বলপইণ্ট কলম বা বলপে'ন (Ballpoint Pen) এবিধ কলম৷ কলমটোৰ মুখত চিয়াঁহী ওলাবলৈ এটা সৰু বল থাকে বাবে কলমবিধৰ নাম হৈছিল বলপে'ন৷ আজিকালি সমগ্ৰ বিশ্বতে বলপে'ন বহুলভাৱে ব্যৱহৃত৷ বলপে'নবোৰত চিয়াঁহীৰ পৰিৱৰ্ত্তে চিয়াঁহীৰ 'ৰিফিল'ৰ ব্যৱস্থা থাকে আৰু কাগজত লিখোঁতে বিয়পি যোৱাৰ সমস্যা নাথাকে৷ লিখাৰ লগে লগে শুকায় আৰু পানী পৰিলে নিবিয়পে৷ আটাইতকৈ সুবিধাজনক কথা হ'ল- এৰোপ্লেনৰ পাইলটসকলে আগতে ফাউণ্টেন পে'ন ব্যৱহাৰ কৰোঁতে উৰাজাহাজত ওপৰলৈ উৰি যাওঁতে বায়ুৰ চাপ কমাৰ বাবে চিয়াঁহী পে'নৰ মুখেৰে ওলাই কাপোৰ-কানি নষ্ট কৰিছিল৷ বলপে'নৰ চিয়াঁহী ডাঠ হোৱাৰ বাবে চিয়াঁহী ওলাই যোৱাৰ সম্ভাৱনা নাথাকে৷ তদুপৰি বলপে'নবোৰ ইমানেই সস্তা,চিয়াঁহী শেষ হ'লে পেলাই দিব পাৰি৷ অৱশ্যে দামী বলপে'নত চিয়াঁহী শেষ হ'লে পুনৰ নতুন 'ৰিফিল' ব্যৱহাৰ কৰিব পাৰি৷ লিখাৰ উপৰিও চিত্ৰশিল্পীসকলে বলপে'নেৰে ছবিও আকেঁ৷ <ref name="গ্ৰন্থ ১" ১
ইতিহাস

১৮৮৮ চনৰ ৩০ অক্টোবৰত প্ৰথম বলপে'নৰ পেটেণ্ট জাৰি কৰিছিল আৰু সেই দিনটোকে বলেপে'ন উদ্ভাৱনৰ তাৰিখ বুলি ধৰা হয়৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ'ন লাউড নামৰ এজন ব্যক্তিয়ে বলেপে'ন পোনতে সাজি উলিয়াইছিল৷ এই পে'নবিধ তেওঁ কাগজত লিখাৰ বাবে তৈয়াৰ কৰা নাছিল৷ চামৰাত লিখিবৰবাবে লাউডে মুখত বল থকা আৰু ডাঠ চিয়াঁহী ব্যৱহাৰ কৰি লিখিব পৰা নতুন এবিধ কলমৰ উদ্ভাৱন কৰে৷ নিবৰ পৰিৱৰ্ত্তে তেওঁ ষ্ট্ৰীলৰ বল ব্যৱহাৰ কৰিছিল৷ কিন্তু তেওঁৰ উদ্ভাৱিত কলমবিধ মিহি কাগজত লিখিবপৰা বিধৰ নাছিল৷ গতিকে কলমবিধৰ বাণিজ্যিক উৎপাদন নহল৷ হাংগেৰীৰ লেঝলো বিৰো আৰু তেওঁৰ ভাতৃ জৰ্জে লগ লাগি এবিধ উন্নতমানৰ বলপে'ন উদ্ভাৱন কৰিলে৷ বলপে'নত নতুন চিয়াঁহী ভৰাই তেওঁলোক সফল হ'ল৷ তেওঁলোকে ১৯৩৮ চনৰ ১৫ জুনত বলপে'ন উদ্ভাৱনৰ ব্ৰিটিছ পেটেণ্ট লাভ কৰিলে৷ ১৯৪৩ চনত তেওঁলোকে আৰ্জেণ্টিনাতো বলপে'নৰ পেটেণ্ট কৰে৷ 'বিৰো' নামেৰে বলপে'ন কেইবাখনো দেশৰ বজাৰত উপলব্ধ হ'ল৷


তথ্যসূত্ৰ
- ↑ শান্তনু তামুলী. (২০১৩). (উদ্ভাৱনৰ কাহিনী) বলপেন. (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ. পৃ. পৃষ্ঠা ১৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বলপে'ন” প্ৰবন্ধৰ সংশোধন ১৭৪৬৬৩ (১০ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।