মহলাঘা জাবেৰী দশতেস্তানী (ফাৰ্চী ভাষা: مهلقا جابری, জন্ম ১৭ জুন ১৯৮৯) হৈছে এগৰাকী ইৰানী ইনফ্লুৱেনচাৰ আৰু ইনষ্টাগ্ৰাম মডেল। ছচিয়েল মিডিয়াত নিজৰ ডিজিটেলভাৱে পৰিৱৰ্তিত ছবিসমূহ শ্বেয়াৰ কৰি ইৰানী আৰু আৰব ব্যৱহাৰকাৰীসকলৰ মাজত ২০১০-ৰ দশকৰ আৰম্ভণিতে তেওঁ বিশেষভাৱে পৰিচিত হৈ পৰিছিল।১২
প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন
মহলাঘা জাবেৰীৰ জন্ম ১৯৮৯ চনৰ ১৭ জুনত ইৰানৰ ইচফাহানত হৈছিল। চাৰি গৰাকী ভগ্নীৰ ভিতৰত আটাইতকৈ সৰু মহলাঘা আৰু তেওঁৰ ভগ্নী আৰেজুৱে (যিয়ে এগৰাকী মডেল হিচাপেও কাম কৰিছিল) তেওঁলোকৰ ডাঙৰ ভগ্নী তথা পেছাদাৰী ফটোগ্ৰাফাৰ ৰাহেলেহে গ্ৰহণ কৰা ফটোগ্ৰাফী প্ৰকল্পৰ বাবে পোজ দি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৩৪
কিশোৰ অৱস্থাতে জাবেৰীয়ে ইৰানী বিউটি চেলুন আৰু ব্ৰাইডেল ফেশ্বন হাউচসমূহৰ বাবে মডেলিং কৰিবলৈ আৰম্ভ কৰে।৫ ১৯ বছৰ বয়সত তেওঁ কেলিফৰ্ণিয়াত মডেলিং কেৰিয়াৰ গঢ়িবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ স্থানান্তৰিত হয়। ২০০৯ চনত তেওঁ ডাঙৰ ভগ্নী ৰাহেলেহৰ সৈতে মিলি ষ্টক ফটোগ্ৰাফী ৱেবচাইট ড্ৰিমচটাইমৰ বাবে প্ৰথমটো পেছাদাৰী ফটোশ্বুট সম্পূৰ্ণ কৰে।৬ ২০১২ চনত চান ডিয়েগোত নেগাহ মেগাজিন-ৰদ্বাৰা আয়োজিত এটা ইৰানী ফেশ্বন শ্ব’ত ব্ৰাইডেল মডেল হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে ৰেম্প ৱাক কৰে।৭৮ পৰৱৰ্তী বছৰত তেওঁ ইৰানী ডিজাইনাৰ পেদ্ৰাম পাশা তাহেৰী (পেদ্ৰাম কাউচাৰৰ প্ৰতিষ্ঠাপক) লগতে আমেৰিকান ডিজাইনাৰ মাইকেল কষ্টেলো আৰু ৱাল্টাৰ মেণ্ডেজৰ সৈতে কাম কৰি বিভিন্ন বিজ্ঞাপন প্ৰচাৰ আৰু ৰেম্প শ্ব’ত অংশগ্ৰহণ কৰি নিজৰ পৰিসৰ বহল কৰে।৯১০১১১২১৩
২০১৪ আৰু ২০১৫ চনৰ সময়ছোৱাত তেওঁ লছ এঞ্জেলছ ফেশ্বন ৱিকত পেদ্ৰাম কাউচাৰ, ষ্টেলো, ৱাল্টাৰ মেণ্ডেজ আৰু ৰোচেল কাৰিনোকে ধৰি বিভিন্ন ব্ৰেণ্ডৰ হৈ সঘনে ৰেম্প ৱাক কৰিছিল।১৪১৫১৬
পিছলৈ ২০১৮ চনত জাবেৰীয়ে চৌদি ব্ৰেণ্ড ইমান আলাজলানৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে আৰু অৱশেষত ২০২১ চনত কান চলচ্চিত্ৰ মহোৎসৱ-ত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱাৰ সময়ত ডিজাইনাৰগৰাকীৰ এটা গাউন পৰিধান কৰে।১৭১৮১৯
২০২৩ চনৰপৰা তেওঁ ৰিয়াদৰ ছালৰ ৰোগ বিশেষজ্ঞ ডা° ফাদী নাচৰৰ মালিকানাধীন গ্লমাৰ বিউটি ক্লিনিকৰ বিজ্ঞাপনৰ মুখ হিচাপে কাম কৰি আহিছে, য’ত তেওঁ নিজেও সৌন্দৰ্য্যবৰ্ধন চিকিৎসা গ্ৰহণ কৰে।২০২১২২২৩
