অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মংগলদোষ

মংগলদোষ ( IAST: Maṅgala-doṣa ), ভাৰতত হিন্দু ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত অন্ধবিশ্বাস। হিন্দু জ্যোতিষৰ মতে মংগল গ্ৰহৰ প্ৰভাৱত জন্ম লোৱা ব্যক্তিৰ "মংগল দোষ" থাকে আৰু এনে ব্যক্তিক মংগলিকা (বা মাংগলিক) বোলা হয়। অন্ধবিশ্বাসৰ অনুসৰি মাংগলিক আৰু অ-মাংগলিকৰ মাজত বিবাহ হ'ব নোৱাৰে।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মংগলদোষ ( IAST: Maṅgala-doṣa ), ভাৰতত হিন্দু ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত অন্ধবিশ্বাস।১২ হিন্দু জ্যোতিষৰ মতে মংগল গ্ৰহৰ প্ৰভাৱত জন্ম লোৱা ব্যক্তিৰ "মংগল দোষ" থাকে আৰু এনে ব্যক্তিক মংগলিকা (বা মাংগলিক) বোলা হয়। অন্ধবিশ্বাসৰ অনুসৰি মাংগলিক আৰু অ-মাংগলিকৰ মাজত বিবাহ হ'ব নোৱাৰে।১

এনে বিবাহৰ ফলত পতি বা পত্নীৰ মৃত্যু হ'ব পাৰে বুলি অন্ধবিশ্বাসত বিশ্বাসী লোকসকলে ভাবে। এই দুৰ্যোগ ৰোধ কৰিবলৈ ব্যক্তিজনক কোনো গছ (যেনে কল বা আঁহত), কোনো প্ৰাণী বা কোনো নিৰ্জীৱ বস্তুৰ লগত বিয়া পাতি দিব লাগে বুলি অন্ধবিশ্বাসত বিশ্বাসী লোকসকলে ভাবে। এই নকল বিবাহ প্ৰথাত অনুষ্ঠানত ব্যৱহাৰ কৰা "পত্নী"ৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন নাম থাকে; উদাহৰণস্বৰূপে, যদি ব্যক্তিজনক মাটিৰ পাত্ৰ (কুম্ভ)ৰ সৈতে বিয়া কৰা হয়, তেন্তে সেই অনুষ্ঠানটোক "কুম্ভ-বিবাহ" ("পাত্ৰৰ সৈতে বিয়া") বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে মংগল দোষৰ ফলত হোৱা সকলো কু-প্ৰভাৱ নকল "পত্নী"ৰ ওপৰত পৰে: এইদৰে ব্যক্তিজন মংগালিক হোৱাৰ পৰিণতিৰ পৰা মুক্ত হয়, আৰু পৰৱৰ্তী সময়ত মানুহৰ সৈতে তেওঁলোকৰ বিবাহ সুখী হ'ব বুলি আশা কৰা হয়।৩৪৫

তথ্যসূত্ৰ

  1. ↑ K. Anand. (1965). An Analysis of Matrimonial Advertisements. Sociological Bulletin. Indian Sociological Society. পৃ. 69
  2. ↑ Shalu Nigam. (29 August 2019). Women and Domestic Violence Law in India: A Quest for Justice. Taylor & Francis. পৃ. 291. ISBN 978-1-00-069203-7
  3. ↑ Eleni Gage. (2018). Lucky in Love: Traditions, Customs, and Rituals to Personalize Your Wedding. Crown Publishing Group. পৃ. 34–35. ISBN 978-0-525-57390-6Eleni Gage (2018). Lucky in Love: Traditions, Customs, and Rituals to Personalize Your Wedding. Crown Publishing Group. pp. 34–35. ISBN 978-0-525-57390-6
  4. ↑ Roy Bainton. (2016). The Mammoth Book of Superstition: From Rabbits' Feet to Friday the 13th. Little, Brown Book Group. পৃ. 312–313. ISBN 978-1-4721-3747-0Roy Bainton (2016). The Mammoth Book of Superstition: From Rabbits' Feet to Friday the 13th. Little, Brown Book Group. pp. 312–313. ISBN 978-1-4721-3747-0
  5. ↑ (9 July 2020). https://www.nytimes.com/2020/07/09/style/manglik-pot-marriage.htmlAlisha Haridasani Gupta (9 July 2020). "The True Story of My Marriage to a Pot". New York Times. Retrieved 15 July 2020

সম্পৰ্কিত শ্ৰেণী

অন্ধবিশ্বাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মংগলদোষ” প্ৰবন্ধৰ সংশোধন ৪৭৪০৫২ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।