অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বেল্লি ললিতা

বেল্লি ললিতা (Belli Lalitha; ২৯ এপ্ৰিল ১৯৭৪-২৬ মে' ১৯৯৯) এগৰাকী ভাৰতীয় লোক সংগীত শিল্পী। তেওঁ তেলেংগনা কলা সমিতিৰ প্ৰতিষ্ঠাপক আছিল। ১৯৯৯ চনত তেওঁক হত্যা কৰা হৈছিল।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৬ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বেল্লি ললিতা (Belli Lalitha; ২৯ এপ্ৰিল ১৯৭৪-২৬ মে' ১৯৯৯) এগৰাকী ভাৰতীয় লোক সংগীত শিল্পী। তেওঁ তেলেংগনা কলা সমিতিৰ প্ৰতিষ্ঠাপক আছিল। ১৯৯৯ চনত তেওঁক হত্যা কৰা হৈছিল।

জীৱন

তেওঁ যদাদ্ৰী ভূৱনাগিৰি জিলাৰ মতাকোন্দুৰ মণ্ডলৰ নানচাৰীপেটত তেলেগুভাষী কুৰুমা পৰিয়াল এটাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ ভাতৃ বেলী কৃষ্ণ, এগৰাকী সক্ৰিয়কৰ্মী তথা চৰকাৰী কৰ্মচাৰী। ইয়াৰোপৰি তেওঁলোকৰ ৫ গৰাকী ভগ্নী আছিল। তেওঁ নাগৰিক স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল আৰু নব্বৈৰ দশকৰ শেষৰ ফালে তেলেংগানা অঞ্চলৰ বাবে ৰাজ্যিকতা পৰ্যায়ৰ এগৰাকী কৰ্মী আছিল। তেওঁৰ দেউতাক আছিল এগৰাকী 'অগ্গু কথা' গায়ক আৰু শ্ৰমিক। তেলেংগনাক ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ কাৰণে যুঁজ দিয়া ললিতাই গ্ৰামাঞ্চলত অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁক হত্যা কৰাৰ পূৰ্বে ১৯৯৯ চনৰ নিৰ্বাচনত ভোংগীৰ সমষ্টিৰ পৰা সমাজবাদী পাৰ্টিয়ে আসনৰ প্ৰস্তাৱ দিছিল। [ উদ্ধৃতিৰ প্ৰয়োজন ]

মৃত্যু

১৯৯৯ চনত তেওঁক অপহৰণ কৰি আক্ৰমণ কৰা হয় আৰু কুঠাৰেৰে ঘপিয়াই হত্যা কৰা হয় যাৰ ফলত তেওঁৰ শৰীৰৰ অংগসমূহ ১৭টা টুকুৰাত খণ্ডিত হয়। ১ পিছত দুৰ্বৃত্তৰ দলটোৱে তেওঁৰ খণ্ডিত অংগবোৰ চৌতুপোৱাল থানাৰ সন্মুখত পেলাই দিয়ে। প্ৰথম অৱস্থাত তেতিয়াৰ টিডিপি চৰকাৰৰ গৃহমন্ত্ৰী আলিমিনেটি মাধৱ ৰেড্ডীৰনাম হত্যাকাণ্ডৰ সৈতে সাঙোৰ খাইছিল যদিও পিছত স্থানীয় নক্সালবাদী গডফাদাৰ আৰু কিংপিন মহম্মদ নায়েমুদ্দিনৰ বিৰোদ্ধে দাখিল কৰা প্ৰমাণসমূহ অধিল সৱল হোৱাত তেওঁ গোচৰ মুক্ত হয়। ২ ৩ ৪ তেওঁৰ তিনিগৰাকী খুলশালীকো হত্যা কৰা হয়। ভায়েক বেলী কৃষ্ণ ২০০০ চনৰ পৰা ২০১৭ চনলৈকে লুকাই থাকে ৫

অধিক পঢ়ক

তথ্যসূত্ৰ

  1. ↑ Face To Face With Belli Lalitha’s Sister - AP7AM.com Reporting
  2. ↑ (15 August 2016). From Maoist to police informer to gangster: The rise and fall of Nayeem. Hindustan Times
  3. ↑ (29 March 2011). Brutality involved in Sambasivudu murder indicates Nayeem's role. The Hindu
  4. ↑ (9 August 2016). From Revolutionary To Underworld Don - The Journey Of A Gangster. Sakshi
  5. ↑ Nayeem victim's brother returns after 17-yr exile. The Times of India

সম্পৰ্কিত শ্ৰেণী

গায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেল্লি ললিতা” প্ৰবন্ধৰ সংশোধন ৬৩৪৭২১ (৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।