বি কোডানায়াগুই: B. Codanayaguy;ইছৰোৰ ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰৰুমেণ্টেচন ইঞ্জিনিয়াৰ। ৰকেট উৎক্ষেপণত ব্যৱহৃত কঠিন ৰকেট মটৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ যন্ত্ৰপাতিৰ বাবে তেওঁৰ দায়িত্ব পালন কৰি আহিছে। ২০১৭ চনত ৰাষ্ট্ৰপতি ভৱনত তেওঁক ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ বঁটা নাৰী শক্তিৰ বঁটা প্ৰদান কৰা হৈছিল।
আৰম্ভণিৰ বছৰবোৰ
কোডানায়াগুইৰ ঘৰ ভাৰতৰ পুডুচেৰীত।১ ২ ভাৰতৰ প্ৰথম মহাকাশ উৎক্ষেপণৰ পৰা অনুপ্ৰাণিত হৈ অভিযন্তা হোৱাৰ সিদ্ধান্ত লয়। কইম্বাটুৰৰ চৰকাৰী প্ৰযুক্তি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে২ আৰু ১৯৮৪ চনত তেওঁৰ প্ৰথম কাম আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক সহায় কৰা।২ তাত তেওঁ অগমেণ্টেড চেটেলাইট লঞ্চ ভেহিকেল প্ৰজেক্টৰ কাম কৰিছিল।
কৰ্ম জীৱন
সতীশ ধাৱন মহাকাশ কেন্দ্ৰত য’ত ইন্ধন আৰু ইগনিটাৰ পৰীক্ষা কৰা হৈছিল তাত তেওঁ ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰৰুমেণ্টেচন আৰু কণ্ট্ৰল চিষ্টেমৰ যত্ন লোৱা গুণগত বিভাগৰ গ্ৰুপ মুৰব্বী হয়।৩ সতীশ ধাৱন মহাকাশ কেন্দ্ৰত ত্ৰিশ বছৰ কাম কৰাৰ পিছত কোডানায়াগুই আৰু তেওঁৰ দলটোৱে পিএছএলভি চি৩৭ অভিযানৰ সময়ত মেৰু উপগ্ৰহ উৎক্ষেপণ বাহনত থকা কঠিন ৰকেট মটৰৰ কাম আৰম্ভ কৰে,১ যিয়ে ২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰীত ১০৪টা উপগ্ৰহ সূৰ্য্যৰ সমকালীন কক্ষপথত সফলতাৰে স্থাপন কৰে।৪
তেওঁ মন্তব্য কৰিছে যে তেওঁ কৰ্মক্ষেত্ৰত মুক্তভাৱে নিজকে প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল আৰু যৌনতাবাদৰ কোনো সমস্যা কেতিয়াও নাছিল।২
স্বীকৃতি
২০১৭ চনৰ মাৰ্চ মাহত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা বঁটা লাভ কৰিবলৈ নিৰ্বাচিত হোৱা তিনিজন বিজ্ঞানীৰ ভিতৰত তেওঁ অন্যতম আছিল য'ত আছিল সুভা ভেৰিয়েৰ, অনাটা ছনি আৰু কোডানায়াগুই।১
২০১৭ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত তেওঁ নতুন দিল্লীত আছিল আৰু ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁলোকক নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰিছিল।৫
তথ্যসূত্ৰ
- ↑ Rai, Arpan. (March 8, 2017). International Women's Day: 33 unsung sheroes to be awarded Nari Shakti Puraskaar. India Today
- ↑ Srikanth, Manoj Joshi and B. R. (2017-02-26). India’s rocket women. Deccan Chronicle
- ↑ admin. (2017-03-10). Nari Shakti Puraskar 2016. UPSCSuccess
- ↑ PSLV-C37 / Cartosat −2 Series Satellite – ISRO. www.isro.gov.in
- ↑ Nari Shakti Awardees- · Ministry of Women & Child Development · GoI. wcd.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বি কোডানায়াগুই” প্ৰবন্ধৰ সংশোধন ৬২৫৬০০ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।