অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মাইক, এক মুণ্ডবিহীন কুকুৰা

মাইক, এক মুণ্ডবিহীন কুকুৰা (২০ এপ্ৰিল, ১৯৪৫ - ১৭ মাৰ্চ, ১৯৪৭), যাক বিস্ময়কৰ কুকুৰা হিচাপেও জনা যায়, আচলতে মুণ্ডচ্ছেদ কৰাৰ পাছতো ১৮ মাহ জীয়াই থকা এটা Wyandotte chicken প্ৰজাতিৰ কুকুৰা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মাইক, এক মুণ্ডবিহীন কুকুৰা (২০ এপ্ৰিল, ১৯৪৫ - ১৭ মাৰ্চ, ১৯৪৭), যাক বিস্ময়কৰ কুকুৰা১ হিচাপেও জনা যায়, আচলতে মুণ্ডচ্ছেদ কৰাৰ পাছতো ১৮ মাহ জীয়াই থকা এটা Wyandotte chicken প্ৰজাতিৰ কুকুৰা। প্ৰথমতে এই কথাটো গৰিষ্ঠসংখ্যকে উৰাবাতৰি বুলি ভাবিছিল যদিও কুকুৰাটো গৰাকীয়ে ইউটাহ বিশ্ববিদ্যালয়লৈ নি পাছত এই কথাটো প্ৰতিপন্ন কৰে।১২

মুণ্ডচ্ছেদ

১৯৪৫ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে কলৰাডোৰ ফ্ৰুটিয়া নিবাসী কৃষক লইড ওলছেনে ৰাতিৰ সাঁজ খাবৰ বাবে তেওঁৰ ঘৈণীয়েকৰ মতামত অনুসৰি খাবৰ বাবে কুকুৰা মাংস কিনিবলৈ যায়। ওলছেনে গৈ চাৰে পাঁচমহীয়া Wyandotte chicken প্ৰজাতিৰ কুকুৰা 'মাইক'ক কিনি আনে। কুকুৰাটো কাটোতে মূৰটো ছেদ হ'ল, কিন্তু এখন কাণ আৰু মস্তিষ্কৰ শিৰা (brain stem) থাকি যায়।৩৪ ফলত কুকুৰাটোৰ মৃত্যু নঘটে আৰু সি পুনৰ তেনেদৰেই খোজ কঢ়া মেলা কামবোৰ, মাত মতা, খাদ্য বিচৰা আদি কৰি থাকিব পৰা হয়। কুকুৰাটোৰ তেনে অৱস্থা দেখি ওলছেনে তাৰ প্ৰতিপালন কৰাৰ সিদ্ধান্ত লয় আৰু ড্ৰপাৰৰ জৰিয়তে তাক গাখীৰ-পানীৰ এটা মিশ্ৰণ খাদ্য হিচাপে যোগান ধৰে।

জনাজাত

মাইকৰ কথাটো গম পোৱাৰ লগে লগে ই বিখ্যাত হৈ পৰে আৰু কুকুৰাটোৰ ফটো টাইম, লাইফ আদি বিখ্যাত আলোচনীতো ঠাই পায়।৩ ২৫ চেণ্টৰ টিকটৰ বিনিময়ত তাক চাবলৈ জনসাধাৰণক সুবিধা কৰি দিয়া হৈছিল আৰু তাৰ ফলত মালিক ওলছেনে প্ৰায় ৪,৫০০ আমেৰিকান ডলাৰ (বৰ্তমান ৪৮,৩০০) আৰ্জন কৰিছিল।

মৃত্যু

১৯৪৭ চনৰ মাৰ্চৰ এক নিশাত কুকুৰাটোৰ মৃত্যু ঘটে।

তথ্যসূত্ৰ

  1. ↑ (2007). Mike's Story. Mike the Headless Chicken
  2. ↑ (10 September 2015). The chicken that lived for 18 months without a head. BBC News Online
  3. ↑ Lloyd, John; Mitchinson, John. (2006). The Book of General Ignorance. Faber and Faber. ISBN 0-571-23368-6
  4. ↑ (1945-10-29). The Rooster. Time Inc

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইক, এক মুণ্ডবিহীন কুকুৰা” প্ৰবন্ধৰ সংশোধন ৬৩১১৯০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।