অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কুমাৰী শুদ্ধিকৰণ জনবিশ্বাস

কুমাৰী শুদ্ধিকৰণ জনবিশ্বাস (Virgin cleansing myth) হৈছে কিছুমান অঞ্চল আৰু সমাজত প্ৰচলিত একপ্ৰকাৰৰ অন্ধবিশ্বাস। এই বিশ্বাস অনুসৰি কুমাৰী ছোৱালীৰ সৈতে যৌন সম্ভোগ কৰিলে এইচ.আই.ভি./এইডছ বা অন্যান্য যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত পুৰুষ এজন আৰোগ্য হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৬৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

কুমাৰী শুদ্ধিকৰণ জনবিশ্বাস (Virgin cleansing myth) হৈছে কিছুমান অঞ্চল আৰু সমাজত প্ৰচলিত একপ্ৰকাৰৰ অন্ধবিশ্বাস। এই বিশ্বাস অনুসৰি কুমাৰী ছোৱালীৰ সৈতে যৌন সম্ভোগ কৰিলে এইচ.আই.ভি./এইচ.আই.ভি/এইড্‌ছ বা অন্যান্য যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত পুৰুষ এজন আৰোগ্য হয়। সেয়ে এনে ৰোগত আক্ৰান্ত ৰোগী পুৰুষে কুমাৰীৰ লগত সংস্কৃতিগত ভাবে বা বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰে।১ ই একপ্ৰকাৰৰ শিশু যৌন নিৰ্যাতন। ইয়াক কুমাৰী নিৰাময় জনবিশ্বাস, কুমাৰী ধৰ্ষণ জনবিশ্বাস বা কেৱল কুমাৰী জনবিশ্বাস বুলিও কোৱা হয়। নৃতত্ত্ববিদ চুজান লেক্লাৰ্ক-মাদলালাৰ মতে দক্ষিণ আফ্ৰিকাত এইচআইভি পজিটিভ পুৰুষৰ দ্বাৰা নৱজাতকৰ ধৰ্ষণৰ এক সম্ভাৱ্য কাৰক হৈছে কুমাৰী শুদ্ধিকৰণৰ লগত জড়িত ও অন্ধবিশ্বাস।২ কম বয়সৰ বাবে কুমাৰী বুলি ধাৰণা কৰা যুৱতীসকলৰ উপৰিও "অন্ধ, বধিৰ, শাৰীৰিকভাৱে বিকলাঙ্গ, বৌদ্ধিকভাৱে অক্ষম, বা মানসিক-স্বাস্থ্যৰ অক্ষমতা আছে" তেওঁলোকক কেতিয়াবা এই ভুল ধাৰণাৰ অধীনত ধৰ্ষণ কৰা হয়। আন এক ভ্ৰান্তি অনুসৰি বিকলাঙ্গ ব্যক্তিসকল যৌন ভাৱে নিষ্ক্ৰিয় আৰু সেয়েহে কুমাৰী বুলিয়ে গণ্য কৰা হয়।

ইতিহাস

এই জনবিশ্বাস প্ৰথমবাৰৰ বাবে ষোড়শ শতিকাৰ ইউৰোপত প্ৰকাশিত হৈছিল আৰু অন্যান্য যৌন সংক্ৰমিত ৰোগৰ ভিতৰত চিফিলিছ আৰু গ'নৰিয়াৰ নিৰাময় হিচাপে ঊনবিংশ শতিকাৰ ভিক্ট'ৰিয়ান ইংলেণ্ডত গুৰুত্ব লাভ কৰিছিল।৩ যদিও এই অন্ধবিশ্বাসৰ উৎপত্তি অজ্ঞাত কিন্তু বুৰঞ্জীবিদ হানে ব্লেঙ্কে লিখিছে যে এই ধাৰণাটো কুমাৰী-শ্বহীদসকলৰ খ্ৰীষ্টান কিংবদন্তিসমূহৰ পৰা বিকশিত হ'ব পাৰে। এই কিংবদন্তি অনুসৰি কুমাৰী সকলৰ বিশুদ্ধতাই ৰাক্ষসৰ সৈতে যুঁজ দিয়াত এক প্ৰকাৰৰ সুৰক্ষা হিচাপে কাম কৰিছিল বুলি বিশ্বাস কৰা হয়।৪

