অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিপাশা হায়াত

বিপাশা হায়াত (ইংৰাজী: Bipasha Hayat; জন্ম: ২৩ মাৰ্চ ১৯৭১) এগৰাকী আগশাৰীৰ বাংলাদেশী অভিনেত্ৰী, মডেল, চিত্ৰশিল্পী আৰু নেপথ্য গায়িকা। ১৯৯৪ চনত মুক্তি পোৱা আগুনেৰ পৰশমণি নামৰ ছবিখনত কৰা অনবদ্য অভিনয়ৰ বাবে তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।

হালনাগাদ: ১১ জুন ২০২৬ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বিপাশা হায়াত (ইংৰাজী ভাষা: Bipasha Hayat; জন্ম: ২৩ মাৰ্চ ১৯৭১)১২ এগৰাকী আগশাৰীৰ বাংলাদেশী অভিনেত্ৰী, মডেল, চিত্ৰশিল্পী আৰু নেপথ্য গায়িকা।৩ ১৯৯৪ চনত মুক্তি পোৱা আগুনেৰ পৰশমণি নামৰ ছবিখনত কৰা অনবদ্য অভিনয়ৰ বাবে তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।৪ ইয়াৰ উপৰিও তেওঁ ১৯৯৮, ১৯৯৯ আৰু ২০০২ চনত মেৰিল-প্ৰথম আলো বঁটা অৰ্জন কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

বিপাশা হায়াতে ১৯৯৮ চনত ঢাকা বিশ্ববিদ্যালয়ৰ চাৰুকলা অনুষদৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।৫ তেওঁৰ শৈশৱৰে পৰাই কলা-সংস্কৃতিৰ প্ৰতি বিশেষ ধাউতি আছিল।

কেৰিয়াৰ

নব্বৈৰ দশকত বিপাশা হায়াতে বহুতো জনপ্ৰিয় টেলিভিছন নাটকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। এগৰাকী সফল অভিনেত্ৰী হোৱাৰ উপৰিও তেওঁ এগৰাকী দক্ষ চিত্ৰনাট্যকাৰো। ১৯৯৭ চনত তেওঁ তেওঁৰ প্ৰথমখন টিভি নাটক শুদুই তোমাকে জানি লিখি উলিয়াইছিল।৫

তেওঁ বাংলাদেশৰ মুক্তি যুদ্ধৰ সৈতে জড়িত দুখন গুৰুত্বপূৰ্ণ চিনেমা আগুনেৰ পৰশমণি আৰু জয়যাত্ৰাত অভিনয় কৰিছে। হুমায়ূন আহমেদৰ নিৰ্দেশনাত নিৰ্মিত আগুনেৰ পৰশমণিত তেওঁ ঢাকা চহৰৰ ভিতৰত পৰিয়ালৰ সৈতে আৱদ্ধ হৈ থকা এগৰাকী গাভৰু ছোৱালীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ছবিখনত তেওঁৰ চৰিত্ৰৰ নাম আছিল ৰাত্ৰি, যিয়ে তেওঁলোকৰ ঘৰত আশ্ৰয় লৈ থকা এজন গেৰিলা মুক্তি যোদ্ধা (আছাদুজ্জামান নূৰ)ৰ প্ৰতি আকৰ্ষিত হয়। মুক্তি যোদ্ধাজনৰ প্ৰতি থকা তেওঁৰ মৰমে যুদ্ধৰ সময়ত গেৰিলা যোদ্ধাসকললৈ সাধাৰণ নাগৰিকৰ সমৰ্থন আৰু অৱদানক প্ৰতিফলিত কৰে। আনহাতে জয়যাত্ৰাত তেওঁৰ চৰিত্ৰটো সম্পূৰ্ণ পৃথক আছিল। ইয়াত তেওঁ এগৰাকী মধ্যবয়সীয়া মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে সেনাৰ আক্ৰমণৰ পৰা পলাই যাবলৈ চেষ্টা কৰোঁতে নিজৰ সন্তানক হেৰুৱাইছিল।

