ফেডেৰিক' ফেল্লিনি (ইংৰাজী ভাষা: Federico Fellini; ২০ জানুৱাৰী ১৯২০ – ৩১ অক্টোবৰ ১৯৯৩) আছিল এজন ইটালীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। তেওঁ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী চলচ্চিত্ৰ নিৰ্মাতা হিচাপে স্বীকৃতি লাভ কৰিছে।
ফেল্লিনিৰ আটাইতকৈ পৰিচিত ছবিসমূহৰ ভিতৰত আই ভিটেলোনি (১৯৫৩), লা ষ্ট্ৰাডা (১৯৫৪), নাইটছ অৱ কেবিৰিয়া (১৯৫৭), লা ডলচে ভিটা (১৯৬০), 8½ (১৯৬৩), জুলিয়েট অৱ দ্য স্পিৰিটছ (১৯৬৫), ফেল্লিনি চেটিৰিকন (১৯৬৯), ৰোমা (১৯৭২), আমাৰকৰ্ড (১৯৭৩), আৰু ফেল্লিনিচ কাছানোভা (১৯৭৬)।
ফেল্লিনিয়ে নিজৰ কেৰিয়াৰৰ সময়ছোৱাত ১৭টা একাডেমী বঁটাৰ বাবে মনোনীত হৈছিল আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে মুঠ চাৰিটা অস্কাৰ লাভ কৰিছিল (বঁটাৰ ইতিহাসৰ যিকোনো পৰিচালকৰ বাবে সৰ্বাধিক)। লছ এঞ্জেলছত অনুষ্ঠিত ৬৫ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত তেওঁ লাইফটাইম এচিভমেণ্টৰ সন্মানীয় বঁটা লাভ কৰে। ১৯৬০ চনত ফেলিনীয়ে লা ডলচে ভিটাৰ বাবে পালম ডি অৰ বঁটাও লাভ কৰে, ১৯৬৩ আৰু ১৯৮৭ চনত দুবাৰকৈ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ১৯৮৫ চনত ৪২ সংখ্যক ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কেৰিয়াৰ গোল্ডেন লায়ন লাভ কৰে আৰু সমালোচকৰ সমীক্ষাত ৭ম স্থান দখল কৰে।
মৃত্যু
১৯৯৩ চনৰ ৩১ অক্টোবৰত ৭৩ বছৰ বয়সত ৰোমত ফেল্লিনিৰ মৃত্যু হয়।১
ধৰ্মীয় মতামত
ফেল্লিনি ৰোমান কেথলিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল আৰু নিজকে কেথলিক বুলি গণ্য কৰিছিল যদিও কেথলিক গীৰ্জাত আনুষ্ঠানিক কাৰ্য্যকলাপ এৰাই চলিছিল। ফেল্লিনিৰ চলচ্চিত্ৰসমূহত কেথলিক বিষয়বস্তু দুই ধৰণে প্ৰকাশ পায়; কিছুমানত কেথলিক শিক্ষাক উদযাপন কৰা দেখুওৱাৰ বিপৰীতে কিছুমানত গীৰ্জাৰ কিছুমান কামক সমালোচনা বা উপহাস কৰে।২
গীৰ্জাক সমালোচনা কৰাৰ পিছতো তেওঁ নিজকে খ্ৰীষ্টান বুলি পৰিচয় দি মন্তব্য কৰিছিল-
গীৰ্জাই মোক কেতিয়াও আনন্দ নিদিলে। ... (কিন্তু) মই এজন খ্ৰীষ্টান। মই ভগৱানৰ প্ৰয়োজনীয়তাত বিশ্বাস কৰোঁ। কাৰণ মই মানুহক বিশ্বাস কৰোঁ। আৰু ঈশ্বৰ হৈছে মানুহৰ প্ৰেম।৩
ৰাজনৈতিক মতামত
ফেল্লিনি ৰাজনীতিৰ প্ৰতি বেছিভাগ সময়তে উদাসীন আছিল।৪
চলচ্চিত্ৰ তালিকা
| বছৰ | শিৰোনাম | পৰিচালক | লিখক | টোকা |
|---|---|---|---|---|
| ১৯৪২ | Knights of the Desert | |||
| Before the Postman | ||||
| ১৯৪৩ | The Peddler and the Lady | |||
| L'ultima carrozzella | ||||
| ১৯৪৫ | Tutta la città canta | |||
| Rome, Open City | ||||
| ১৯৪৬ | Paisà | |||
| ১৯৪৭ | Il delitto di Giovanni Episcopo | |||
| ১৯৪৮ | Senza pietà | |||
| Il miracolo | ||||
| ১৯৪৯ | Il mulino del Po | |||
| ১৯৫০ | Francesco, giullare di Dio | |||
| Il Cammino della speranza | ||||
