বিশ্ব সাহিত্য কেন্দ্ৰ (BSK) হৈছে বাংলাদেশৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনসাধাৰণৰ মাজত পঢ়াৰ অভ্যাস, জ্ঞান আৰু প্ৰগতিশীল ধাৰণাক প্ৰসাৰিত কৰিবলৈ গঠন কৰা এটি স্বেচ্ছাসেৱী প্ৰতিষ্ঠান। জনপ্ৰিয়ভাৱে কেৱল ভ্ৰাম্যমাণ লাইব্ৰেৰী (মোবাইল লাইব্ৰেৰী) নামেৰে পৰিচিত এই প্ৰতিষ্ঠানটো বিখ্যাত লেখক, টেলিভিছন উপস্থাপক, আয়োজক আৰু ৰাজহুৱা কৰ্মী আব্দুল্লা আবু ছায়েদে প্ৰতিষ্ঠা কৰিছিল।১ এই পুথিভঁৰালৰ মূল লক্ষ্য হ’ল "... বংগ আৰু বিশ্বৰ মহান গ্ৰন্থসমূহৰ সৈতে পৰিচিতিৰ জৰিয়তে বাংলাদেশৰ যুৱক-যুৱতীসকলৰ মাজত সাহিত্য আৰু ইয়াৰ মানৱীয় মূল্যবোধৰ প্ৰতি আগ্ৰহান্বিত কৰা।"
কাৰ্যকলাপ
বিশ্ব সাহিত্য কেন্দ্ৰই উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলৰ বাবে বিশ্ব সাহিত্যৰ পাঠদান আগবঢ়ায় আৰু সেই পাঠদানৰ বাবে প্ৰয়োজনীয় কিতাপ-পত্ৰ যোগান কৰে। মাধ্যমিক আৰু কনিষ্ঠ বিদ্যালয়ৰ বাবে এই সংস্থাই দেশজোৰা পঢ়া-শুনাৰ কাৰ্যসূচী ৰূপায়ণ কৰে আৰু শিক্ষাৰ্থীসকলক কিতাপ প্ৰদান কৰে। এই কাৰ্যসূচীৰ অধীনত ২০০৭ চনত এই সংস্থাটোৰ অধীনত ৫০০খন বিদ্যালয় আছিল, আৰু ১,০০,০০০ ৰো অধিক সক্ৰিয় শিক্ষাৰ্থী সদস্য আছিল। এই কাৰ্যসূচীসমূহৰ উপৰি বিশ্ব সাহিত্য কেন্দ্ৰই সমগ্ৰ দেশতে সক্ৰিয়ভাৱে পুথিভঁৰালসমূহৰ চোৱাচিতা কৰে। এই কেন্দ্ৰই বাংলাদেশত ‘মোবাইল লাইব্ৰেৰী’ ধাৰণাটোৰ শুভাৰম্ভ কৰিছিল, যি সমগ্ৰ দেশলৈ কিতাপ কঢ়িয়াই লৈ গৈছিল। যিহেতু কিতাপ কিনাটো এটা ব্যয়বহুল প্ৰক্ৰিয়া আৰু পুথিভঁৰাল সকলো ঠাইতে একেবাৰেই উপলব্ধ নহয়– এই ভ্ৰাম্যমাণ পুথিভঁৰালবোৰ সেয়েহে এতিয়া অতি জনপ্ৰিয় হৈ পৰিছে। বিশ্ব সাহিত্য কেন্দ্ৰই পাঠকৰ বাবে মঞ্চ আৰু গ্ৰন্থ আলোচনাৰ বাবে উপযুক্ত ব্যৱস্থাও কৰে, এই সুবিধা সকলো পাঠকৰ বাবেই মুকলি। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে বিশ্ব সাহিত্য কেন্দ্ৰই নিজৰ কাম-কাজ অব্যাহত ৰাখিছে। বিশ্ব সাহিত্য কেন্দ্ৰৰ কাৰ্যকলাপসমূহৰ বেছিভাগেই বাংলাদেশ অৱস্থিত। নিউয়ৰ্ক চহৰতো ইয়াৰ এটা কাৰ্যালয় আছে।
বিশ্ব সাহিত্য কেন্দ্ৰৰ প্ৰতিষ্ঠাতাৰ বিষয়ে
