নেডাৰলেণ্ডৰ ব্যক্তি
১০ প্ৰবন্ধ
-
ভিনচেণ্ট ভেন গঘ
ভিনচেণ্ট ৱীলেম ভেন গঘ (৩০ মাৰ্চ, ১৮৫৩ – ২৯ জুলাই, ১৮৯০) আছিল হলেণ্ডৰ প'ষ্ট-ইম্প্ৰেচনিষ্ট চিত্ৰকাৰ। বিংশ শতাব্দীত ৰঙৰ বিচিত্ৰতা আৰু আৱেগপ্ৰৱণতাৰে ভৰা তেওঁৰ সৃষ্টিয়ে দূৰ-দূৰণিলৈকে প্ৰভাৱ পেলাইছিল।
-
বেৰনাৰ্ড লুকাছ ফেৰীনগা
বেৰনাৰ্ড লুকাছ "বেন" ফেৰীনগা (Bernard Lucas Feringa, জন্ম: ১৮ মে, ১৯৫১) এজন ওলন্দাজ সংশ্লেষিক জৈৱৰসায়ন বিজ্ঞানী, আণৱিক নেন'প্ৰযুক্তি বিশেষজ্ঞ আৰু হম'জিনিয়াছ অনুঘটকবিদ।
-
ৰুটজাৰ ব্ৰেগমেন
ৰুটজাৰ চি. ব্ৰেগমেন (Rutger C. Bregman)(জন্ম ২৬ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী নেডাৰলেণ্ডৰ ইতিহাসবিদ আৰু লেখক৷ ব্ৰেগমেনে ইতিহাস, দৰ্শন, অৰ্থনীতিৰ বিষয়ত এতিয়ালৈকে চাৰিখন কিতাপ লিখিছে৷ তেখেতেৰ Utopia for Realists: How We Can Build the Ideal World শীৰ্ষক গ্ৰন্থখন এতিয়ালৈকে বত্ৰিশটা ভাষাত অনূদিত হৈছে৷…
-
ৰে'ম্ব্ৰেণ্ট
ৰে'ম্ব্ৰেণ্ট হাৰ্মেচুন ভন ৰে'ইন (; ১৫ জুলাই ১৬০৬ কলা জগতকৈ তেওঁৰ অৱদানসমূহ এনে এক অৰ্থনৈতিক আৰু সাংস্কৃতিক কৃতিত্বৰ সময়ত আহিছিল যাক ইতিহাসবিদসকলে ডাচ্চ সোণালী যুগ বোলে। ডাচ্চ সোণালী যুগ চিত্ৰকলা সমগ্ৰ ইউৰোপত প্ৰচলিত বেৰ'ক শৈলীতকৈ বহু পৃথক হ'লেও জনপ্ৰিয় আছিল আৰু ই চিত্ৰকলাত ন ন শ্ৰেণীৰ সৃষ্টি কৰে।
-
ৱাল্টাৰ লুইন
ৱাল্টাৰ হেন্দ্ৰিক গাষ্টভ লুইন (জন্ম ২৯ জানুৱাৰী, ১৯৩৬) এজন ডাচ্চ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকনলজীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক। লুইনে ১৯৬৫ চনত ডেল্ফট য়ুনিভাৰ্ছিটি অৱ টেকনলজীৰ পৰা নিউক্লিয় পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
-
আৰ্জেন ৰ'বেন
আৰ্জেন ৰ'বেন(জন্ম ২৩ জানুৱাৰী, ১৯৮৪) হৈছে এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ নেডাৰলেণ্ডচ্ জাতীয় দল আৰু জৰ্মানীৰ বুন্দেছলিগা(Bundesliga) লীগৰ ক্লাব বেয়াৰ্ন মিউনিখৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ। ৰ'বেনে ইউৰো ২০০৪, ইউৰো ২০০৮, ইউৰো ২০১২ আৰু ফিফা বিশ্বকাপ ২০০৬, ২০১০, ২০১৪ত ভাগ লৈছে।
-
ইয়াছমিন ৱাইনালডাম
ইয়াছমিন ৱাইনালডাম (জন্ম ১০ জুলাই ১৯৯৮) এগৰাকী ডাচ ফেশ্বন মডেল। তেওঁ নিজৰ আত্মবিশ্বাসী ৰানৱে ৱাকৰ বাবে পৰিচিত।
-
এনমেৰী গ্ৰুৱেল
এনমেৰী গ্ৰুৱেল (১৩ জুন ১৯৩৫ – ২৭ ফেব্ৰুৱাৰী ১৯৯৮) এগৰাকী ডাচ চিনেটৰ, শিক্ষাবিদ আৰু স্তম্ভলেখক আছিল। তেওঁ এগৰাকী মুকলিভাৱে লেচবিয়ান ৰাজনীতিবিদ আছিল। গ্ৰুৱেল সাধাৰণতে লেবাৰ পাৰ্টিৰ কংগ্ৰেছসমূহৰ সভানেত্ৰী আছিল। ১৯৮২ চনত তেওঁ ডি গ্ৰুৱেন আমষ্টাৰডামাৰৰ স্তম্ভলেখক হয়।
-
নিকোলাছ লৰেন্স বৰ্মন
নিকোলাছ লৰেন্স বৰ্মন (Nicolaas Laurens Burman; ২৭ ডিচেম্বৰ ১৭৩৪ – ১১ ছেপ্টেম্বৰ ১৭৯৩) আছিল এগৰাকী ডাচ উদ্ভিদবিদ। তেওঁ জোহানেছ বৰ্মন (১৭০৭–১৭৮০)ৰ পুত্ৰ আছিল। পিতৃৰ পিছত তেৱেঁই আমষ্টাৰডামৰ এথেনিয়াম ইলাষ্ট্ৰে আৰু হৰ্টাছ বটানিকাছতত উদ্ভিদ বিজ্ঞানৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰবিন ভেন পাৰ্চি
ৰবিন ভেন পাৰ্চি (Robin van Persie; জন্ম ৬ আগষ্ট ১৯৮৩) হ'ল এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ এজন ষ্ট্ৰাইকাৰ হিচাপে ইংলিছ প্ৰিমিয়াৰ লীগৰ জনপ্ৰিয় ক্লাব মানচেষ্টাৰ ইউনাইটেড আৰু নেডাৰলেণ্ডচ্ জাতীয় দলৰ হৈ খেলি আছে।