অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভাৰতত চুলি কটাৰ ঘটনা

২০১৭ চনৰ জুন মাহৰ পৰা ভাৰতত অস্পষ্ট বা অস্পষ্টভাৱে চুলি কটা বা ব্ৰেইডিং কৰাৰ গোচৰ পোৱা গৈছে। প্ৰথমটো বহুলভাৱে নথিভুক্ত কাণ্ড ঘটিছিল ২০১৭ চনৰ ২৩ জুন তাৰিখে। এবিপি নিউজে প্ৰকাশ কৰা অনুসৰি ৰাজস্থানৰ বিকানেৰত এগৰাকী শুই থকা মহিলাৰ চুলি কাটিছিল এজনী ‘ডাইনী’য়ে।

হালনাগাদ: ১৫ ফেব্ৰুৱাৰী ২০২৫ ২৯১ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

২০১৭ চনৰ জুন মাহৰ পৰা ভাৰতত অস্পষ্ট বা অস্পষ্টভাৱে চুলি কটা বা ব্ৰেইডিং কৰাৰ গোচৰ পোৱা গৈছে। প্ৰথমটো বহুলভাৱে নথিভুক্ত কাণ্ড ঘটিছিল ২০১৭ চনৰ ২৩ জুন তাৰিখে। এবিপি নিউজে প্ৰকাশ কৰা অনুসৰি ৰাজস্থানৰ বিকানেৰত এগৰাকী শুই থকা মহিলাৰ চুলি কাটিছিল এজনী ‘ডাইনী’য়ে। সমগ্ৰ ভাৰতবৰ্ষত বিশেষকৈ দিল্লী, বিহাৰ, হাৰিয়ানা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু কাশ্মীৰত একেধৰণৰ কাণ্ডৰ নথিভুক্তকৰণ ক্ৰমাৎ বৃদ্ধি পাইছিল৷

ৰাজস্থান

২০১৭ চনৰ ২৩ জুনত এ পি পি নিউজে প্ৰকাশ কৰা অনুসৰি ৰাজস্থানৰ বিকানেৰ ত এগৰাকী মহিলাই শুই থকা অৱস্থাত ‘ডাইনী’য়ে চুলি কাটি পেলাইছিল। তাৰ পিছত চুলি কটাৰ ঘটনা আৰু মহামাৰীৰ আশংকা বিশেষকৈ ৰাজস্থানত বাঢ়ি যায়। এনে ঘটনা কেৱল ৰাতিয়েই নহয় দিনতো সংঘটিত হৈছিল।

২৩ জুনত সংঘটিত হোৱা ঘটনাৰ তিনিদিন পূৰ্বে যোধপুৰৰ পিপাৰ চহৰতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল, য'ত ৰাতিপুৱা সাৰ পাই এগৰাকী ছোৱালীয়ে চুলি কটা দেখিছিল। এই খবৰ প্ৰথম প্ৰকাশ হৈছিল দৈনিক ভাস্কৰত। হেৰাই যোৱা চুলিৰ বাহিৰেও ছোৱালীজনীৰ শৰীৰৰ আন অংশতো আঘাতৰ চিহ্ন দেখা গৈছিল।আৰক্ষীয়ে তদন্ত কৰি দেখিলে যে ছোৱালীজনীৰ চুলি ব্লেডেৰে কাটি পেলোৱা হৈছে। কিন্তু তেওঁলোকে দোষীক বিচাৰি নাপালে।

২০১৭ চনৰ ৬ জুলাইত হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি ইজনে সিজনৰ বাবে অচিনাকি ৰাজস্থানৰ ১৩ আৰু ১৪ বছৰ বয়সৰ দুগৰাকী ছোৱালী চুলি কটাৰ কাণ্ডৰ বলি হৈছিল।

উত্তৰ প্ৰদেশ

২০১৭ চনৰ আগষ্টৰ আৰম্ভণিতে আলিগড় আৰু মোৰাদাবাদৰ পৰা দুটা গোচৰ ৰুজু হৈছিল ৷ বুলন্দ চহৰত সংঘটিত হৈছিল চাৰিটা ঘটনা। কিন্তু পিছত উত্তৰ প্ৰদেশ আৰক্ষী আৰু দিল্লী আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে যে এই ঘটনাবোৰ কেৱল উৰাবাতৰিহে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছ নিউজ চেনেলৰ তথ্য অনুসৰি সমগ্ৰ উত্তৰ ভাৰতত প্ৰায় ত্ৰিশটা গোচৰ ৰুজু হৈছিল।

২ আগষ্ট তাৰিখে আগ্ৰাৰ গাঁওবাসীয়ে এগৰাকী ৬২ বছৰীয়া মহিলাক হত্যা কৰিছিল। ছোৱালীৰ চুলি কাটিছে বুলি সন্দেহ কৰাৰ পিছত তেওঁক "ডাইনী" বুলি অভিযোগ উত্থাপন কৰিছিল। এন ডি টি ভি ইণ্ডিয়াই ২০১৭ চনৰ ৩ আগষ্টত সম্প্ৰচাৰ কৰিছিল এই খবৰ।১ ইউ পি আৰক্ষীয়ে মহানগৰৰ পৰা পলায়ন কৰা আৰু ভুক্তভোগীৰ চুবুৰীয়া দুজন সন্দেহযুক্ত লোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Woman Branded Witch, Killed In UP Amid 'Braid Cutting' Scare. m.ndtv.com

সম্পৰ্কিত শ্ৰেণী

অন্ধবিশ্বাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতত চুলি কটাৰ ঘটনা” প্ৰবন্ধৰ সংশোধন ৪৭৭৬২৩ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।