ফ্ৰীড্ৰিশ ৱিলহেল্ম য়'জেফ শ্বেলিং (Friedrich Wilhelm Joseph Schelling,; ২৭ জানুৱাৰী ১৭৭৫ – ২০ আগষ্ট ১৮৫৪) আছিল এজন জাৰ্মান দাৰ্শনিক। দৰ্শনৰ মানদণ্ডগত ইতিহাসত তেওঁক জাৰ্মান আদৰ্শবাদৰ বিকাশৰ মধ্যবিন্দু হিচাপে গণ্য কৰা হয়, য'ত তেওঁৰ স্থান আছিল তেওঁৰ প্ৰাৰম্ভিক জীৱনৰ গুৰু য়'হান গটলীব ফিশট্য আৰু তেওঁৰ এসময়ৰ বিশ্ববিদ্যালয়ৰ সতীৰ্থ, প্ৰাৰম্ভিক বন্ধু তথা পৰৱৰ্তী সময়ৰ প্ৰতিদ্বন্দ্বী গেয়ৰ্গ ৱিলহেল্ম ফ্ৰীড্ৰিশ হেগলৰ মাজত। শ্বেলিংৰ দৰ্শনৰ ক্ৰমবিৱৰ্তনশীল প্ৰকৃতিৰ বাবে ইয়াৰ ব্যাখ্যা কৰাটো কঠিন বুলি ধৰা হয়।
শ্বেলিংৰ চিন্তাধাৰাক মূলতঃ অৱহেলা কৰা হৈছিল, বিশেষকৈ ইংৰাজীভাষী বিশ্বত। ইয়াৰ এটা অন্যতম প্ৰধান কাৰণ আছিল হেগেলৰ আধিপত্য, যাৰ পৰিপক্ব কৰ্মসমূহত শ্বেলিংক ভাৱবাদৰ বিকাশৰ এক সামান্য পাদটীকা হিচাপেহে চিত্ৰিত কৰা হৈছিল। শ্বেলিংৰ প্ৰকৃতিদৰ্শনকো বিজ্ঞানীসকলে ইয়াৰ উপমাধৰ্মী প্ৰৱণতা আৰু অভিজ্ঞতাভিত্তিক দিশৰ অভাৱৰ বাবে সমালোচনা কৰিছিল।১ অৱশ্যে পৰৱৰ্তী সময়ৰ একাংশ দাৰ্শনিকে শ্বেলিংৰ সামগ্ৰিক কৰ্মৰাজি পুনৰীক্ষণ কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে।
তথ্যসূত্ৰ
- ↑ Bowie, Andrew. (19 July 2012). Friedrich Wilhelm Joseph von Schelling
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰীড্ৰিশ ৱিলহেল্ম য়'জেফ শ্বেলিং” প্ৰবন্ধৰ সংশোধন ৬২০৭৫৬ (২৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।