অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৰত মাতা (পেইণ্টিং)

ভাৰত মাতা (Bharat Mata) হৈছে ১৯০৫ চনত ভাৰতীয় চিত্ৰশিল্পী অৱনীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত এখন চিত্ৰ। অৱশ্যে, চিত্ৰখন প্ৰথমবাৰৰ বাবে ১৮৭০ চনত বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে অংকন কৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৯৭ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভাৰত মাতা (Bharat Mata) হৈছে ১৯০৫ চনত ভাৰতীয় চিত্ৰশিল্পী অৱনীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত এখন চিত্ৰ। অৱশ্যে, চিত্ৰখন প্ৰথমবাৰৰ বাবে ১৮৭০ চনত বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে অংকন কৰিছিল। এই চিত্ৰখনত সাধ্বীৰ দৰে এগৰাকী গেৰুৱা কাপোৰ পিন্ধি থকা মহিলাই চাৰিখন হাতেৰে কিতাপ, ধানৰ ঠোক, বগা কাপোৰৰ টুকুৰা আৰু ৰুদ্ৰাক্ষ মালা ধাৰণ কৰিছে। এই চিত্ৰখন ধাৰণাটোৰ প্ৰথম সচিত্ৰ চিত্ৰণ আছিল আৰু বৃহত্তৰ ভাৰতীয় স্বাধীনতা আন্দোলন সময়ত স্বদেশ আদৰ্শৰ সৈতে খাপ খুৱাই অংকন কৰা হৈছিল।

ভাৰতীয় কবি আৰু শিল্পী ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজা অবনীন্দ্ৰনাথে সৰুতে ঠাকুৰ পৰিয়ালৰ কলাত্মক প্ৰৱণতাৰ সৈতে পৰিচিত হৈছিল।

১৮৮০ চনত কলকাতাৰ সংস্কৃত মহাবিদ্যালয়ত প্ৰথম অধ্যয়ন কৰাৰ সময়ত ঠাকুৰে শিল্প শিক্ষণৰ সৈতে পৰিচিত হৈছিল। প্ৰথম বছৰবোৰত ঠাকুৰে ইউৰোপীয় প্ৰকৃতিবাদী শৈলীত চিত্ৰ অংকন কৰিছিল, যিটো তেওঁৰ প্ৰাৰম্ভিক চিত্ৰকল্প যেনে দ্য আৰ্মৰিৰ পৰা স্পষ্ট হৈ পৰে। প্ৰায় ১৮৮৬ বা ১৮৮৭ চনত ঠাকুৰৰ আত্মীয় জ্ঞানানন্দিনী দেৱীয়ে ঠাকুৰ আৰু কলিকতাৰ চৰকাৰী কলাৰ কিউৰেটৰ ই বি হেভেলৰ মাজত এখন বৈঠক স্থাপন কৰিছিল। এই বৈঠকৰ ফলত হেভেল আৰু ঠাকুৰৰ মাজত ধাৰাবাহিক আদান-প্ৰদানৰ সৃষ্টি হয়, হেভেলে নিজৰ একে দিশৰ ধাৰণাৰে এজন স্থানীয় কলা সহযোগী লাভ কৰে, আৰু ঠাকুৰে এজন শিক্ষক লাভ কৰে যিয়ে তেওঁক ভাৰতীয় শিল্প ইতিহাসৰ ‘বিজ্ঞান’ৰ বিষয়ে শিক্ষা প্ৰদান কৰে। তেওঁ ঠাকুৰক কলা বিদ্যালয়খনৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ চেষ্টা কৰিছিল যদিও এইক্ষেত্ৰত বিদ্যালয়পৰিয়ালৰ ফালৰপৰা তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছিল। এই কাম কৰিবলৈ হেভেলে স্কুলৰ বহুখিনি নিয়মৰ সালসলনি কৰিবলগীয়া হৈছিল, আৰু শ্ৰেণীকোঠাত হুকা ধূমপান কৰা আৰু সময়ৰ সূচী মানি চলিবলৈ অস্বীকাৰ কৰাকে ধৰি ঠাকুৰৰ বহু অভ্যাস সহ্য কৰিছিল। ১