আব্দুল্লা আবু ছাইদ আছিল এজন বহুমুখী ব্যক্তিত্বৰ অধিকাৰী। ১৯৬২ চনৰ পৰা ১৯৯২ চনলৈকে তেওঁ ত্ৰিশ বছৰ কাল অধ্যাপনা কৰিছিল। তেওঁ ষাঠিৰ দশকত বাংলাদেশত সংঘটিত হোৱা নতুন সাহিত্য আন্দোলনৰ নেতা আছিল। সাহিত্য আলোচনী ‘কান্তশ্বৰ’ সম্পাদনা কৰি তেওঁ সেই সময়ৰ নতুন সাহিত্য যাত্ৰাক নেতৃত্ব আৰু পথ প্ৰদৰ্শনেৰে এক দশক ধৰি একত্ৰিত আৰু অক্ষুণ্ণ ৰাখিছিল। বাংলাদেশত টেলিভিছনৰ আৰম্ভণিৰে পৰাই আব্দুল্লা আবু ছাইদ এজন বিবেকবান, ভাল লগা আৰু মনোৰঞ্জনমূলক ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ কবিতা, ৰচনা, চুটিগল্প, নাটক, অনুবাদ, আলোচনী, জীৱনীমূলক পুথি আদিকে ধৰি অনেক বিষয়ত লিখা-মেলা কৰিছে। ২০০০ চনৰ পৰা সামাজিক আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবে তেওঁক দেশজুৰি প্ৰশংসা কৰা হৈছে। ডেংগু প্ৰতিৰোধ আন্দোলন, বিভিন্ন পৰিৱেশ আন্দোলনকে ধৰি বিভিন্ন সামাজিক আন্দোলন তেওঁৰ নেতৃত্বতে প্ৰাণ পাই উঠিছিল।২ তেওঁ লাভ কৰা বঁটাসমূহ হৈছে: ৰাষ্ট্ৰীয় টেলিভিছন বঁটা (১৯৭৭), মাহবুব উল্লাহ ট্ৰাষ্ট বঁটা (১৯৯৮), ৰটাৰী বীজ বঁটা (১৯৯৯), বাংলাদেশ বুক ক্লাব বঁটা (২০০০), এম এ হক ফাউণ্ডেশ্যন সোণৰ পদক (২০০১), ৰেমন মেগছেছে বঁটা (২০০৪), একুশ্বে পদক (২০০৫), ড. ইব্ৰাহিম স্মৃতি সোণৰ পদক (২০০৬), শ্বেলটেক পদক (২০০৬), পৰিৱেশ পদক (বাংলাদেশৰ গণ ৰিপাব্লিক চৰকাৰ, ২০০৯), মাৰ্কেণ্টাইল বেংক বঁটা (২০০৯), চেনেল আই আনন্দ আলো বঁটা (২০১০), ছ’চিয়েল ইছলামী বেংক বঁটা (২০১১ ), কাজী আজাহাৰ আলী স্মৃতি স্বৰ্ণ পদক (২০১১), বাংলা একাডেমী পদক (২০১১) আদি। ৩
বঁটা প্ৰদান
বাহ্যিক সংযোগসমূহ
- 2005 বিশ্ব সাহিত্য কেন্দ্ৰৰ প্ৰতিষ্ঠাপকৰ সৈতে চিএনএনৰ সাক্ষাৎকাৰ
- (৭ ফেব্ৰুৱাৰী, ২০১৯). https://www.thedailystar.net/frontpage/news/the-road-enlightenment-1698580
- bskbd.org/home বিশ্ব সাহিত্য কেন্দ্ৰৰ ৱেবচাইট
তথ্যসূত্ৰ
- ↑ Quayes, Mohammed Mijarul. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ বিশ্বসাহিত্য কেন্দ্ৰেৰ প্ৰতিষ্ঠাতা পৰিচিতি
- ↑ বিশ্বসাহিত্য কেন্দ্ৰেৰ প্ৰতিষ্ঠাতা পৰিচিতি
- ↑ (27 September 2008). http://www.thedailystar.net/news-detail-56679
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব সাহিত্য কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৪০১৪৫৫ (৮ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।