্ৰ, নক্সা, স্মৃতিচাৰণ আদিৰ হিছাপত তেওঁ ১৬শ শতিকাৰ আটাইতকৈ বেছি উল্লেখ থকা শিল্পী। তেওঁ ত্ৰিশবছৰীয়া হোৱাৰ আগতেই দুই বিখ্যাত কৰ্ম "পিয়েটা" আৰু ডেভিদৰ সমাপণ কৰিছিল। নিজৰ চিত্ৰকৰ্মৰ ওপৰত তেওঁৰ উচ্চ অভিমত নাছিল। তথাপিও পশ্চিমীয়া কলাৰ ইতিহাসৰ অন্যতম দুই প্ৰভাৱশালী ফ্ৰেস্ক' চিত্ৰকৰ্ম চিষ্টিন্ চেপেল চিলিঙত সৃষ্টিৰ দৃশ্যাৱলী আৰু চিষ্টিন্ চেপেলৰ দেৱালত "দা লাষ্ট জাজ্মেণ্ট" তেওঁৰেই দান। স্থপতিবিদ ৰূপে তেওঁ আছিল লৰেচিয়ান লাইব্ৰেৰীৰ 'মেনাৰিজম' শৈলীৰ হোতা। ৭৪ বছৰ বয়সত তেওঁ এন্টনিঅ' দা চাংগেল' কনিষ্ঠৰ ঠাইত ছেইণ্ট পিটাৰ্ছ বেছিলিকাৰ মুখ্য স্থপতিবিদ হিছাপে নিযুক্তি পায়। তাৰ পশ্চিম অংশটো মাইকেলেঞ্জেল'ৰ নক্সামতে সজা হয়। তাৰ টুপটো তেওঁৰ মৃত্যুৰ পিছত কিছু সালসলনিৰে সম্পূৰ্ণ হয়।
মাইকেলেঞ্জেল'ৰ প্ৰতিভাৰ আন এক উদাহৰণ হ'ল যে জীৱিত কালত জীৱনী প্ৰকাশ পোৱা তেৱেঁই আছিল প্ৰথম পশ্চিমীয়া শিল্পী।৩ তেওঁৰ জীৱনকালত দুখন জীৱনী প্ৰকাশ পাইছিল। তাৰে জৰ্জিঅ' ভাচাৰিয়ে লিখাখনত কোৱা হৈছিল যে নৱ-জাগৰণৰ আৰম্ভণিৰে পৰা তেওঁ কলাত্মক দক্ষতাৰ শীৰ্ষত আছিল। শতিকাজুৰি কলাৰ ইতিহাসত এই অভিমতৰ কোনো বিৰোধী নাই। তেওঁৰ জীৱনকালত তেওঁক Il Divino ("দৈৱিক জন") বুলিও সন্মান জনোৱা হৈছিল।৪ তেওঁৰ সমসাময়িকসকলে প্ৰশংসা কৰা তেওঁৰ এক গুণ আছিল terribilità বা সন্মান আদায় কৰিব পৰা মহত্বতা। পিছৰ যুগৰ শিল্পীসকলে মাইকেলেঞ্জেল'ৰ ব্যক্তিগত শৈলী অনুকৰণ কৰিব খোজাৰ ফলতে মেনাৰিজমৰ সূত্ৰপাত হৈছিল, যি উচ্চ নৱজাগৰণৰ পিছত পশ্চিমীয়া কলাজগতৰ এক গুৰুত্বপূৰ্ণ বিপ্লৱ।
পাদটীকা
a. Michelangelo's father marks the date as 6 March 1474 in the Florentine manner ab Incarnatione. However, in the Roman manner, ab Nativitate, it is 1475. b. Sources disagree as to how old Michelangelo was when he departed for school. De Tolnay writes that it was at ten years old while Sedgwick notes in her translation of Condivi that Michelangelo was seven. c. The Strozzi family acquired the sculpture Hercules. Filippo Strozzi sold it to Francis I in 1529. In 1594, Henry IV installed it in the Jardin d'Estang at Fontainebleau where it disappeared in 1713 when the Jardin d'Estange was destroyed. d. Vasari makes no mention of this episode and Paolo Giovio's Life of Michelangelo indicates that Michelangelo tried to pass the statue off as an antique himself.
