অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভিক্টোৰিয়া এলনছ’পেৰেজ

ভিক্টোৰিয়া এলনছ’পেৰেজ(: Victoria Alonsoperez ) এগৰাকী উৰুগুৱেৰ ইলেক্ট্ৰনিকছ আৰু টেলিকমিউনিকেচন অভিযন্তা আৰু উদ্যোগপতি। তেওঁ চিপচেফাৰ(Chipsafer) নামৰ এটা প্ৰযুক্তি উদ্ভাৱন কৰিছে।

হালনাগাদ: ৪ মে’ ২০২৬ ৩৮৮ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভিক্টোৰিয়া এলনছ’পেৰেজ(: Victoria Alonsoperez ) এগৰাকী উৰুগুৱেৰ ইলেক্ট্ৰনিকছ আৰু টেলিকমিউনিকেচন অভিযন্তা আৰু উদ্যোগপতি। তেওঁ চিপচেফাৰ(Chipsafer) নামৰ এটা প্ৰযুক্তি উদ্ভাৱন কৰিছে। এই প্ৰযুক্তিটোৱে গৰু-ম’হ আদি পশুসমূহক অনুসৰণ কৰিব পাৰে আৰু দূৰৰ পৰা স্বয়ংক্ৰিয়ভাৱে সিহঁতৰ আচৰণত কোনো অস্বাভাৱিকতা থাকিলে চিনাক্ত কৰিব পাৰে।

প্ৰাৰম্ভিক জীৱন

মাৰিয়া ভিক্টোৰিয়া এলনছ’পেৰেজৰ জন্ম উৰুগুৱেত হৈছিল। তেওঁ মণ্টেভিডিঅ’ৰ ৰিপাব্লিক বিশ্ববিদ্যালয়ত বৈদ্যুতিক আৰু মহাকাশ অভিযান্ত্ৰিক অধ্যয়ন কৰে।১২ স্নাতক ডিগ্ৰীৰ গৱেষণা প্ৰবন্ধৰ বাবে তেওঁ প্ৰথম উৰুগুৱেৰ উপগ্ৰহৰ বাবে চিষ্টেম ডিজাইন প্ৰস্তুত কৰাৰ কামত অংশ লয়। ২০০৯ চনত এলনছ’পেৰেজে আন্তঃৰাষ্ট্ৰীয় মহাকাশ পৰিষদৰ পৰা যুৱ অনুদান লাভ কৰে যাৰ ফলত তেওঁ কেইবাখনো মহাকাশ কংগ্ৰেছত অংশগ্ৰহণ কৰাৰ সুযোগ পায়। আৰু লগতে ই মহাকাশ প্ৰজন্মৰ পৰামৰ্শদাতা পৰিষদৰ সৈতে জড়িত হ’বলৈ সহায় কৰে। ২০১১ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিশ্ববিদ্যালয়ৰ মহাকাশ অধ্যয়ন কাৰ্যসূচীৰ এটা দলীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সেই সময়ত দুজন সহকৰ্মীৰ সৈতে বাৰ্চিলোনা জিৰ’-গ্ৰেভিটি এৰ’বেটিকছ চেলেঞ্জত জয়ী হয়।১৩ তেওঁ মহাকাশ অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰে আৰু এই ক্ষেত্ৰত অধ্যয়ন কৰা প্ৰথমগৰাকী উৰুগুৱেয়ান হিচাপে পৰিচিত হয়।৪

কৰ্ম জীৱন

৫ এলনছ’পেৰেজ যেতিয়া বাৰ বছৰীয়া শিশু আছিল তেতিয়াই গৰুৰ আচৰণ অনুসৰণ কৰিবলৈ এটা নিৰীক্ষণ ব্যৱস্থা উদ্ভাৱন কৰিছিল, যাৰ সহায়ত ২০০১ চনত হোৱা ফুট-এণ্ড-মাউথ ৰুগৰ প্ৰাদুৰ্ভাৱৰ পুনৰাবৃত্তি ৰোধ কৰিব পৰা গৈছিল। এঘাৰ বছৰৰ পাছত আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিশ্ববিদ্যালয়ত সহযোগী শিক্ষক হিচাপে কাম কৰি থাকোঁতে আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ যুৱ উদ্ভাৱক প্ৰতিযোগিতাৰ কথা তেওঁ শুনিছিল। এলনছ’পেৰেজে তেওঁৰ ধাৰণাটোক চিপচেফাৰ নামৰ এটা প্ৰযুক্তিলৈ ৰুপান্তৰিত কৰি প্ৰতিযোগিতালৈ পঠিয়াইছিল আৰু জয়ী হৈছিল।৬ ২০১৩ চনত এলনছ’পেৰেজে বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থাৰ পৰা শ্ৰেষ্ঠ যুৱ উদ্ভাৱকৰ বঁটা লাভ কৰে। ২০১৪ চনত আন্তঃআমেৰিকান উন্নয়ন বেংকে চিপচেফাৰক লেটিন আমেৰিকা আৰু কেৰিবিয়ানৰ আটাইতকৈ উদ্ভাৱনীমূলক ষ্টাৰ্টআপ হিচাপে নিৰ্বাচিত কৰে আৰু এম আই টি প্ৰযুক্তি পৰ্যালোচনাই তেওঁক আৰ্জেণ্টিনা আৰু উৰুগুৱেৰ বছৰৰ উদ্ভাৱক হিচাপে নিৰ্বাচিত কৰে।৭

