চিত্ৰ
৯ প্ৰবন্ধ
-
হেঙুল আৰু হাইতাল
হেঙুল আৰু হাইতাল অসমত অতীজৰে পৰা ব্যৱহৃত দুবিধ প্ৰাকৃতিক ৰঞ্জক পদাৰ্থ। অসমীয়া সংস্কৃতিৰ লগত হেঙুল আৰু হাইতাল বিশেষভাৱে জড়িত। হেঙুলৰ ৰং ৰঙা আৰু হাইতালৰ ৰং হালধীয়া। সাধাৰণতে খনিৰ পৰা বিশেষ উপায়েৰে শোধিত কৰি হেঙুল হাইতাল ব্যৱহাৰ কৰা হয়। সত্ৰীয়া সংস্কৃতিত এই দুয়ো ৰঞ্জকৰ গুৰুত্ব অপৰিসীম।
-
মনালিছা
মনালিছা (Monalisa) ষষ্ঠদশ শতিকাৰ বিখ্যাত চিত্ৰশিল্পী ইটালীৰ লিঅ'নাৰ্ডো ডা-ভিন্সিয়ে (Leonardo da Vinci, ১৪৫২-১৫১৯) অংকন কৰা এখন প্ৰসিদ্ধ শিল্পকৃতি, নাম 'মনালিছা'। লিঅনাৰ্ডোৱে ১৫০৩ চনৰ পৰা ১৫০৭ চনৰ ভিতৰত এই ছবিখন সম্পূৰ্ণ কৰিছিল। ছবিখনৰ দৈৰ্ঘ্য ৭৭ চেণ্টিমিটাৰ আৰু প্ৰস্থ ৫৩ চেণ্টিমিটাৰ।
-
দ্য কম্বেট: ৱ'মেন প্লিডিং ফ'ৰ দ্য ভেংকুইছড
দ্য কম্বেট: ৱ'মেন প্লিডিং ফ'ৰ দ্য ভেংকুইছড (The Combat: Woman Pleading for the Vanquished, অসমীয়া অৰ্থ: যুদ্ধ: পৰাজিতজনৰ বাবে অনুৰোধ কৰা মহিলা) হৈছে ইংৰাজ শিল্পী উইলিয়াম এটিৰ কেনভাছত নিৰ্মিতএখন বৃহৎ তৈলচিত্ৰ, যিখন প্ৰথমে ১৮২৫ চনত প্ৰদৰ্শিত হৈছিল আৰু এতিয়া স্কটলেণ্ডৰ নেচনেল গেলেৰীত।
-
নগ্নতাৰ বিপৰীতে পোহৰ
নগ্নতাৰ বিপৰীতে পোহৰ (ফৰাচী: Nu à contre-jour) ফৰাচী উত্তৰ-প্ৰতিবাদকাৰীৰ চিত্ৰশিল্পী পিয়েৰ বনাৰ্ডে অংকন কৰা তৈলচিত্ৰ। ১৯০৮ চনত বনাৰ্ডে এই তৈলচিত্ৰখন আঁকিছিল। বৰ্তমান বেলজিয়ামৰ ৰয়েল মিউজিয়াম অৱ ফাইন আৰ্টছত ৰখা এই ছবিখন ১৯৮০ চনত বিবিচি ২ৰ অনুষ্ঠান হাণ্ড্ৰেড গ্ৰেট পেইণ্টিংছত প্ৰদৰ্শিত হৈছিল।
-
গৰৰৰৰৰৰৰৰৰৰ!!
গৰৰৰৰৰৰৰৰৰৰ!! (Grrrrrrrrrrr!!) ১৯৬৫ চনত ৰয় লিচেনষ্টেইনৰ দ্বাৰা অইল আৰু মেগনাৰে অঙ্কিত এখন কেনভাছ পেইণ্টিং। ৬৮ ইঞ্চি × ৫৬.১২৫ ইঞ্চি (১৭২.৭ চে.মি. × ১৪২.৬ চে.মি.) এই পেইণ্টখন লিচেনষ্টেইনে ছলমেন আৰ. গুগেনহাইম সংগ্ৰহালয়লৈ উইল কৰিছিল। "গৰৰৰৰৰৰৰৰৰৰ!!" হৈছে এটা খঙাল কুকুৰৰ মুখৰ অভিব্যক্তি।
-
দ্য ষ্টাৰী নাইট
দ্য ষ্টাৰী নাইট হৈছে ডাচ পোষ্ট-ইম্প্ৰেছনিষ্ট চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ দ্বাৰা তৈল মাধ্যমত কৰা এখন কেনভাচ চিত্ৰ।এই চিত্ৰ খন ১৮৮৯ চনৰ জুন মাহত অংকিত কৰা হৈছিল, ইয়াত সূৰ্যোদয়ৰ ঠিক আগতে ছেইণ্ট-ৰেমি-ডি-প্ৰভেন্সত থকা তেওঁৰ আশ্ৰয় কোঠাৰ পূব দিশৰ খিৰিকীৰ পৰা দৃশ্যটো দেখুওৱা হৈছে, য'ত এখন কাল্পনিক গাওঁ…
-
নগ্ন
নগ্ন (Nude) শব্দটি সাধাৰণতে মানুহৰ শৰীৰত কোনো পোছাক বা আচ্ছাদন নথকাৰ অৱস্থা বুজাবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে নগ্নতা হৈছে মানুহৰ কাপোৰ নোহোৱা অৱস্থা, যি নগ্ন শব্দৰ বিশেষণ ৰূপে ব্যৱহৃত হয়৷ অনুমান বেলেগ বেলেগ হ’লেও প্ৰাক-ইতিহাসৰ প্ৰথম ৯০,০০০ বছৰত শাৰীৰিকভাৱে মানুহ উলংগ আছিল।
-
ভাৰত মাতা (পেইণ্টিং)
ভাৰত মাতা (Bharat Mata) হৈছে ১৯০৫ চনত ভাৰতীয় চিত্ৰশিল্পী অৱনীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত এখন চিত্ৰ। অৱশ্যে, চিত্ৰখন প্ৰথমবাৰৰ বাবে ১৮৭০ চনত বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে অংকন কৰিছিল।
-
ৰাধা এণ্ড কৃষ্ণ ৱাক ইন এ ফ্লাৱাৰিং গ্ৰ'ভ
ৰাধা এণ্ড কৃষ্ণ ৱাক ইন এ ফ্লাৱাৰিং গ্ৰ'ভ'(ৰাধা আৰু কৃষ্ণই ফুলৰ বাগিচা এখনত খোজ কাঢ়িছে) হৈছে প্ৰায় ১৭২০ চনত দ্য কোটা মাষ্টাৰ নামেৰে জনাজাত এজন অচিনাক্ত শিল্পীৰ এখন চিত্ৰ। ই মেট্ৰ'পলিটান মিউজিয়াম অৱ আৰ্ট, / এছিয়ান আৰ্টত সংগ্ৰহিত হৈ আছে।