ভাৰত আৰু বাংলাদেশৰ মাজৰ পৰিবহণে দুয়োখন দেশৰ বাবে বহু ঐতিহাসিক আৰু ৰাজনৈতিক তাৎপৰ্য্য বহন কৰে। উল্লেখ্য যে বংগ আৰু ভাৰত বিভাজনৰ পৰা আৰম্ভ কৰি প্ৰায় ৪৩ বছৰ ধৰি দুয়োখন দেশৰ মাজত কোনো স্থল পৰিবহণ সংযোগ নাছিল। কলকাতা–ঢাকা বাছ (১৯৯৯) আৰু ঢাকা–আগৰতলা বাছ (২০০১) আছিল দুয়োখন দেশৰ মাজৰ প্ৰাথমিক পথ সংযোগ; পৰবৰ্তী সময়ত বাংলাদেশৰ ৰাজধানী ঢাকাৰ মাজেৰে প্ৰত্যক্ষভাৱে কলকাতা-আগৰতলা বাছ সেৱা চালু কৰা হয়। ৪৩ বছৰ ধৰি বন্ধ হৈ থকা কলকাতা আৰু ঢাকাৰ মাজত ৰেলপথ পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে মৈত্ৰী এক্সপ্ৰেছ (অনু: বন্ধুত্ব এক্সপ্ৰেছ) আৰম্ভ কৰা হয়।১
ৰে'ল সেৱা
ৰ মানচিত্ৰ।]]
ভাৰত আৰু বাংলাদেশৰ মাজত ঐতিহাসিক সংযোগকে ধৰি সম্পূৰ্ণ ৰেল সংযোগ আৰু ইয়াৰ বৰ্তমানৰ অৱস্থা তলত দিয়া ধৰণৰ:
| ভাৰতীয় ক্ৰছিং | বাংলাদেশী ক্ৰছিং | সীমান্ত২ | স্থিতি | বৰ্তমান ৰেল সেৱা | ঐতিহাসিক ৰেল সেৱা |
|---|---|---|---|---|---|
| গেদে | দৰ্শনা | পশ্চিমীয়া | বৰ্তমান | মৈত্ৰী এক্সপ্ৰেছ আৰু মালবাহী ৰে'ল | ইষ্ট বেংগল এক্সপ্ৰেছ, ইষ্ট বেংগল৩ |
| পেট্ৰাপোল | বেনাপোল | পশ্চিমীয়া | বৰ্তমান | বন্ধন এক্সপ্ৰেছ আৰু মালবাহী গাড়ী | বৰিশাল এক্সপ্ৰেছ৩ |
| সিংহাবাদ | ৰাজশাহী | পশ্চিমীয়া | বৰ্তমান | মালবাহী | |
| ৰাধিকাপুৰ | বিৰোল | পশ্চিমীয়া | বৰ্তমান | মালবাহী | |
| হলদিবাড়ী | চিলাহাটী | উত্তৰ | বৰ্তমান | মিতালী এক্সপ্ৰেছ | |
| চাংৰাবন্ধা | বুঢ়ীমাৰি | উত্তৰ | নিষ্ক্ৰিয় ৪ | ||
| মহিষাসন | শ্বাহবাজপুৰ | উত্তৰ | পুনৰুদ্ধাৰ কৰা হৈছে ৫ | ||
| আগৰতলা | আখাউড়া | উত্তৰ | পুনৰুদ্ধাৰ কৰা হৈছে৬ |
তথ্যসূত্ৰ
- ↑ (14 April 2008). Kolkata-Dhaka Moitree Express flagged off. দ্য টাইম্ছ অৱ ইণ্ডিয়া. Times Internet Limited
- ↑ বাংলাদেশৰ সীমান্তৰ ওপৰত ভিত্তি কৰি
- ↑ Thapliyal, Sangeeta. India-Bangladesh Transportation Links: A Move for Closer Cooperation. Institute for Defence Studies and Analyses
- ↑ বৰ্তমান নিষ্ক্ৰিয় যদিও পুনৰুদ্ধাৰ কৰিবলৈ চিন্তা-চৰ্চা কৰা হৈছে
- ↑ এটা মিটাৰ গেজ লাইন আছিল যদিও বন্ধ কৰি দিয়া হৈছিল। যদিও, সম্প্ৰতি পুনৰুদ্ধাৰৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।
- ↑ IRCON দ্বাৰা এটা নতুন লাইন সত্তা বিকশিত কৰা হৈছে, আৰু ইয়াৰ খৰচ ভাৰতে বহন কৰিবলগীয়া হৈছে। বৰ্তমানে চলি থকা আগৰতলা-আখৌৰা নতুন ৰে’ল সংযোগ প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ ২০১৭ চনৰ অক্টোবৰ মাহতেই দুয়োখন দেশত সম্পূৰ্ণ হৈছিল আৰু ২০১৮ চনত ট্ৰেক স্থাপন সম্পূৰ্ণ হৈছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত আৰু বাংলাদেশৰ মাজত যাতায়ত ব্যৱস্থা” প্ৰবন্ধৰ সংশোধন ৬০৫৯২৭ (১২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।