অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভিক্টৰ হিউগ'

ভিক্টৰ হিউগ' (জন্ম ২৬ ফেব্ৰুৱাৰী ১৮০২ –মৃত্যু ২২ মে' ১৮৮৫) আছিল এজন ফৰাচী ৰোমাণ্টিক লেখক, কবি, ৰচনাকাৰ, নাট্যকাৰ, সাংবাদিক, মানৱতাবাদী লেখক। তেওঁৰ বিখ্যাত ৰচনাসমূহৰ ভিতৰত হ’ল দ্য হাঞ্চবেক অৱ নট্ৰে-ডেম (১৮৩১) আৰু লেছ মিজেৰেবলছ (১৮৬২) উপন্যাস।

হালনাগাদ: ১৯ জুন ২০২৫ ৪৯৯ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভিক্টৰ হিউগ' ১ (জন্ম ২৬ ফেব্ৰুৱাৰী ১৮০২ –মৃত্যু ২২ মে' ১৮৮৫) আছিল এজন ফৰাচী ৰোমাণ্টিক লেখক, কবি, ৰচনাকাৰ, নাট্যকাৰ, সাংবাদিক, মানৱতাবাদী লেখক।

তেওঁৰ বিখ্যাত ৰচনাসমূহৰ ভিতৰত হ’ল দ্য হাঞ্চবেক অৱ নট্ৰে-ডেম (১৮৩১) আৰু লেছ মিজেৰেবলছ (১৮৬২) উপন্যাস। হিউগ'ৰ নাটক 'ক্ৰমৱেল' আৰু 'হাৰ্নানি'ৰে ৰোমাণ্টিক সাহিত্য আন্দোলনত অৱদান আগবঢ়াইছিল। তেওঁৰ জীৱনকাল আৰু মৃত্যুৰ পিছতো তেওঁৰ ৰচনাসমূহে সংগীতক অনুপ্ৰাণিত কৰিছে, য'ত আছে অপেৰা ৰিগোলেট্টো আৰু মিউজিকেল লেছ মিজেৰেবলছ আৰু নট্ৰে-ডেম ডি পেৰিছ। তেওঁ জীৱনকালত ৪,০০০ৰো অধিক অংকন প্ৰস্তুত কৰিছিল, আৰু মৃত্যুদণ্ড আৰু দাসত্ত্ব বিলুপ্ত কৰাৰ দৰে সামাজিক কাৰণৰ বাবে প্ৰচাৰ চলাইছিল।

যদিও তেওঁ সৰুতে এজন প্ৰতিশ্ৰুতিবদ্ধ ৰয়েলিষ্ট আছিল, দশক দশক পাৰ হোৱাৰ লগে লগে হুগোৰ মতামত সলনি হৈছিল, আৰু তেওঁ গণতন্ত্ৰবাদৰ আবেগিক সমৰ্থক হৈ পৰিছিল, ৰাজনীতিত ডেপুটি আৰু চিনেটৰ উভয় হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ ৰচনাই তেওঁৰ সময়ৰ বেছিভাগ ৰাজনৈতিক আৰু সামাজিক বিষয় আৰু কলাত্মক ধাৰাক স্পৰ্শ কৰিছিল। নিৰপেক্ষতাবাদৰ বিৰোধিতা, আৰু সাহিত্যিক উচ্চতাই তেওঁক জাতীয় নায়ক হিচাপে প্ৰতিষ্ঠা কৰিছিল। ১৮৮৫ চনৰ ২২ মে'ত ৮৩ বছৰ বয়সত হুগোৰ মৃত্যু হয়। পেৰিছৰ প্যান্থেয়নত তেওঁৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত হয়, য'ত ২০ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰে, যিটো ফ্ৰান্সৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ।২

প্ৰাৰম্ভিক জীৱন

১৮০২ চনৰ ২৬ ফেব্ৰুৱাৰীত ফ্ৰান্সৰ বেছানচনত জন্মগ্ৰহণ কৰিছিল ভিক্টৰ হিউগ'। ভিক্টৰ হিউগ' নেপোলিয়ন সেনাবাহিনীৰ সেনাপতি জোচেফ লিওপল্ড ছিগিছবাৰ্ট হুগো আৰু ছফী ট্ৰেবুচেটৰ কনিষ্ঠ পুত্ৰ। ১৮৩০ চনৰ পৰাই ভিক্টৰ হিউগে' সামাজিক দুৰ্দশা আৰু অন্যায়ৰ বিষয়ে এখন ডাঙৰ উপন্যাস লিখাৰ পৰিকল্পনা আৰম্ভ কৰিছিল যদিও 'লা মিজেৰেবলছ'ক বাস্তৱায়িত কৰিবলৈ তথা ১৮৬২ চনত উপন্যাসখন প্ৰকাশ কৰিবলৈ সম্পূৰ্ণ ১৭ বছৰৰ প্ৰয়োজন হৈছিল।

সংগীতৰ জীৱন

ঞভিক্টৰ হিউগ'ৰ ৰচনাসমূহে ১৯ আৰু ২০ শতিকাৰ সুৰকাৰসকলক প্ৰেৰণা যোগাইছিল আৰু জৰিয়তে তেওঁ সংগীত জগতখনত এক বৃহৎ প্ৰভাৱ পেলাইছিল। হুগোৱে নিজেই বিশেষকৈ গ্লুক, মোজাৰ্ট, ৱেবাৰ আৰু মেয়াৰবিয়াৰৰ সংগীত ভাল পাইছিল।