অতিৰিক্ত পঠন
- Ackerman, James. (1986). The Architecture of Michelangelo. University of Chicago Press. ISBN 978-0226002408
- Clément, Charles. (1892). Michelangelo. S. Low, Marston, Searle, & Rivington, ltd.: London
- Condivi, Ascanio. (1553). The Life of Michelangelo. Pennsylvania State University Press. ISBN 0-271-01853-4
- Baldini, Umberto. (1982). The Sculpture of Michelangelo. Rizzoli. ISBN 0-8478-0447-x
- Einem, Herbert von (1973). Michelangelo. Trans. Ronald Taylor. London: Methuen.
- Gilbert, Creighton (1994). Michelangelo On and Off the Sistine Ceiling. New York: George Braziller.
- Hibbard, Howard (1974). Michelangelo. New York: Harper & Row.
- Hirst, Michael and Jill Dunkerton. (1994) The Young Michelangelo: The Artist in Rome 1496–1501. London: National Gallery Publications.
- Liebert, Robert. (1983). Michelangelo: A Psychoanalytic Study of his Life and Images. Yale University Press. ISBN 0-300-02793-1
- Néret, Gilles. (2000). Michelangelo. Taschen. ISBN 9783822859766
- Pietrangeli, Carlo, et al. (1994). The Sistine Chapel: A Glorious Restoration. New York: Harry N. Abrams
- Sala, Charles. (1996). Michelangelo: Sculptor, Painter, Architect. Editions Pierre Terrail. ISBN 978-2879390697
- Saslow, James M. (1991). The Poetry of Michelangelo: An Annotated Translation. New Haven and London: Yale University Press.
- Rolland, Romain. (2009). Michelangelo. BiblioLife. ISBN 1110003536
- Seymour, Charles, Jr. (1972). Michelangelo: The Sistine Chapel Ceiling. New York: W. W. Norton.
- Stone, Irving. (1987). ((The Agony and the Ecstasy (novel)|The Agony and the Ecstasy)). Signet. ISBN 0-451-17135-7
- Summers, David (1981). Michelangelo and the Language of Art. Princeton University Press.
- Tolnay, Charles. (1947). The Youth of Michelangelo. Princeton University Press
- Tolnay, Charles de. (1964). The Art and Thought of Michelangelo. 5 vols. New York: Pantheon Books.
- Wallace, William E. (2011). (www.themontrealreview.com/2009/Michelangelo-the- Michelangelo: The Artist, the Man and his Times). Cambridge University Press. ISBN 1107673690
- Wilde, Johannes (1978). Michelangelo: Six Lectures. Oxford: Clarendon Press.
বহিঃ সংযোগ
- Where to find Michelangelo's works in Florence
- "The Divine Michelangelo – Timeline of Michelangelo's Life and Major Works"
- Michelangelo in the "A World History of Art"
- Michelangelo in the "Vatican Secret Archives" A letter by Michelangelo
- Photographs of details at the Campidoglio
- The Digital Michelangelo Project
- The BP Special Exhibition Michelangelo Drawings – closer to the master
- Michelangelo's Drawings: Real or Fake? How to decide if a drawing is by Michelangelo.
- Models he used to make his sculptures and paintings
- Januszczak, Waldemar. The Michelangelo Code. The Sunday Times, suggesting Michelangelo's coded use of his knowledge of anatomy.
- "Michelangelo: The Man and the Myth"
তথ্যসূত্ৰ
- ↑ Web Gallery of Art, image collection, virtual museum, searchable database of European fine arts (1100–1850). wga.hu
- ↑ Michelangelo biography. Encyclopædia Britannica
- ↑ Michelangelo. (2008). Encyclopædia Britannica. Ultimate Reference Suite
- ↑ Emison, Patricia. A. (2004). Creating the "Divine Artist": from Dante to Michelangelo. Brill. ISBN 9789004137097
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইকেলেঞ্জেল'” প্ৰবন্ধৰ সংশোধন ৬৩১৩০৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।