প্ৰচলন

সমগ্ৰ বিশ্বতে কম বেছি পৰিমাণে এই অন্ধবিশ্বাস বিদ্যমান। ইয়াৰে ভিতৰত উপ-চাহাৰা আফ্ৰিকা, এছিয়া, ইউৰোপ আৰু আমেৰিকাত ই বিশেষভাৱে প্ৰচলিত।১ দক্ষিণ আফ্ৰিকাৰ দক্ষিণ আফ্ৰিকা বিশ্ববিদ্যালয়ৰ এক জৰীপত দেখা গৈছে যে ১৮ শতাংশ শ্ৰমিকে ভাবে যে কুমাৰীৰ সৈতে যৌন সম্ভোগ কৰিলে এইচ.আই.ভি./এইডছ আৰোগ্য হয়। ১৯৯৯ চনত গৌটেঙৰ যৌন স্বাস্থ্য শিক্ষাবিদসকলৰ দ্বাৰা কৰা এটা অধ্যয়নত পোৱা গৈছিল যে জৰীপৰ অংশগ্ৰহণকাৰীসকলৰ ৩২ শতাংশই এই অন্ধবিশ্বাসক বিশ্বাস কৰিছিল।৫

জিম্বাবোৱেৰ গাৰ্ল চাইল্ড নেটৱৰ্কৰ বেটি মাকনিৰ মতে, পৰম্পৰাগত আৰোগ্যকাৰী সকলে এইচ.আই.ভি. পজিটিভ পুৰুষসকলক কুমাৰী ছোৱালীৰ সৈতে যৌন সম্ভোগ কৰি তেওঁলোকৰ ৰোগ আৰোগ্য কৰিবলৈ পৰামৰ্শ দিয়ে আৰু ইয়াৰ ফলত এই জনবিশ্বাসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে চিৰস্থায়ী কৰে।৬ জিম্বাবোৱেত কিছুমান লোকে এইটোও বিশ্বাস কৰে যে কুমাৰীক ধৰ্ষণ কৰি উৎপন্ন হোৱা তেজে সংক্ৰমিত ব্যক্তিজনৰ তেজ ৰোগৰ পৰা পৰিষ্কাৰ কৰিব পাৰে।৬

২০০২ চনত মনোবিজ্ঞানী মাইক আৰ্ল-টেইলৰে লিখিছিল যে কুমাৰী আৰোগ্য জনবিশ্বাসে দক্ষিণ আফ্ৰিকাত শিশু বা নৱজাতকৰ ধৰ্ষণৰ পৰিসংখ্যা আচৰিত ধৰণে বৃদ্ধিৰ বিষয়ে ব্যাখ্যা কৰিব পাৰে। ইয়াৰ ফলত আফ্ৰিকাত অভাৱনীয় ভাবে এইচ.আই.ভি./এইডছ মহামাৰীৰ বিস্তাৰ হৈছে।৩ ইউনিচেফে শ শ ছোৱালীৰ ধৰ্ষণক কুমাৰী শুদ্ধিকৰণ জনবিশ্বাস বাবে হোৱা বুলি দাবী কৰিছে।৭

অৱশ্যে এইটো অজ্ঞাত যে এই জনবিশ্বাস কিমান সচৰাচৰ আৰু ইয়াত বিশ্বাস ৰখাৰ বাবে ধৰ্ষণ কিমান পৰিমাণে হয়। এই অন্ধবিশ্বাসে আফ্ৰিকাত এইচআইভি সংক্ৰমণ বা শিশু যৌন উৎপীড়ন ঘটাইছে বুলি কৰা দাবী গৱেষক ৰাচেল জেউকেছ আৰু হেলেন এপষ্টাইনৰ মাজত বিতৰ্কিত।৮ ইয়াৰ লগতে মালাৱীত দোষী সাব্যস্ত যৌন অপৰাধীৰ ওপৰত চলোৱা গৱেষণাত কুমাৰী শুদ্ধিকৰণ জনবিশ্বাসৰ বাবে যিকোনো ধৰ্ষণৰ প্ৰেৰণা দিয়াৰ ধাৰণাটোৰ সমৰ্থনত কোনো প্ৰমাণ পোৱা নগ'ল।৯

শিক্ষাৰ গুৰুত্ব

এইচ.আই.ভি. আৰু এইডছ সংক্ৰমণৰ সন্দৰ্ভত অজ্ঞতাই আফ্ৰিকাৰ বহুতো দেশত প্ৰতিৰোধৰ প্ৰতিবন্ধক হিচাপে থিয় দিয়ে।১ শিক্ষাই বেটি মাকনিৰ দৰে মহিলাসকলক এনে পাৰম্পৰিক কুপ্ৰথা আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু মানুহক কুমাৰী শুদ্ধিকৰণৰ লগত জড়িত জনবিশ্বাসক বিশ্বাস কৰাৰ পৰা বিৰত ৰাখিবলৈ সহায় কৰিছে।৫

