অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প'ল আৰ. মিলগ্ৰম

প'ল ৰবাৰ্ট মিলগ্ৰম (Paul Robert Milgrom; জন্ম: ২০ এপ্ৰিল ১৯৪৮) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ। তেওঁ ১৯৮৭ চনৰ পৰা ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ মানৱতা আৰু বিজ্ঞান বিভাগৰ শ্বিৰলী আৰু লিওনাৰ্ড এলি আসনৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে। তেওঁ অৰ্থনীতিৰ ক্ৰীড়া তত্ত্বৰ বিশেষজ্ঞ।

হালনাগাদ: ১০ জুলাই ২০২৬ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

প'ল ৰবাৰ্ট মিলগ্ৰম (Paul Robert Milgrom; জন্ম: ২০ এপ্ৰিল ১৯৪৮) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ। তেওঁ ১৯৮৭ চনৰ পৰা ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ মানৱতা আৰু বিজ্ঞান বিভাগৰ শ্বিৰলী আৰু লিওনাৰ্ড এলি আসনৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে। তেওঁ অৰ্থনীতিৰ ক্ৰীড়া তত্ত্বৰ বিশেষজ্ঞ। ক্ৰীড়া তত্ত্বৰ অন্তৰ্গত নিলাম তত্ত্ব আৰু মূল্য নিৰ্ধাৰণৰ ৰণনীতিৰ বাবে তেওঁ বিশেষভাৱে জনা যায়। ২০২০ চনত তেওঁ ৰবাৰ্ট বি. ৱিলচনৰ সৈতে যুটীয়াভাৱে "নিলাম তত্ত্বৰ উন্নয়ন আৰু নতুন নিলাম সজ্জাৰ উদ্ভাৱন"ৰ বাবে অৰ্থনীতিৰ ন'বেল বঁটা লাভ কৰে।১

তেওঁ নেন্সী ষ্টকীৰ সৈতে অ-বাণিজ্য উপপাদ্য উলিয়াইছিল। তেওঁ কেইবাটাও কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক। ইয়াৰে ভিতৰত আটাইতকৈ শেহতীয়া কোম্পানী হৈছে অক্সনমিক্স।২ ই জটিল বাণিজ্যিক নিলাম আৰু বিনিময়ৰ দক্ষ বজাৰৰ সৃষ্টিৰ বাবে ছফ্টৱেৰ আৰু সেৱা আগবঢ়ায়।

প'ল আৰ. মিলগ্ৰম আৰু তেওঁৰ ডক্তৰেল পৰামৰ্শদাতা ৰবাৰ্ট বি. ৱিলচনৰ সৈতে কোনটো ফোন কোম্পানীয়ে কোনটো চেলুলাৰ কম্পনাংক লাভ কৰিব নিৰ্ধাৰণ কৰিবলৈ এফচিচিয়ে ব্যৱহাৰ কৰা নিলাম প্ৰট'কল সাজি উলিয়াইছিল। ২০১৬-১৭ চনত মিলগ্ৰমে টিভি সম্প্ৰচাৰৰ পৰা ৱায়াৰলেচ ব্ৰডবেণ্ড ব্যৱহাৰলৈ ৰেডিঅ' কম্পনাংক পুনৰ আবণ্টন কৰাৰ বাবে এক দুই-প্ৰান্তীয় ইনচেণ্টিভ নিলাম ব্যৱস্থাৰ প্ৰস্তুতকৰ্তা দলক নেতৃত্ব প্ৰদান কৰিছিল।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (October 12, 2020). The Prize in Economic Sciences 2020. Royal Swedish Academy of Sciences
  2. ↑ Auctionomics
  3. ↑ Incentive Auction Rules Option and Discussion September 12, 2012

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিঅৰ্থনীতিবিদঅৰ্থনীতিৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প'ল আৰ. মিলগ্ৰম” প্ৰবন্ধৰ সংশোধন ৬১৬৫৮৩ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।