প'লিচিষ্টিক অ'ভাৰি ছিণ্ড্ৰ'ম বা প'লিচিষ্টিক অ'ভাৰিয়ান ছিণ্ড্ৰ'ম (PCOS) হৈছে প্ৰজননক্ষম মহিলাসকলৰ আটাইতকৈ সাধাৰণ অন্তঃস্ৰাৱী তন্ত্ৰৰোগ।১ এই অৱস্থাত থকা কিছুমান লোকৰ ডিম্বাশয়ত সৃষ্টি হোৱা ছিষ্টৰ (cyst) নামেৰে এই ছিণ্ড্ৰ'মৰ নামকৰণ কৰা হৈছে। কিন্তু ই এক সৰ্বজনীন লক্ষণ নহয় আৰু এই ৰোগৰ অন্তৰ্নিহিত কাৰণো নহয়।২৩
পি চি অ' এছ থকা মহিলাসকলে অনিয়মিত মাহেকীয়া ঋতুস্ৰাৱ, অত্যধিক মাহেকীয়া, অতিৰিক্ত চুলি, শালমইনা, শ্ৰোণীৰ বিষ, গৰ্ভৱতী হ'বলৈ অসুবিধা, আৰু ডাঠ মখমলৰ দৰে ছালৰ দাগৰ লক্ষণ পাব পাৰে। এই ছিণ্ড্ৰ'মৰ প্ৰাথমিক বৈশিষ্ট্যসমূহ হ 'ল: হাইপাৰএণ্ড্ৰ'জেনিজম (এণ্ড্ৰ'জেন বা পুৰুষ হৰম'নৰ আধিক্য), এন্অ'ভুলেচন (ডিম্বাশয়ৰ পৰা ডিম্ব নোলোৱা), ইনচুলিন প্ৰতিৰোধ আৰু নিউৰ'এণ্ড'ক্ৰাইন বিঘিনি।৪
আন্তঃৰাষ্ট্ৰীয় প্ৰমাণৰ এক সমীক্ষাত দেখা গৈছে যে কিছুমান জনসংখ্যাৰ মাজত পি চি অ' এছ-ৰ প্ৰাদুৰ্ভাৱ ২৬% পৰ্যন্ত হ'ব পাৰে। সাধাৰণ জনসংখ্যাৰ বাবে এই হাৰ ৪%-ৰ পৰা ১৮% ৰ ভিতৰত।৫৬৭
পি চি অ' এছ-ৰ সঠিক কাৰণ এতিয়াও অনিশ্চিত। লক্ষণসমূহৰ বাবে ঔষধ দি ইয়াৰ চিকিৎসা কৰা হয়।৬
সংজ্ঞা
সাধাৰণতে দুটা সংজ্ঞা ব্যৱহাৰ কৰা হয়:
- NIH
১৯৯০ চনত এন আই এইচ্ছ/এন আই চি এইচ্ছ ডি-ৰ পৃষ্ঠপোষকতাত এক সহমত কৰ্মশালাই পৰামৰ্শ দিছিল যে এজন ব্যক্তিৰ নিম্নোক্ত লক্ষণসমূহ থাকিলে পি চি অ' এছ বুলি ক'ব পাৰি:
- অলিগ'অ'ভুলেচন
- এণ্ড্ৰ'জেনৰ আধিক্য হোৱাৰ লক্ষণসমূহ (ক্লিনিকেল বা জৈৱ ৰাসায়নিক)
- ঋতুস্ৰাৱৰ অনিয়মিয়তা আৰু হাইপাৰএণ্ড্ৰ'জেনিজমৰ ফলত হ'ব পৰা অন্যান্য বিকাৰ বাদ দিয়া (যেনে: জন্মগত চুপ্ৰাৰেনেল হাইপাৰপ্লেচিয়া, এণ্ড্ৰ'জেন প্ৰডিউচাৰ টিউমাৰ, হাইপাৰপ্ৰ'লেক্টিনমিয়া)।
- Rotterdam
