অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিনা বাছনেট

বিনা বাছনেট: Bina Basnett; ছিকিমৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু হামৰো ছিকিম পাৰ্টি (এইচ এছ পি)ৰ সভানেত্ৰী।

হালনাগাদ: ২৩ মাৰ্চ ২০২৫ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বিনা বাছনেট: Bina Basnett; ছিকিমৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু হামৰো ছিকিম পাৰ্টি (এইচ এছ পি)ৰ সভানেত্ৰী।

ৰাজনৈতিক জীৱন

বিনা বাছনেটে ২০০৩ চনত গেংটক দেওৰালি গাৰ্লছ এছ এছ এছৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে, তেওঁ এছ এম আই এম এছ টাডং (চি আৰ এইচ)ৰ পৰা এম বি বি এছ পাঠ্যক্ৰমত যোগদান কৰে। ২০০৯ চনত এম বি বি এছ সম্পূৰ্ণ কৰাৰ পিছত ২০১৩ চনত এছ এম আই এম এছ (Sikkim Manipal University of Health, Medical and Technological Sciences) গেংটকত চিকিৎসা বিজ্ঞানৰ ডাক্তৰ ডিগ্ৰী লাভ কৰে আৰু পিছলৈ লেডী হাৰ্ডিং মেডিকেল কলেজ নতুন দিল্লীত প্ৰবক্তা হিচাপে কাৰ্য্য নিৰ্বাহ কৰে।১

২০১৮ চনৰ ৩১ মে’ত বিনা বাছনেটে ভাইচুং ভুটিয়াৰ নেতৃত্বত গঠিত হামৰো ছিকিম পাৰ্টিত যোগদান কৰে। এইচ এছ পিৰ উন্মোচনী অনুষ্ঠানত তেওঁ এইচ এছ পিৰ ৯ গৰাকী উপ-সভাপতিৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়।২

উন্মোচনী অনুষ্ঠানৰ পিছত প্ৰায় ৮ মাহ ধৰি এইচ এছ পিৰ সভাপতিক খালী কৰি ৰখা হৈছিল। ২০১৯ চনৰ ২৪ জানুৱাৰীত উপ-সভাপতি বিনা বেছনেটক এইচ এছ পিৰ ১ম সভানেত্ৰী হিচাপে মনোনীত কৰা হয়।১ ২০১৯ চনৰ ছিকিম বিধানসভাৰ নিৰ্বাচনত উচ্চ তাডংৰ পৰা এইচ এছ পিৰ প্ৰাৰ্থী হিচাপে থিয় দিছিল যদিও পৰাস্ত হৈছিল আৰু মাত্ৰ ১.৬৩% ভোট লাভ কৰিছিল।

২০২২ চনৰ ২০ ছেপ্টেম্বৰত ভাইচুং ভুটিয়াক দলৰ নেতা আৰু সদস্যসকলে সৰ্বসন্মতিক্ৰমে এইচ এছ পিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰে। বিনা বেছনেটে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰে।৩

নিৰ্বাচনী অভিলেখ ২০১৯ চনত, ছিকিম বিধানসভাৰ নিৰ্বাচনত, আপাৰ টাডং সমষ্টি পৰা এইচ এছ পি ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে থিয় দি পৰাজিত হয়।৪

তথ্যসূত্ৰ

  1. ↑ (24 January 2019). Dr. Bina Basnett elected as President of HSP Party. The Voice of Sikkim
  2. ↑ (1 June 2018). Hamro Sikkim Party launched at Daramdin. Sikkim Express
  3. ↑ (20 September 2022). Footballer Bhaichung Bhutia becomes new president of Hamro Sikkim Party. Business Standard
  4. ↑ (27 May 2019). Upper Tadong Election Result 2019 LIVE COUNTING. Firstpost

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনা বাছনেট” প্ৰবন্ধৰ সংশোধন ৪৯৫৮৬৫ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।