চিত্ৰশিল্প

বিপাশা হায়াত এজনী সুপ্ৰতিষ্ঠিত চিত্ৰশিল্পী। তেওঁৰ শিল্পকৰ্মসমূহ ১৯৯৬ চনত ঢাকাৰ গেলেৰী টোনত অনুষ্ঠিত 'মিনিয়েচাৰ পেইণ্টিং এগজিবিচন'ত প্ৰদৰ্শিত হৈছিল। ১৯৯৮ চনত তেওঁ পেন পেচিফিক সোণাৰগাঁৱত অনুষ্ঠিত এক দলীয় শিল্প প্ৰদৰ্শনীত অংশ লয়। পৰৱৰ্তী সময়ত ২০০২ চনত জয়নুল গেলেৰীত অনুষ্ঠিত নবীন শিল্পীৰ প্ৰদৰ্শনীত তেওঁ ভাগ লৈছিল।৬

২০১৭ চনৰ ১৪ ৰ পৰা ২৪ জানুৱাৰীলৈকে ৰোমত তেওঁৰ ষষ্ঠটো একক চিত্ৰ প্ৰদৰ্শনী মাইণ্ডস্কেপ অনুষ্ঠিত হয়। য’ত তেওঁৰ এক্ৰাইলিক আৰু ড্ৰয়িংছকে ধৰি প্ৰায় ৫০ টা শিল্পকৰ্ম প্ৰদৰ্শিত হৈছিল।৭

ব্যক্তিগত জীৱন

বিপাশা হায়াতে অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক তৌকীৰ আহমেদৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৮ তেওঁ বিশিষ্ট অভিনেতা আৰু পৰিচালক আবুল হায়াতৰ জীয়ৰী।৯ তেওঁৰ ভগ্নী নাতাশা হায়াত আৰু ভিনিহি শ্বাহেদ শ্বৰীফ খান দুয়ো অভিনয় জগতৰ সৈতে জড়িত। বিপাশা আৰু নাতাশাই ২০০৮ চনত এটা বুটিক হাউচ আৰম্ভ কৰিছিল।১০ তেওঁৰ এজনী কন্যা আৰিছা আহমেদ আৰু এজন পুত্ৰ আৰীব আহমেদ আছে। বৰ্তমান বিপাশা হায়াত আৰু তৌকীৰ আহমেদ আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে।১১

তথ্যসূত্ৰ

  1. ↑ Sarwat, Nadia. (25 July 2008). Asaduzzaman Noor and the leading ladies. The Daily Star
  2. ↑ Shah Alam Shazu. (23 March 2017). My art expresses how I feel about life. The Daily Star
  3. ↑ Bipasha Hayat. IMDb
  4. ↑ bn:জাতীয় চলচ্চিত্র পুরস্কার প্রাপ্তদের নামের তালিকা (১৯৭৫-২০১২). Government of Bangladesh. Bangladesh Film Development Corporation
  5. ↑ (12 June 2006). "Acting is like mathematics"-- Bipasha Hayat. The Daily Star
  6. ↑ (25 October 2011). Bipasha Hayat's solo painting exhibition begins today. Reflection News
  7. ↑ Sadi Mohammad Shahnewaz. (21 January 2017). Bipasha Hayat's art exhibition in Rome. The Daily Star
  8. ↑ Tauquir-Bipasha working under Abul Hayat's direction. The Daily Star
  9. ↑ (10 July 2015). Abul Hayat casts daughter, son-in-law in Eid teleplay. Dhaka Mirror
  10. ↑ (15 August 2015). Bipasha Hayat Captured on Canvas. The Daily Star
  11. ↑ Toukir, Bipasha likely to settle in USA. Daily Sun

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপাশা হায়াত” প্ৰবন্ধৰ সংশোধন ৬১১৮৬৩ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।