২০০৩ চনত ৰটাৰডাম ইএছএইচআৰই/এএছআৰএমৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এক সহমতমূলক কৰ্মশালাত যদি নিম্নোক্ত তিনিটাৰ ভিতৰত দুটা মানদণ্ড পূৰণ কৰা হয় আৰু সেইবোৰৰ অন্য কাৰক নাথাকে তেন্তে পি চি অ' এছ আছে বুলি কোৱা হৈছিল:৮৯
- অলিগ'অ'ভুলেচন বা অন্অ'ভুলেচন
- অতিৰিক্ত এণ্ড্ৰ'জেনৰ ক্ৰিয়া
- পলিচিষ্টিক ডিম্বাশয় (গাইনেক'লজিক আল্ট্ৰাছাউণ্ডৰ দ্বাৰা)
ৰটাৰডামৰ সংজ্ঞাটো অধিক বিস্তৃত, কাৰণ বহুতো মহিলাৰ এণ্ড্ৰ'জেনৰ আধিক্য নাথাকে। সমালোচকসকলে কয় যে এণ্ড্ৰ'জেনৰ অতিমাত্ৰা থকা মহিলাসকলৰ অধ্যয়নৰ পৰা প্ৰাপ্ত তথ্যসমূহ এণ্ড্ৰ'জেন অতিমাত্ৰা নথকা মহিলাসকলৰ বাবে অতিৰিক্তভাৱে প্ৰসাৰিত কৰিব নোৱাৰি।১০১১
- এণ্ড্ৰ'জেন এক্চেছ পি চি অ' এছ ছচাইটী
২০০৬ চনত এণ্ড্ৰ'জেন এক্চেছ পি চি অ' এছ ছচাইটীয়ে তলত উল্লেখ কৰা সকলোৰে বাবে ৰোগ নিৰ্ণয়ৰ মানদণ্ড কঠোৰ কৰাৰ পৰামৰ্শ দিছিল:
- অতিৰিক্ত এণ্ড্ৰ'জেনৰ ক্ৰিয়া
- অলিগ'অ'ভুলেচন/এন্অ'ভুলেচন আৰু/বা পলিচিষ্টিক ডিম্বাশয়
- অতিৰিক্ত এণ্ড্ৰ'জেন ক্ৰিয়া সৃষ্টি কৰিব পৰা অন্যান্য কাৰকৰ বৰ্জন
লক্ষণ আৰু চিহ্ন
পি চি অ এছ-ৰ লক্ষণ আৰু চিহ্নসমূহৰ ভিতৰত আছে অনিয়মিত বা ঋতুস্ৰাৱ নোহোৱা, অত্যধিক ঋতুস্ৰাৱ, অত্যধিক শৰীৰ আৰু মুখৰ চুলি, শালমইনা, শ্ৰোণীৰ বিষ, গৰ্ভৱতী হ'বলৈ অসুবিধা, আৰু ডাঠ, গাঢ়, মখমলৰ দৰে ছালৰ দাগ, ডিম্বাশয়ৰ চিষ্ট, বৰ্ধিত ডিম্বাশয়, অতিৰিক্ত এণ্ড্ৰ'জেন, আৰু ওজন বৃদ্ধি।১২১৩
ইয়াৰ লগত জড়িত অৱস্থাসমূহৰ ভিতৰত আছে টাইপ 2 ডায়েবেটিছ, মেদবহুলতা, অৱৰোধক স্লিপ এপ্নিয়া, হৃদৰোগ, মেজাজৰ বিকাৰ, আৰু এণ্ড'মেট্ৰিয়েল কৰ্কট ৰোগ।১৪