প্ৰতিযোগিতাখনত জয়ী হোৱাৰ এটা সুবিধা আছিল উদ্যোগীকৰণৰ পাঠ্যক্ৰম, য’ত এলনছ’পেৰেজে কেনেকৈ এটা উন্নয়ন কোম্পানী স্থাপন কৰিব লাগে আৰু এটা প্ৰ’ট’টাইপ তৈয়াৰ কৰিব লাগে সেই বিষয়ে শিকিছিল। তেওঁ আইইইটেক(IEETech) প্ৰতিষ্ঠা কৰে আৰু উৰুগুৱেৰ ৰাষ্ট্ৰীয় গৱেষণা আৰু উদ্ভাৱন সংস্থাৰ বীজৰ ধনেৰে এই প্ৰ'ট'টাইপটো বিকশিত কৰে, ইয়াক পৰীক্ষা কৰে আৰু চিপচেফাৰৰ বাণিজ্যিকীকৰণৰ দিশত আগবাঢ়ি যায়।৮ প্ৰ’ট’টাইপটো সৃষ্টি হোৱাৰ পিছত এলনছ’পেৰেজে বহল পৰিসৰৰ পৰীক্ষাৰ বাবে ডিভাইচটো কিনিবলৈ বিনিয়োগকাৰী বিচাৰিবলৈ আৰম্ভ কৰে।৯ এই ডিভাইচটো হৈছে এক প্ৰকাৰৰ সৌৰশক্তিচালিত গলাত পিন্ধোৱা ডিভাইচ। ই গৰু-ম’হৰ পৰা সংগৃহীত তথ্য আইইইটেকৰ ছাৰ্ভাৰত প্ৰেৰণ কৰে। ছাৰ্ভাৰসমূহে এই তথ্য বিশ্লেষণ কৰি পশুৰ আচৰণত কোনো অস্বাভাৱিকতা আছে নে নাই সেয়া চিনাক্ত কৰে।। চাৰ্ভাৰসমূহে গ্ৰহণ কৰা তথ্যসমূহ দূৰৱৰ্তীভাৱে পৰিবৰ্তন কৰিব পাৰে বা কাৰ্য্য নবীকৰণ কৰিব পাৰে, আৰু গৰুৰ মালিক সকলে নিজৰ প্ৰয়োজন অনুসৰি তথ্য সলনি কৰি বিশেষ ধৰণৰ প্ৰতিবেদন লাভ কৰিব পাৰে।২ ২০১৫ চনত এলনছ’পেৰেজে স্থানীয় কৃষক আৰু ৰিপাব্লিক বিশ্ববিদ্যালয়ৰ সৈতে অধিক পৰীক্ষাৰ বাবে আৰু সম্পৰ্ক গঢ়ি তোলাৰ উপায় হিচাপে অংশীদাৰিত্ব কৰে৬ আৰু সেই বছৰৰ শেষৰ ফালে তেওঁ বিবিচি ১০০ উইমেন ছিৰিজৰ দ্বাৰা বছৰৰ অন্যতম প্ৰেৰণাদায়ক মহিলা হিচাপে মনোনীত হয়।

২০১৬ চনত এলনছ’পেৰেজে ছিলিকন ভেলীৰ পৰা বিনিয়োগকাৰী পুঁজিপতিসকলক আকৰ্ষণ কৰিবলৈ কাম কৰি আহিছে,১০ কিয়নো আগতে চীনত পণ্য-সম্পৰ্কীয় প্ৰাৰম্ভিক পৰামৰ্শ লাভ কৰা কিছু কঠিন হৈ পৰিছিল।১১

তথ্যসূত্ৰ

  1. ↑ (6 November 2011). SGAC Announces the Barcelona Zero-G Aerobatics Challenge Winners. Space Generation. Space Generation Advisory Council
  2. ↑ Zafra, Elena. (2014). Victoria Alonsopérez, 27. MIT Technology Review
  3. ↑ (2014). International Women In The News: Victoria Alonsoperez. Gravitas Magazine. Fuse Media Publications
  4. ↑ Cotelo, Emiliano. (19 December 2013). María Victoria Alonsopérez: una emprendedora joven, su aporte al agro y los proyecto. Espectador
  5. ↑ (22 November 2013). Thailand: Youth Innovation Day at ITU Telecom World 2013 Showcases Technical Ingenuity. Mena Report
  6. ↑ (20 July 2016). Smart Agriculture – Using Location to Protect Food Sources. WIPO. World Intellectual Property Organization
  7. ↑ Victoria Alonsoperez | Iaf. Iafastro.org
  8. ↑ Noel Domínguez, María. (22 June 2015). Conocé la historia de Victoria Alonsoperez, una ingeniera de 27 años que buscó eliminar la aftosa. Portal Montevideo
  9. ↑ Lima, Joao. (12 April 2016). Cows, air pollution & UFOs: 5 IoT monitoring solutions seeking seed funding. Computer Business Review
  10. ↑ García-Robles, Susana. (24 November 2016). Emprendedoras de America Latina en la mira de Silicon Valley. Analítica. Arawato Media CA
  11. ↑ Malvasio, Gabriela. (1 January 2016). Con la cabeza en las estrellas. El Observador

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিক্টোৰিয়া এলনছ’পেৰেজ” প্ৰবন্ধৰ সংশোধন ৬০৪৩৮৩ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।