অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বিৰোধাভাস

বিৰোধাভাস, কূট, কূটাভাস বা পেৰাডক্স (Paradox) হৈছে দেখাত স্ববিৰোধী যেন লগা কিছুমান উক্তি বা মত, যিবোৰ চালি-জাৰি চালে শুদ্ধ যেনও লাগে বা এনে এক উক্তি যি নিজৰে বিৰোধ কৰে অথবা এনে এক উক্তি যি সাধাৰণ ধাৰণাৰ বিৰোধ কৰে।

হালনাগাদ: ৪ জানুৱাৰী ২০২২ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বিৰোধাভাস, কূট, কূটাভাস বা পেৰাডক্স (Paradox) হৈছে দেখাত স্ববিৰোধী যেন লগা কিছুমান উক্তি বা মত, যিবোৰ চালি-জাৰি চালে শুদ্ধ যেনও লাগে বা এনে এক উক্তি যি নিজৰে বিৰোধ কৰে অথবা এনে এক উক্তি যি সাধাৰণ ধাৰণাৰ বিৰোধ কৰে।১ ই হৈছে সূত্ৰৰ অন্তৰ্বিৰোধ, মিমাংসাহীন দ্বন্দ্বভাব২ বা বিৰোধভাস,৩ যিটোক সাধাৰণতে অসম্ভৱ দেখা যায় কিন্তু আচলতে সঁচা।৪

কুইনে এ কৰা কূটাভাসৰ ভাগকৰণ

Veridical Paradox

এনে কূটাভাসৰ অন্তৰ্গত উক্তিসমূহ শুনিবলৈ অযুক্তিকৰ কিন্তু বাস্তৱত সত্য। উদাহৰণস্বৰূপে 'মন্তি হল পেৰাডক্স'।

Falsidical Paradox

এনে কূটাভাসৰ অন্তৰ্গত উক্তিসমূহ শুনিবলৈয়ো অযুক্তিকৰ আৰু বাস্তৱতো অসত্য। উদাহৰণস্বৰূপে ১=২ ৰ গাণিতিক প্ৰমাণ য'ত শূন্যৰে শূন্যক হৰণ কৰা হয়। অৰ্থাৎ এনে উক্তিসমূহ কিছুমান ভুল তথ্যৰ ওপৰত নিৰ্ভৰ কৰে যাৰ বাস্তৱত কোনো অস্তিত্ব নাই।

Antinomy

এনে কূটাভাসৰ অন্তৰ্গত উক্তিসমূহ শুদ্ধও নহয়, ভুলো নহয় বা শুদ্ধও হ'ব নোৱাৰে আৰু ভুলো হ'ব নোৱাৰে। উদাহৰণস্বৰূপে ককাদেউতাৰ কূটাভাস (The Grandfather Paradox) ৰ কথা ক'ব পাৰি।

কূট বা পেৰাডক্সৰ উদাহৰণ

ৰাছেল (Russell)-ৰ জনপ্ৰিয় পেৰাডক্স বা কূট

(The Berber Paradox) গাঁৱৰ নাপিত এজনে নিয়ম কৰি লৈছে যে তেওঁ কেৱল সেইবিলাক মানুহৰহে ডাঢ়ি খুৰাব যিবিলাকে নিজে নিজৰ ডাঢ়ি নুখুৰায়। প্ৰশ্নটো হ’ল নাপিতজনে নিজৰ ডাঢ়ি খুৰাবনে নাই? যদি নাপিতজনে নিজৰ ডাৰি খুৰায়, তেওঁ কৰি লোৱা নিয়মমতে নিজৰ ডাঢ়ি খুৰাব নালাগিছিল (কাৰণ তেওঁ নিজেই নাপিত)। আকৌ তেওঁ যদি নিজৰ ডাঢ়ি নুখুৰায়, তেওঁৰ নিয়মমতে তেওঁ নিজৰ ডাঢ়ি খুৰাব লাগিছিল। এই পৰিস্থিতি নাপিতজনে কৰিব কি?৫

ছক্ৰেটিছৰ পেৰাডক্স

“মই এটা কথাই জানো যে, মই একো নাজানো।”

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ কুটাভাস (Paradox), অণু-কলন
  2. ↑ গোহাঞি, ড॰ হিৰেন. Anglo-Assamese Dictionary. বনলতা. পৃ. ৩০; ৬০২
  3. ↑ বৰুৱা, হেমচন্দ্ৰ. হেমকোষ. হেমকোষ প্ৰকাশন. পৃ. ৭৯৫
  4. ↑ বি. আৰ শৰ্মা, প্ৰণৱ কুমাৰ পেগু. Ajanta Comprehensive Dictionary. অজন্তা প্ৰকাশন. পৃ. ৬৫৯
  5. ↑ what is russells paradox. https://scientificamerican.com. scientificamerican.com

সম্পৰ্কিত শ্ৰেণী

দৰ্শনতৰ্কশাস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিৰোধাভাস” প্ৰবন্ধৰ সংশোধন ৩১০২১০ (৪ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।