চিত্ৰকলা

ভিক্টৰ হিউগ নিজৰ জীৱনকাকলত ৪,০০০ৰো অধিক চিত্ৰ অংকন কৰিছিল। ইয়াৰ ভিতৰত প্ৰায় ৩,০০০টা চিত্ৰঅংকন এতিয়াও আছে। মূলতঃ আকস্মিক চখ হিচাপে অনুসৰণ কৰা ভিক্টৰ হিউগে নিৰ্বাসনৰ কিছু সময়ৰ আগতে যেতিয়া তেওঁ ৰাজনীতিত নিজকে নিয়োজিত কৰিবলৈ লিখা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল তেতিয়া চিত্ৰ অংকন কৰিবলৈ লৈছিল। ১৮৪৮ চনৰ পৰা ১৮৫১ চনৰ ভিতৰত চিত্ৰ অংকন তেওঁৰ সৃষ্টিশীলতাৰ বিষয়বস্তু হৈ পৰিছিল। ৩৪

ব্যক্তিগত জীৱন

১৮২২ চনৰ অক্টোবৰ মাহত হিউগে এডেল ফৌচাৰক বিয়া কৰায়। নিজৰ প্ৰেমৰ সম্পৰ্ক থকাৰ পিছতো তেওঁলোকে প্ৰায় ৪৬ বছৰ ধৰি একেলগে থাকে আৰু ১৮৬৮ চনৰ আগষ্ট মাহত তেওঁৰ মৃত্যু হয়। ১৮৩০ চনৰ পৰা ১৮৩৭ চনলৈকে এডেলৰ সম্পৰ্ক আছিল চাৰ্লছ-অগাষ্টিন চেণ্ট বিউভ নামৰ এজন পৰ্যালোচক আৰু লেখকৰ সৈতে।৫

১৮২৩ চনত এডেল আৰু ভিক্টৰ হুগোৰ প্ৰথম সন্তান লিঅ’পল্ডৰ জন্ম হয় যদিও ল’ৰাজনৰ শিশু অৱস্থাতে মৃত্যু হয়। ১৮২৪ চনৰ ২৮ আগষ্টত দম্পতীহালৰ দ্বিতীয় সন্তান লিঅ'পল্ডিনৰ জন্ম হয়, তাৰ পিছত ১৮২৬ চনৰ ৪ নৱেম্বৰত চাৰ্লছ, ১৮২৮ চনৰ ২৮ অক্টোবৰত ফ্ৰান্সোৱা-ভিক্টৰ আৰু ১৮৩০ চনৰ ২৮ জুলাইত এডেলৰ জন্ম হয়।

আৰু জৰ্জ, ১৮৮১ চনত]]

নিৰ্বাসন

১৮৫১ চনৰ শেষৰ ফালে তৃতীয় নেপোলিয়নৰ অভ্যুত্থানৰ পিছত ভিক্টৰ হিউগে নিৰ্বাসনত থাকিবলৈ সিদ্ধান্ত লয়। ফ্ৰান্স এৰি যোৱাৰ পিছত হুগোৱে ১৮৫১ চনত ব্ৰাছেলছত কিছু দিনৰ বাবে থাকিবলৈ লয় আৰু তাৰ পিছত চেনেল দ্বীপপুঞ্জলৈ যায়, প্ৰথমে জাৰ্চিলৈ (১৮৫২–১৮৫৫) আৰু তাৰ পিছত ১৮৫৫ চনত তৃতীয় নেপোলিয়নৰ ক্ষমতাৰ পৰা অপসাৰিত হোৱালৈকে সৰু দ্বীপ গাৰ্নিচত থাকিবলৈ লয়।

উপনাম

ভিক্টৰ হিউগ' কেইবাটাও নামেৰে পৰিচিত আছিল। "অ'চেন মেন"ৰ সমান্তৰালভাৱে হুগোৰ জীৱনকালতো কেতিয়াবা "হৰাইজন মেন" নামেৰেও পৰিচিত আছিল। শেষত হেনৰী মেচোনিকৰ দৰে গৱেষক আৰু সাহিত্য সমালোচকে ভিক্টৰ হুগোক বুজাবলৈ "চেঞ্চুৰী মেন" উপনামটো ব্যৱহাৰ কৰে।৬

তথ্যসূত্ৰ

  1. ↑ (17 April 2024). HUGO Marie-Victor, vicomte Hugo. Sénat
  2. ↑ Behrent, Megan. (May 2013). The enduring relevance of Victor Hugo. International Socialist Review
  3. ↑ Victor Hugo's Drawings · Maisons Victor Hugo. www.maisonsvictorhugo.paris.fr
  4. ↑ Schindel, Daniel. (20 September 2018). Victor Hugo's Hidden Drawings: Was the 'Les Mis' Author Also One of the Greatest Artists of His Time?. Observer Media
  5. ↑ en.wikipedia.org/wiki/Special:BookSources/225901
  6. ↑ texte, Académie du Var Auteur du. (2002). Bulletin de l'Académie du Var. Gallica

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিক্টৰ হিউগ'” প্ৰবন্ধৰ সংশোধন ৫১৯২৭১ (১৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।