তৰ্কশাস্ত্ৰ
৫ প্ৰবন্ধ
-
তৰ্কশাস্ত্ৰ
তৰ্কশাস্ত্ৰ (Logic) স্থানভেদে যুক্তিসূত্ৰ বা যুক্তিবিদ্যা বা যুক্তিতত্ত্ব হৈছে যুক্তিৰ মান্য প্ৰয়োগ আৰু সম্পৰ্কীয় বিদ্যা। দৰ্শন,গণিত আৰু কম্পিউটাৰ বিজ্ঞানত ইয়াৰ বহুল অধ্যয়ন হোৱা দেখা যায়। প্ৰাচীন ভাৰতীয়, চীন, পাৰস্য,ৰোমান আৰু গ্ৰীক আদি বহু সভ্যতাত এই বিষয়ৰ অধ্যয়ন হৈছিল।
-
তৰ্ক (তৰ্কশাস্ত্ৰ)
তৰ্কশাস্ত্ৰ আৰু দৰ্শণত তৰ্কৰ প্ৰয়োগৰ দ্বাৰা কোনো প্ৰতিপক্ষক কোনো এক নিদিষ্ট সিদ্ধান্ত সত্য-সিদ্ধ-প্ৰমাণিত বুলি যুক্তি সহকাৰে গ্ৰহণ কৰোৱাই কিহবাৰ ওপৰত পতিয়ন নিয়াবলৈ চেষ্টা কৰিব পাৰি।
-
ভ্ৰান্তি
যিবোৰ কূট গণিতৰ ভুল প্ৰয়োগ বা ভুল যুক্তিৰ বাবে হয়, সেইবোৰক কূট বুলি নকৈ ভ্ৰান্তি বা বিভ্ৰাট বা ফেলাচী (Fallacy) বুলি কোৱা হয়। ভ্ৰান্তিবোৰ সৃষ্টি হয় আপাততঃ যুক্তিযুক্ত যেন লগা কিছুমান ভুল ব্যাখ্যাৰ পৰা।
-
বিৰোধাভাস
বিৰোধাভাস, কূট, কূটাভাস বা পেৰাডক্স (Paradox) হৈছে দেখাত স্ববিৰোধী যেন লগা কিছুমান উক্তি বা মত, যিবোৰ চালি-জাৰি চালে শুদ্ধ যেনও লাগে বা এনে এক উক্তি যি নিজৰে বিৰোধ কৰে অথবা এনে এক উক্তি যি সাধাৰণ ধাৰণাৰ বিৰোধ কৰে।
-
মিছলীয়া কূট
মিছলীয়া কূট (liar paradox) হৈছে বিৰোধাভাস বা কূটৰ দৰে এক কূটে। মিছলীয়া কূটৰ উদ্ভৱ হয় উক্তিটোৱে ইংগিত কৰা উক্তিৰ বাবে। “মই মিছা বুলি কোৱা কথাষাৰ মিছা”- যদি এই কথাষাৰ সঁচা, তেনেহ’লে মই কোৱা কথাষাৰ সঁচা। অৰ্থাৎ মই মিছা কৈছোঁ। আনহাতে, মই কোৱা কথাষাৰ যদি মিছা বুলি ধৰোঁ, তেনেহ’লে মই কোৱা কথাষাৰ মিছা।