অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

তুলাপাত

তুলাপাত হৈছে পুৰণি অসমত পুথি লিখাৰ এবিধ উপকৰণ।

হালনাগাদ: ১৬ জুন ২০২১ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

তুলাপাত হৈছে পুৰণি অসমত পুথি লিখাৰ এবিধ উপকৰণ।১

ঐতিহাসিক বিচাৰ

দেওধাই অসম বুৰঞ্জীত আছে যে স্বৰ্গদেউ চুডাংফাই নৰা ৰজালৈ যাঠিৰ নালত এখনি পত্ৰ দিছিল। সেই পত্ৰখনি কাকতত লিখা। ‘এ মনোগ্ৰাফ অন পেপাৰ মেকিং এণ্ড পেবিয়েৰ মেচ ইন দ্য প্ৰভিন্স অব ইষ্টাৰ্ণ বেংগল এণ্ড আচাম’ গ্ৰন্থত আই. চি. এছ জে. এন. গুপ্তই লিখিছে যে মুছলমান সকলে ভাৰতবৰ্ষত মৰাপাটৰ পৰা একপ্ৰকাৰ কাগজ তৈয়াৰ কৰিছিল। সেই কাকত কুৰি শতিকাৰ প্ৰথম তৰংগলৈকে পূৰ্ববংগ, মণিপুৰ প্ৰভৃতিত প্ৰচলিত আছিল।

তুলাপাত প্ৰস্তুতকৰণ

ইষ্টাৰ্ণ ইণ্ডিয়ান মেনুস্ক্ৰিপটচ পেইণ্টিং শীৰ্ষক গ্ৰন্থত ড॰ ৰজতানন্দ দাশগুপ্তই ক’লাজামু, কৰঙা জামু শ্ৰেণীৰ মাইহাই গছৰ শাহ সিজাই তুলাপাত প্ৰস্তুত কৰাৰ বৰ্ণনা দিছে। শ্যানলোকে ইয়াক হস্ (Hsa) আৰু অসমীয়া লোকে নুনী (Papyrifyra) বোলে। ইয়াৰ উপৰি সুৰাগছ নামৰ আন এবিধ গছৰ বাকলিবোৰ ব্যৱহাৰোপযোগী আকাৰত কাটি তাক ভালদৰে সিজাই ওপৰৰ অপবস্তুবোৰ আঁতৰাই পানীৰে ধুই চাৰিকোণী পাত্ৰত থৈ চপচপীয়াকৈ চেঁচা পানী ঢালিব লাগে। কিছু সময় পিছত মণ্ডখিনি গোটেই চতুষ্কোণী পাত্ৰটো আগুৰি ধৰি পানীৰ ওপৰত ভাঁহি থাকে। ঠাণ্ডা হোৱাৰ পিছত সিবোৰে আজিৰ হাতে সজা কাগজৰ আকাৰ লয়। পিছত তাক শুকাই লৈ দুজাপ কৰি মজবুত কৰে। তুলাপাত প্ৰস্ততকৰণৰ এই পদ্ধতি শ্বান এট হোমত কথিত হৈছে। অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ বৌদ্ধসকলে উপযুক্ত পদ্ধতিত চুকছো (Sukso)গছৰ শাহৰপৰা তুলাপাত প্ৰস্তত কৰে বুলি জনা যায়।

তথ্যসূত্ৰ

  1. ↑ ড॰ পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা. ড॰ নাৰায়ণ দাস

সম্পৰ্কিত শ্ৰেণী

লিখন সঁজুলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুলাপাত” প্ৰবন্ধৰ সংশোধন ২৮২৩৪৩ (১৬ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।