২০২৩ চনত জাবেৰীয়ে চৌদি পাৰফিউম ব্ৰেণ্ড ইব্ৰাহিম আল-কুৰাছীৰ সৈতেও এটা বিজ্ঞাপনত কাম কৰে আৰু তেওঁলোকৰ "পিংক ডায়মণ্ড" সুগন্ধিৰ অফিচিয়েল প্ৰচাৰমূলক ভিডিঅ’ত অংশ লয়।২৪২৫
ব্যক্তিগত জীৱন
২০২৫ চনৰ আগষ্ট মাহত জাবেৰীয়ে আৰমিন আচদয়াৰীৰ সৈতে তেওঁৰ আঙঠি পিন্ধোৱা পৰ্ব অৰ্থাৎ বাগ্দান সম্পন্ন হোৱাৰ কথা ঘোষণা কৰে, যিটো সেই বছৰৰ জুন মাহতে হৈছিল। ইয়াৰ পিছত এই যুগলে ২০২৬ চনৰ জুন মাহৰ শেষৰফালে আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হয়।২৬২৭



বিতৰ্ক আৰু সমালোচনা

সমালোচনা
ফটো পুনৰীক্ষণ (ৰিটাচিং) আৰু চকুৰ ৰং
২০১১ চনত জাবেৰীয়ে ফেচবুক আৰু মাইস্পেচৰ দৰে প্লেটফৰ্মত দৈনিক নিজৰ ছবি (প্ৰধানকৈ সৌন্দৰ্য্যবৰ্ধন কৰা চেলফি) পোষ্ট কৰি ইৰানী আৰু আৰব ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত ব্যাপক দৃষ্টি আকৰ্ষণ কৰে, যিয়ে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধিত যথেষ্ট সহায় কৰিছিল।৬৪ তেওঁৰ সেউজীয়া-ধূসৰ চকুযুৰি, যি আছিল তেওঁৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য, এই ছবিসমূহ ইণ্টাৰনেটত ভাইৰেল হোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অৱশ্যে বহু বছৰৰ পাছত, ২০২১ চনত তেওঁ প্ৰকাশ কৰে যে তেওঁৰ প্ৰাকৃতিক চকুৰ ৰং আছিল "গাঢ় মুগা" আৰু তেওঁ পূৰ্বতে ৰঙীন কণ্টেক্ট লেন্স আৰু ফটোশ্বপ ব্যৱহাৰ কৰিছিল।১২৮২৯ ৰেডিটৰ ব্যৱহাৰকাৰীসকলে পূৰ্বতেও জাবেৰীক তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টসমূহত অতিমাত্ৰা ফিল্টাৰ আৰু ৰিটাচিং ব্যৱহাৰ কৰাৰ বাবে সমালোচনা কৰিছিল। কান চলচ্চিত্ৰ মহোৎসৱত তেওঁ উপস্থিত হোৱাৰ পিছত এই সমালোচনা তীব্ৰতৰ হৈ পৰে, কিয়নো গেটি ইমেজেচ, শ্বাটাৰষ্টক আৰু আলামীৰ ফটোগ্ৰাফাৰসকলে মুকলি কৰা কোনো এডিট নকৰা আচল ছবিসমূহত তেওঁক দেখিবলৈ পৃথক লাগিছিল।
ভেনিটি ফেয়াৰ (আমিৰাত সংস্কৰণ) আলোচনীৰ প্ৰচ্ছদত স্থান পোৱাৰ দাবী
২০২৪ চনৰ আগষ্ট মাহত জাবেৰীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট দি দাবী কৰে যে আন্তঃৰাষ্ট্ৰীয় আলোচনী ভেনিটি ফেয়াৰৰ আমিৰাত সংস্কৰণৰ (ভেনিটি ফেয়াৰ ইমাৰাত) প্ৰচ্ছদত তেওঁৰ ফটো প্ৰকাশ পাইছে।৩০৩১৩২ পোষ্টটোত তেওঁ লিখিছিল যে তেওঁ "ভেনিটি ফেয়াৰ ইমাৰাতৰ প্ৰচ্ছদত স্থান পাই অতি গৌৰৱান্বিত।" ফাৰ্চী ভাষাৰ সংবাদ মাধ্যম ইণ্ডিপেণ্ডেণ্ট পাৰ্চিয়ান-এ এই বিষয়ত এক প্ৰতিৱেদন প্ৰকাশ কৰি জাবেৰীক অভিনন্দন জ্ঞাপন কৰে।