বিষয়

ভাৰত মাতাক কেশৰ -পোছাক পৰিহিত ঐশ্বৰিক নাৰী হিচাপে চিত্ৰিত কৰা হৈছে, তেওঁৰ চাৰিহাতত আছে কিতাপ, ধানৰ ঠোক, বগা কাপোৰৰ টুকুৰা আৰু ৰুদ্ৰাক্ষমালা। এই ছবিখনে ঐতিহাসিক তাৎপৰ্য্য লাভ কৰিছে কাৰণ এয়া ভাৰত মাতা বা "ভাৰত মাতৃ"ৰ অন্যতম প্ৰাচীন দৃশ্যায়ন। ২ ৩

বিষয়বস্তু আৰু ৰচনা

কন্যাকুমাৰীত ভাৰত মাতাৰ প্ৰতিমূৰ্তি।
কন্যাকুমাৰীত ভাৰত মাতাৰ প্ৰতিমূৰ্তি।ছবি: Krishna Kumar (Kris Kumar) · CC BY-SA 2.0

স্বদেশী আন্দোলনৰ সময়ত এই চিত্ৰখন অংকন কৰা হৈছিল। বংগ বিভাজন (১৯০৫) ৰ প্ৰতিক্ৰিয়া হিচাপে এই আন্দোলন আৰম্ভ হৈছিল, যেতিয়া লৰ্ড কাৰ্জনে বংগৰ বহুলাংশে মুছলমান পূব অঞ্চলক বহুলাংশে হিন্দু পশ্চিম অঞ্চলৰ পৰা বিভক্ত কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰা ভাৰতীয় জাতীয়তাবাদীসকলে ব্ৰিটিছ সামগ্ৰী আৰু প্ৰতিষ্ঠান বৰ্জন কৰি, সভা আৰু শোভাযাত্ৰা পাতি, সমিতি গঠন কৰি, কূটনৈতিক হেঁচা প্ৰয়োগ কৰি ব্ৰিটিছক প্ৰতিহত কৰিছিল। ৪

ছবিখনৰ কেন্দ্ৰীয় আকৃতিত বিংশ শতিকাৰ আৰম্ভণিতে ভাৰতীয় সংস্কৃতি আৰু ভাৰতৰ অৰ্থনীতিৰ সৈতে জড়িত একাধিক বস্তু যেনে কিতাপ, ধানৰ ঠোক, বগা কাপোৰৰ টুকুৰা আৰু ৰুদ্ৰাক্ষমালা আদি সন্নিবিষ্ট কৰা হৈছে। তদুপৰি চিত্ৰখনৰ কেন্দ্ৰীয় মূৰ্তিটোৰ চাৰিখন হাত আছে, যিয়ে হিন্দু চিত্ৰকল্পক প্ৰতিনিধিত্ব কৰে। এইদৰে থকা একাধিক হাতে অপৰিসীম শক্তিক প্ৰতিনিধিত্ব কৰে। ৫

ভাৰতৰ কলকাতাত থকা ভাৰতীয় সংগ্ৰহালয়ৰ কিউৰেটৰ জয়ন্ত সেনগুপ্তাই এই ছবিখনক "মাকে পুত্ৰৰ জৰিয়তে মুক্তি বিচৰা 'ভাৰত মাতা'ৰ মানৱীয়কৰণৰ প্ৰয়াস" বুলি চিহ্নিত কৰিছে। ৬

তথ্যসূত্ৰ

  1. ↑ Banerji. (2010). The Alternate Nation of Abanindranath Tagore. Sage publications. পৃ. 28. ISBN 978-81-321-0239-7
  2. ↑ Jha, DN. Far from being eternal, Bharat Mata is only a little more than 100 years old
  3. ↑ (2011). India and the Contemporary World-II: Textbook in History for Class X. NCERT. পৃ. 47. ISBN 978-81-7450-707-5
  4. ↑ Johnson. (May 1973). Partition, Agitation and Congress: Bengal 1904 To 1908. Modern Asian Studies. পৃ. 533–588
  5. ↑ Dehejia, Vidya. Hinduism and Hindu Art · Essay. The Met’s Heilbrunn Timeline of Art History
  6. ↑ Singh, Shiv Sahay. Abanindranath's Bharat Mata on display. The Hindu

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পত হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত মাতা (পেইণ্টিং)” প্ৰবন্ধৰ সংশোধন ৬৩১১২৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।