মডাৰ্ন প'য়েট্ৰী ইন ট্ৰেন্সলেশ্যন (ইংৰাজী: Modern Poetry in Translation) ইংলেণ্ডৰপৰা প্ৰকাশিত এখন কবিতাৰ আলোচনী।১ চাৰিমহীয়া আলোচনীখন মুদ্ৰিত আৰু অনলাইন দুয়োটা ৰূপতে উপলব্ধ। আলোচনীখনত সমসাময়িক বিশ্বৰ বিভিন্ন ভাষাৰ কবিতা ইংৰাজী অনুবাদত প্ৰকাশ পায়। ১৯৬৫ চনত টেড হিউজ আৰু ডেনিয়েল ৱেইছবৰ্টে আলোচনীখন আৰম্ভ কৰিছিল। আলোচনীখন ১৯৯২ চনত কিংছ কলেজ লণ্ডনৰ পৰা নতুনকৈ প্ৰকাশ পায়। ২০০৩ চনলৈকে কিংছ কলেজৰপৰা আলোচনীখন প্ৰকাশ পায়।২
বিৱৰণ
আলোচনীখনৰ প্ৰথম সংখ্যাটো স্মৰণীয় আছিল। এই সংখ্যাটোত সম্পাদক হিউজ আৰু ৱেইছবৰ্টে পশ্চিমৰ সাহিত্য জগতত পূৰ্বতে অপৰিচিত কিছু লেখকক পৰিচয় কৰাই দিছিল, যাৰ ভিতৰত মিৰোশ্লাভ হোলুব, য়েহুদা আমিখাই, আইভান লাইলিক, চেচোৱা মিলোজ, ভাস্কো পপা, আণ্ড্ৰেই ৱজনেছেনস্কি অন্যতম আছিল।২
হিউজ আৰু ৱেইছবৰ্টৰ পিছত বিভিন্ন সময়ত ছছা ডুগডেল, ক্লেৱাৰ পোলাৰ্ড আৰু খাইৰনি বাৰোক্কাই আলোচনীখনৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। বৰ্তমান আলোচনীখনৰ সম্পাদক হ'ল জননী অম্বিকাপতি (জুলাই, ২০২৪-ৰপৰা)।২১৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মডাৰ্ন প'য়েট্ৰী ইন ট্ৰেন্সলেশ্যন” প্ৰবন্ধৰ সংশোধন ৫১৯৯৯৯ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।