৩৩ অৱশ্যে কণ্ডে নাষ্টৰদ্বাৰা প্ৰকাশিত অফিচিয়েল ভেনিটি ফেয়াৰ আলোচনীত কেতিয়াও সংযুক্ত আৰব আমিৰাত বা আন কোনো আৰব দেশৰ বাবে কোনো আনুষ্ঠানিক প্ৰিণ্ট বা ডিজিটেল সংস্কৰণ প্ৰকাশ কৰা হোৱা নাই। ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সংস্কৰণসমূহ কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ইটালী, স্পেইন, ফ্ৰান্স আৰু মেক্সিকোতে সীমাবদ্ধ। এই দাবী উত্থাপন হোৱাৰ অলপ পাছতেই "ভেনিটি ফেয়াৰ ইউএই" ৰ সৈতে জড়িত ৱেবচাইটটো বন্ধ হৈ পৰে, যিটো এই কথাৰ প্ৰমাণ বুলি ধৰা হয় যে ই কোনো প্ৰকৃত প্ৰকাশন নাছিল আৰু আচল ভেনিটি ফেয়াৰৰ প্ৰচ্ছদত স্থান পোৱাৰ জাবেৰীৰ দাবী আছিল ভিত্তিহীন।
বিতৰ্ক
বুৰাক অজচিভিট
২০১৭ চনত জাবেৰীয়ে বিখ্যাত তুৰ্কী অভিনেতা বুৰাক অজচিভিটৰ এটা পোষ্টত "চেনি চেভিওৰুজ" (তুৰ্কী ভাষাত যাৰ অৰ্থ 'আমি তোমাক ভাল পাওঁ') বুলি মন্তব্য কৰি চৰ্চালৈ আহে।৩৪ এই মন্তব্যই তুৰ্কী দৰ্শকৰ মাজত তেওঁৰ পৰিচিতি আৰু জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লগতে ইৰানী আৰু তুৰ্কী ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰপৰা নেতিবাচক প্ৰতিক্ৰিয়াও আকৰ্ষণ কৰিছিল। ইয়াৰ পিছত ইৰানী আলোচনী প’ল-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জাবেৰীয়ে কয় যে অজচিভিটে তেওঁক ইনষ্টাগ্ৰামত ব্লক কৰি দিছিল আৰু "মানুহে মোৰ মন্তব্যটো ভুলকৈ বুজিছিল আৰু মই তেওঁৰ প্ৰেমত পৰা বুলি ভাবি লৈছিল, যিটো সঁচা নাছিল।" ৩৫
কিৰা লিণ্ডবমৰ ফটো চুৰিৰ অভিযোগ
২০২১ চনৰ এক সাক্ষাৎকাৰত ফিনলেণ্ডৰ ব্লগাৰ কিৰা লিণ্ডবমে জাবেৰীৰ বিৰুদ্ধে তেওঁৰ এখন ছবি চুৰি কৰি এডিট কৰাৰ অভিযোগ উত্থাপন কৰে। লিণ্ডবমে কয়: "মিলিয়ন মিলিয়ন ফলোৱাৰ থকা কিছুমান ইনফ্লুৱেনচাৰে অনৈতিকভাৱে আনৰ সমল কঁপি আৰু বিকৃত কৰে, যিটো সম্পূৰ্ণ অপেছাদাৰী আচৰণ। ২০১৯ চনত মেক্সিকোৰ টুলুম ভ্ৰমণৰ সময়ত মই কিছুমান কলাত্মক ছবি তুলি ইনষ্টাগ্ৰামত পোষ্ট কৰিছিলোঁ। দুবছৰৰ পাছত মই মোৰ এখন ছবি মহলাঘা জাবেৰী নামৰ এগৰাকী ইনফ্লুৱেনচাৰৰ পেজত দেখিবলৈ পালোঁ, যিয়ে ফটোশ্বপৰ জৰিয়তে মোৰ মুখৰ ওপৰত নিজৰ মুখখন বহুৱাই ছবিখন তেওঁৰ বুলি দাবী কৰিছিল, আনকি ছবিখনে এক লাখতকৈও অধিক লাইক লাভ কৰিছিল!" ৩৬৩৭
আচিৰিয়ান লামাচ্ছু মূৰ্তি ইৰানী বুলি কৰা দাবী
