বন্দনা সিং:Bandana Singh; এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ আজমগড় জিলাৰ ১৭ নং বিধানসভাৰ সদস্য। তেওঁ উত্তৰ প্ৰদেশৰ ছাগৰী সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু বহুজন সমাজ পাৰ্টিৰ সদস্য।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সিংহৰ জন্ম ১৯৮১ চনৰ ২৪ মাৰ্চ তাৰিখে উত্তৰ প্ৰদেশৰ মাউ জিলাৰ টেগনা গাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম শ্ৰী ৰবীন্দ্ৰ নাথ সিংহ। ২০০৩ চনত তেওঁ সৰ্বেশ সিংহ চিপুৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। চিপু ছাগৰীৰ প্ৰাক্তন বিধায়ক আছিল। ২০১৩ চনত কিছুমান অজ্ঞাত বন্দুকধাৰী তেওঁৰ ঘৰতে তেওঁক গুলীয়াই হত্যা কৰিছিল।১ তেওঁলোকৰ দুজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছে। তেওঁ ক্ষত্রিয় পৰিয়ালৰ সদস্য।
তেওঁ ২০০৩ চনত বীৰ বাহাদুৰ সিংহ পূৰ্বাঞ্চল বিশ্ববিদ্যালয়ৰ পৰা কলাস্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ২০০৯ চনত বি.এড.সম্পন্ন কৰে।
ৰাজনৈতিক জীৱন
সিংহ উত্তৰ প্ৰদেশৰ ১৭তম বিধানসভাৰ সদস্য আছিল। ২০১৭ চনৰ পৰা, তেওঁ ছাগৰী বিধানসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আহিছে আৰু বহুজন সমাজ পাৰ্টিৰ (BSP) সদস্য। তেওঁ সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী জয়ৰাম পটেলক ৫,৪৭৫ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।২
পদসমূহ
মাৰ্চ ২০১৭ ৰ পৰা মাৰ্চ ২০২২লৈ- সদস্য পদ- ১৭তম উত্তৰ প্ৰদেশ বিধানসভা।৩
তথ্যসূত্ৰ
- ↑ Zanane, Anant. (19 July 2013). Former MLA Sarvesh Singh shot dead by gunmen on bikes at his home, violence in Azamgarh. NDTV
- ↑ Assembly result 2017. Elections.in
- ↑ Uttar Pradesh 2017 Result. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন্দনা সিং” প্ৰবন্ধৰ সংশোধন ৫১১২৬৫ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।