বিভা দধীচ (ইংৰাজী: Vibha Dadheech) হৈছে কথক নৃত্যৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। ৰায়গড় ক’ৰ্টৰ নৃত্যশিল্পী পণ্ডিত ফিৰতু মহাৰাজ, আৰু পিছলৈ গুৰু শিষ্য পৰম্পৰা মতে পণ্ডিত শম্ভু মহাৰাজ গুৰুৰ ঘৰত থাকি গণ্ডা বন্ধ শগিৰ্ড হিচাপে নৃত্য শিকিছিল।১ তেওঁ পুৰু দধীচৰ জ্যেষ্ঠ শিষ্য আৰু পত্নী। তেওঁলোকে একেলগে ইন্দোৰৰ নটৱৰী কথক নৃত্য একাডেমী প্ৰতিষ্ঠা কৰে।২ বৰ্তমান বিভা দধীচে শ্ৰী শ্ৰী বিশ্ববিদ্যালয়ৰ বিশ্বৰ প্ৰথমটো কথক গৱেষণা কেন্দ্ৰ, কথকৰ শ্ৰী শ্ৰী চেণ্টাৰ ফৰ এডভান্সড ৰিচাৰ্চৰ এমেৰিটাছ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩
বিভাই ১৯৮৮ চনত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয় খৈৰাগড়ৰ পৰা কথক বিষয়ত ডক্টৰেট ডিগ্ৰী আৰু পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। গৱেষণাৰ বাবে তেওঁৰ বিষয় আছিল নৃত্যত হাতৰ মুদ্ৰা - “ভাৰতীয় নৃত্য কি বৰ্ণমালা: হস্ত মুদ্ৰায়েন” (Bharatiya Nritya ki Varnamala: Hast Mudrayen)। এই গৱেষণাত প্ৰায় ২৩টা শাস্ত্ৰগ্ৰন্থৰ সংজ্ঞাৰ সৈতে ১১০০ৰো অধিক হাতৰ মুদ্ৰা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও ই হৈছে বঁটাপ্ৰাপ্ত অন্যতম গৱেষণা আৰু একে নামেৰে এখন গ্ৰন্থও প্ৰকাশ কৰা হৈছে।৪
দাধীচক ভাৰতৰ সৰ্বোচ্চ বঁটা সংগীত নাটক অকাডেমী বঁটা আৰু মধ্যপ্ৰদেশৰ সৰ্বোচ্চ অসামৰিক বঁটা শিখৰ সন্মান প্ৰদান কৰা হৈছে।৫
তেখেতক ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা কথক নৃত্যৰ বাবে ২০১১–১২ বৰ্ষৰ জ্যেষ্ঠ সদস্যপদ প্ৰদান কৰা হয়।৬
বিভা দধীচ এগৰাকী লেখিকাও আৰু তেওঁ হিন্দী ভাষাত “ভাৰতীয় নৃত্য কি বৰ্ণমালা: হস্ত মুদ্ৰায়ণ” (ভাৰতীয় নৃত্যৰ বৰ্ণমালা: হস্ত মুদ্ৰা) নামৰ এখন গৱেষণামূলক গ্ৰন্থও প্ৰকাশ কৰে।৭ তেওঁৰ কিতাপখন মধ্য প্ৰদেশৰ ইউনিভাৰ্চিটি অৱ ইন্দোৰৰ নৃত্যৰ স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ বাবেও নিৰ্ধাৰণ কৰা হৈছে।৮
বিভাই ৫০ বছৰতকৈও অধিক সময় কথকৰ সেৱা আগবঢ়োৱাৰ বাবে মুম্বাইৰ ২৫ সংখ্যক গোপী কৃষ্ণ মহোৎসৱত ২০১৫ চনৰ জীৱনজোৰা সাফল্য বঁটা লাভ কৰিছে।১ তেওঁ আন ৪০ জন শিল্পীৰ সৈতে সহযোগিতা কৰি শ্ৰী ৰবি শংকৰে আৰম্ভ কৰা কলা অৰ্পন (Kala Arpan) সৃষ্টি কৰে।৯
পৰিয়াল
বিখ্যাত গান্ধীবাদী স্বাধীনতা সংগ্ৰামী শ্ৰী ভ্ৰমাৰ্জী গুপ্তা আৰু পূৰ্ণ গুপ্তাৰ ঘৰত বিলাসপুৰত (তেতিয়াৰ মধ্যপ্ৰদেশ) বিভাৰ জন্ম হৈছিল। তেওঁ আছিল চাৰিজন ভাই-ভনীৰ ভিতৰত সৰু। ভাৰতীয় কথক নৃত্যশিল্পী তথা শিক্ষাবিদ পুৰু দধীচৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।১০
শিক্ষা
খৈৰাগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয় পৰা বিভাই কথক নৃত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰে।৪ গুৰু শিশ্য পৰম্পৰাৰ অধীনত কথক পণ্ডিত ফিৰতু মহাৰাজ আৰু পণ্ডিত শম্ভু মহাৰাজৰ পৰা তেঁও কথক নৃত্যৰ শিক্ষা লাভ কৰিছিল।
বঁটা
বিভা দধীচে ২০২১ চনত সংগীত নাটক অকাডেমী বঁটাৰ অকাডেমী পুৰস্কাৰ লাভ কৰে।১১ ২০১৮ চনত কথক নৃত্যত প্ৰদৰ্শন কৰা উৎকৃষ্টতাৰ বাবে মধ্যপ্ৰদেশৰ সৰ্বোচ্চ অসামৰিক বঁটা শিখৰ সন্মান লাভ কৰে।১২ ২০১১ চনত তেওঁ ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয় জ্যেষ্ঠ সদস্য পদ লাভ কৰে।৬ কথক নৃত্যৰ প্ৰতি ৫০ বছৰতকৈও অধিক সময় সেৱা আগবঢ়োৱাৰ বাবে ২০১৫ চনত ২৫ সংখ্যক গোপী কৃষ্ণ মহোৎসৱত তেওঁক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়।১
প্ৰকাশিত গ্ৰন্থ
ভাৰতীয় নৃত্য কি বৰ্ণমালা: হস্ত মুদ্ৰায়েন (ভাৰতীয় নৃত্যৰ হস্ত মুদ্ৰাৰ বিষয়ে )
নৃত্য নিবন্ধ ২০০৯ (বিন্দু প্ৰকাশন )
গাট নিকাছ - কথক নৃত্য কা অপৰিহাৰ্য অংগ ২০১৯ (বিন্দু প্ৰকাশন। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জ্যেষ্ঠ সদস্য পদৰ অধীনৰ গৱেষণা)
তথ্যসূত্ৰ
- ↑ (24 December 2018). कलाकार डॉ. विभा दाधीच को लाइफ टाइम अचीवमेंट अवॉर्ड. Dainik Bhaskar
- ↑ (26 July 2019). Celebrating a Guru. The Statesman
- ↑ (28 January 2020). गुरु ने कहा था, कथक के शास्त्र की खोज करो, उसी में जुटा हुआ हूं: डॉ. दाधीच | Kathak Dancer Padmashree Dr. Puru Dadhich
- ↑ Sangeet Galaxy. www.sangeetgalaxy.co.in
- ↑ (19 November 2019). Shikhar Samman for Swayam Prakash, Rahat Indori, Lata Munshi & 24 others. The Times of India
- ↑ List of Selected Candidates for the Award of Junior and Senior Fellowships for 2011-12
- ↑ Buy BHARTIYA NRITYA KI VARNMAALA HAST MUDRAYEN (The ABC of Indian Dance Hand Gestures) in Hindi Book Online at Low Prices in India | BHARTIYA NRITYA KI VARNMAALA HAST MUDRAYEN (The ABC of Indian Dance Hand Gestures) in Hindi Reviews & Ratings - Amazon.in
- ↑ Dance Bhratnatayam
- ↑ (2020-10-20). 'Kala Arpan' an offering by 40 maestros of Indian classical art at launch of WFAC. Hindustan Times
- ↑ (28 January 2020). गुरु ने कहा था, कथक के शास्त्र की खोज करो, उसी में जुटा हुआ हूं: डॉ. दाधीच
- ↑ Announcement of Sangeet Natak Akademi Fellowships (Akademi Ratna)
- ↑ (22 November 2019). Shikhar Samman to Classical Dancers Shuchitra Harmalkar, Vibha Dadheech and Lata Munshi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভা দধীচ” প্ৰবন্ধৰ সংশোধন ৪২৭৮৮৪ (৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।