২০২১ চনৰ জুলাই মাহত জাবেৰীয়ে পেৰিছৰ লুভ্ৰ সংগ্ৰহালয়ত এটা লামাচ্ছু (আচিৰিয়ান পাখি থকা ষাঁড় গৰু) মূৰ্তিৰ কাষত নিজৰ এখন ছবি পোষ্ট কৰি তাৰ কেপচনত "ইৰান" আৰু "মোৰ ইৰান, মই তোমাক ইমান ভাল পাওঁ" বুলি লিখিছিল। এই পোষ্টটোৱে কিছুসংখ্যক ইৰাকী ব্যৱহাৰকাৰীৰ তীব্ৰ সমালোচনাৰ সৃষ্টি কৰে। তেওঁলোকে যুক্তি দৰ্শায় যে এই প্ৰাচীন শিল্পকৰ্মটোক "ইৰান" বুলি উল্লেখ কৰাটো ইৰানী সাংস্কৃতিক ঐতিহ্যৰ এক ভুল উপস্থাপন। কাৰণ লামাচ্ছু হৈছে প্ৰাচীন আচিৰিয়ান সভ্যতাৰ এক নিদৰ্শন, যি বৰ্তমানৰ ইৰাকত আৱিষ্কাৰ হৈছিল আৰু ইয়াক ইৰাকৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ বুলি গণ্য কৰা হয়। সমালোচনা তীব্ৰতৰ হোৱাৰ পিছত জাবেৰীয়ে পোষ্টটো ডিলিট কৰি দিয়ে।৩৮
তথ্যসূত্ৰ
- ↑ Mahlagha Jaberi and the Magic of Photoshop!. Motivation
- ↑ Interview with Mahlagha Jaberi – PALLAZZO-MAGAZINE
- ↑ Mahlagha Jaberi describes Saudi women as ambitious, strong, and dedicated to chasing their dreams.. www.sayidaty.net
- ↑ Rza, Emanuel. (2025-02-10). What You Don't Know About Mahlagha Jaberi. Medium
- ↑ আৰ্কাইভ কপি
- ↑ Mahlagha Jaberi Shares Unfiltered Photos. Interview
- ↑ www.youtube.com/watch?v=lgVZe4Nju8k
- ↑ An Interview with Mahlagha Jaberi · Aleph Magazine
- ↑ SS 2015 – Pedram Couture
- ↑ One of the Best Fashion Designers in 2017 · Pedram Couture – Pedram Couture
- ↑ Ezat, Lama. (2014-08-03). Zahrat Al Khaleej - Look of the Day: The world's most beautiful woman, Mahlagha Jaberi, in a romantic gown.. Zahrat Al Khaleej
- ↑ Staff, W. W. D. (2014-10-23). Walter Mendez RTW Spring 2015. WWD
- ↑ (2014-11-21). Fashion Week 2014. Getty Images
- ↑ Pedram Couture Spring 2015 Runway Show · California Apparel News. www.apparelnews.net
- ↑ www.youtube.com/watch?v=DrmlhugcAak
- ↑ (2017-01-12). Fashion sensation Mahlagha Jaberi named to MODE's World's 100 Most Beautiful Women 2016 list - Interview. MODE LIFESTYLE MAGAZINE
- ↑ (2021-07-13). Mahlagha Jaberi’s Cannes Film Festival looks, styled by Eman Alajlan and Rami Kadi. ET
- ↑ (2021-08-15). EMAN ALAJLAN – Lookbook Magazine Paris
- ↑ (2021-07-11). A guest attends the "Tre Piani " screening during the 74th annual... Getty Images