ইউনিচেফৰ মতে সংস্কৃতি-আধাৰিত লিংগ ভূমিকা অনুসৰি যি ছোৱালীৰ ক্ষেত্ৰত নিৰ্দোষতা আৰু অজ্ঞতাক পুৰস্কৃত কৰে আৰু পুৰুষৰ যৌন উৎসাহ স্বীকাৰ কৰে তাৰ বাবেই এনে অন্ধবিশ্বাস ঠন ধৰি উঠে। ছোৱালীসকলক নিজতকৈ বয়সত যথেষ্ট ডাঙৰ পুৰুষক বিয়া কৰাবলৈ বাধ্য কৰা হয়। ইয়াৰ ফলত ছোৱালীসকললৈ এইচ.আই.ভি. সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি হৈছে।১০ এইডছৰ সৈতে জড়িত কলঙ্কই বহুলোকক তেওঁলোকৰ সামাজিক পদবী ৰক্ষা কৰিবলৈ তথ্য বা স্বাস্থ্য সেৱা বিচৰাত বাধা দিয়ে। ইয়াৰ ফলত তেওঁলোক এনে অন্ধবিশ্বাসৰ কৱলত কুমাৰীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰে আৰু অধিক সংক্ৰমণত অৰিহণা যোগায়।৬

জনপ্ৰিয় সংস্কৃতিত

কুমাৰী শুদ্ধিকৰণ জনবিশ্বাসৰ বিষয়ে ব্ৰডৱে মিউজিকেলৰ 'দ্য বুক অফ মৰমন'ত উল্লেখ কৰা হৈছে। ইয়াৰ গৌণ চৰিত্ৰ মাটুম্বোক কুমাৰীৰ সৈতে যৌন সম্ভোগে তেওঁৰ এইডছ আৰোগ্য কৰিব বুলি বিশ্বাস কৰাৰ ওপৰত ভিত্তি কৰি এটা কেঁচুৱাক ধৰ্ষণ কৰাত বাধা দিয়া হৈছে। "মেকিং থিংছ আপ এগেইন" গীতৰ সময়ত এল্ডাৰ কানিংহামে মাটুম্বোক কয় যে কেঁচুৱাবোৰক ধৰ্ষণ কৰাটো ঈশ্বৰৰ ইচ্ছাৰ বিৰোধী। মৰমন কিতাপখনৰ এটা অংশত ঈশ্বৰে যোচেফ স্মিথক তেওঁৰ এইডছ আৰোগ্য কৰিবলৈ ভেকুলীৰ সৈতে যৌন সম্ভোগ কৰিবলৈ আদেশ দিয়াৰ কথা উল্লেখ আছে।

তথ্যসূত্ৰ

  1. ↑ Groce, Nora E.; Trasi, Reshma. (2004). Rape of individuals with disability: AIDS and the folk belief of virgin cleansing. The Lancet. পৃ. 1663–1664
  2. ↑ Leclerc-Madlala, Suzanne. (2002). On The Virgin Cleansing Myth: Gendered Bodies, AIDS and Ethnomedicine. African Journal of AIDS Research. পৃ. 87–95
  3. ↑ Earl-Taylor, Mike. (2002). HIV/AIDS, the stats, the virgin cure and infant rape. Science in Africa
  4. ↑ Blank, Hanne. (2007). Virgin: The Untouched History. Bloomsbury USA. ISBN 978-1-59691-010-2
  5. ↑ IRIN. (2002). SOUTH AFRICA: Focus on the virgin myth and HIV/AIDS. IRIN
  6. ↑ Vickers, Steve. (2006-10-24). Staging sex myths to save Zimbabwe's girls. BBC
  7. ↑ CNN. (2009-10-01). Child rape survivor saves 'virgin myth' victims. CNN
  8. ↑ Epstein, Helen; Jewkes, Rachel. (2009-10-24). The myth of the virgin rape myth. The Lancet. পৃ. 1419; author reply 1419–20 "In the current South African case, this claim is predicated on racist assumptions about the amorality of African men..."
  9. ↑ (2011). Explanations for child sexual abuse given by convicted offenders in Malawi: no evidence for "HIV cleansing". Child Abuse Negl. পৃ. 142–6
  10. ↑ (2011). Explanations for child sexual abuse given by convicted offenders in Malawi: no evidence for "HIV cleansing". Child Abuse Negl. পৃ. 142–6

সম্পৰ্কিত শ্ৰেণী

অন্ধবিশ্বাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমাৰী শুদ্ধিকৰণ জনবিশ্বাস” প্ৰবন্ধৰ সংশোধন ৬২৪৬৬৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।