| Variety Lights | আলবেৰ্তো লাট্টুৱাদাৰ সৈতে সংযুক্ত পৰিচালনা | |||
| ১৯৫১ | La città si difende | |||
| Persiane chiuse | ||||
| ১৯৫২ | The White Sheik | |||
| Il brigante di Tacca del Lupo | ||||
| ১৯৫৩ | I Vitelloni | |||
| Love in the City | খণ্ড: "Un'agenzia matrimoniale" | |||
| ১৯৫৪ | La Strada | |||
| ১৯৫৫ | Il bidone | |||
| ১৯৫৭ | Nights of Cabiria | |||
| ১৯৫৮ | Fortunella | |||
| ১৯৬০ | La Dolce Vita | |||
| ১৯৬২ | Boccaccio '70 | খণ্ড: "Le tentazioni del Dottor Antonio" | ||
| ১৯৬৩ | ৮½ | |||
| ১৯৬৫ | Juliet of the Spirits | |||
| ১৯৬৮ | Spirits of the Dead | খণ্ড: "Toby Dammit" | ||
| ১৯৬৯ | Fellini: A Director's Notebook | টিভি তথ্যচিত্ৰ | ||
| Fellini Satyricon | ||||
| ১৯৭০ | I Clowns | |||
| ১৯৭২ | Roma | |||
| ১৯৭৩ | Amarcord | |||
| ১৯৭৬ | Fellini's Casanova | |||
| ১৯৭৮ | Orchestra Rehearsal | |||
| ১৯৮০ | City of Women | |||
| ১৯৮৩ | And the Ship Sails On | |||
| ১৯৮৬ | Ginger and Fred | |||
| ১৯৮৭ | Intervista | |||
| ১৯৯০ | The Voice of the Moon |
টেলিভিছন বাণিজ্যিক
- টিভি বাণিজ্যিক: Campari Soda (১৯৮৪)
- টিভি বাণিজ্যিক: Barilla Pasta (১৯৮৪)
- তিনিটা টিভি বাণিজ্যিক: Banca di Roma (১৯৯২)
বঁটা
ফেলিনিৰ ছবিসমূহে লা ষ্ট্ৰাডা (১৯৫৬), নাইটছ অৱ কেবিৰিয়া (১৯৫৭), 8½ (১৯৬৩), আৰু আমাৰকৰ্ড (১৯৭৪)ৰ বাবে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ চাৰিটা একাডেমী বঁটা লাভ কৰিছে। ১৯৯২ চনত তেওঁ চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে একাডেমী সন্মানীয় বঁটা লাভ কৰিছিল। ১৯৮৭ চনত পাঁচটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰাৰ পিছত ফেলিনিয়ে বাফটা ফেল'শ্বিপ লাভ কৰে।
বাহ্যিক সংযোগ
- ফেল্লিনিৰ অফিচিয়েল ৱেবছাইট (ইংৰাজী ভাষাত)
- Fellini Foundation অফিচিয়েল ৰিমিনি ৱেবছাইট (ইটালীয়ান ভাষাত)
- Fondation Fellini pour le cinéma ছুইচ ৱেবছাইট (ফ্ৰান্স ভাষাত)
- ফেডেৰিক' ফেল্লিনিৰ জীৱনী (Lambiek Comiclopedia)
- Site commemorating Fellini's 100th birthday
তথ্যসূত্ৰ
- ↑ Federico Fellini, Film Visionary, Is Dead at 73, nytimes.com; accessed 28 August 2017
- ↑ Staff. (2 September 2005). The Religious Affiliation of Director Federico Fellini. Adherents.com
- ↑ Carrera, Alessandro. (2019). Fellini's Eternal Rome: Paganism and Christianity in the Films of Federico Fellini. Bloomsbury Academic. ISBN 9781474297615
- ↑ Kezich 2006, পৃ. 45
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেডেৰিক' ফেল্লিনি” প্ৰবন্ধৰ সংশোধন ৬১১৮৪১ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।