- ↑ (2025-08-29). Fadi Nasr objectively reveals the biggest cosmetic trend to ET Bil Arabi
- ↑ (2025-08-26). Mahlagha Jaberi’s doctor reveals celebrity cosmetic surgery mistakes. ET
- ↑ (2025-08-17). An Arab doctor is the secret behind Mahlagha Jaberi’s beauty—who is he?. Menbar Eltahrir
- ↑ Fadi Nasr reveals the ultimate cosmetic trend and what he did for Mahlagha Jaberi ahead of her wedding!. alraiionline
- ↑ Watch: Iranian model Mahlagha Jaberi’s appearance on the streets of Riyadh sparks widespread attention. mz-mz.net
- ↑ Mahlagha Jaberi cruises through the streets of Riyadh in a convertible
- ↑ Mahlagha Jaberi's Engagement in Italy: The Ultimate Guide to the Model's Italian Journey – Goftar News
- ↑ (2025-08-24). Mahlagha Jaberi’s romantic engagement on the Amalfi Coast
- ↑ Mahlagha Jaberi's Eye Color
- ↑ Mahlagha Jaberi Before Plastic Surgery. HairTalk®
- ↑ Mahlagha Jaberi and Vanity Fair Magazine
- ↑ . Mahlagha Jaberi: From the streets of Iran to the pages of prestigious American magazines. modimag
- ↑ Mahlagha Jaberi: Honored to be on the cover of Vanityfair UAE. www.instagram.com
- ↑ (2024-08-28). Art and future visions: Mahlagha Jaberi’s inspiring journey in the fashion world
- ↑ (4 February 2017). Araplar Burak Özçivit ile Mahlahga Jaberi en iyi çift ilan etti –
- ↑ (8 February 2017). Mahlagha Jaberi'den Burak Özçivit açıklaması
- ↑ Ollas, Monica. (2021-04-12). Mitä ihmettä? Iranilaismalli julkaisi Kira Kososen sensuellin kuvan omanaan 3,5 miljoonalle seuraajalleen – editoi otosta röyhkeällä tavalla: "Tämä on jo epäammattimaista" – katso!. Seiska.fi
- ↑ Makkonen, Nita. (2021-04-13). Suomalainen bloggaaja Kira Kosonen otti upean kuvan Meksikon-matkallaan – sitten häntä odotti Instagramissa melkoinen pommi. Ilta-Sanomat
- ↑ Iranian model attributes Iraqi winged bull to Iran · Al-Arab Newspaper
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহলাঘা জাবেৰী” প্ৰবন্ধৰ সংশোধন ৬১২২৪৪ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।