পি চি অ’ এছ থকা মহিলাসকলৰ কেন্দ্ৰীয় মেদবহুলতা থকাৰ প্ৰৱণতা থাকে, কিন্তু অধ্যয়নবোৰত একে বডি মাচ ইনডেক্স থকা পি চি অ’ এছ নথকা মহিলাৰ তুলনাত পি চি অ’ এছ থকা মহিলাসকলৰ পেটৰ ভিতৰৰ আৰু ছালৰ তলৰ চৰ্বি বৃদ্ধি, সলনি নহয়, বা হ্ৰাস হয় নে নাই সেই সম্পৰ্কে দ্বিধা আছে।১৫ যিকোনো ক্ষেত্ৰতে, এণ্ড্ৰ’জেন, যেনে টেষ্ট’ষ্টেৰন, এণ্ড্ৰৰ’ষ্টেন’ল’ন (ডিহাইড্ৰ’টেষ্ট’ষ্টেৰন) আৰু নেণ্ড্ৰ’লন ডিকেন’টে মাইকী জন্তু আৰু মহিলা উভয়ৰে পেটৰ ভিতৰৰ চৰ্বি জমা কৰা বৃদ্ধি কৰা দেখা গৈছে।১৬
যদিও ৮০% পি চি অ’ এছ মেদবহুলতা থকা মহিলাৰ ক্ষেত্ৰত দেখা যায়, এই ৰোগত আক্ৰান্ত হোৱা মহিলাৰ ২০% হৈছে মেদবহুলতা নথকা বা "ক্ষীণ" মহিলা।১৭ অৱশ্যে পি চি অ’ এছ থকা মেদবহুল মহিলাসকলৰ উচ্চ ৰক্তচাপ, ইনচুলিন প্ৰতিৰোধ, বিপাকীয় ছিণ্ড্ৰ'ম, আৰু এণ্ড’মেট্ৰিয়েল হাইপাৰপ্লেছিয়াৰ দৰে প্ৰতিকূল ফলাফলৰ আশংকা অধিক থাকে।১৮
যদিও পি চি অ’ এছ থকা বেছিভাগ মহিলাৰ ওজন বেছি বা মেদবহুল, তথাপিও এয়া স্বীকাৰ কৰাটো গুৰুত্বপূৰ্ণ যে অমেদবহুল মহিলাসকলৰো পি চি অ’ এছ খুবেই স্বাভাৱিক। পি চি অ’ এছ- ৰ দ্বাৰা চিনাক্ত কৰা মহিলাৰ ৩০% ই ৰোগ নিৰ্ণয়ৰ আগতে আৰু পিছত স্বাভাৱিক ওজন বৰ্তাই ৰাখে। "ক্ষীণ" মহিলাসকলে এতিয়াও পি চি অ’ এছ-ৰ বিভিন্ন লক্ষণত ভোগে আৰু তেওঁলোকৰ লক্ষণবোৰ সঠিকভাৱে নিৰ্ণয় কৰা আৰু চিনাক্ত কৰাত অতিৰিক্ত প্ৰত্যাহ্বানৰ সন্মুখীন হয়। ক্ষীণ মহিলাসকলৰ প্ৰায়ে বছৰ বছৰ ধৰি ৰোগ নিৰ্ণয় কৰা নহয় আৰু সাধাৰণতে গৰ্ভধাৰণৰ বাবে অসুবিধাৰ পিছত ৰোগ নিৰ্ণয় কৰা হয়।১৯ ক্ষীণ মহিলাসকলৰ বহুমূত্ৰ ৰোগ আৰু হৃদৰোগৰ চিনাক্তকৰণ নোহোৱাৰো সম্ভাৱনা থাকে। এই মহিলাসকলৰ ওজন বেছি নোহোৱা স্বত্বেও ইনচুলিন প্ৰতিৰোধ বিকশিত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। ক্ষীণ মহিলাসকলক প্ৰায়ে পি চি অ’ এছ- ৰ চিনাক্তকৰণৰ ক্ষেত্ৰত কম গুৰুত্ব দিয়া হয় আৰু লগতে উপযুক্ত চিকিৎসাৰ বিকল্প বিচাৰি উলিওৱাত প্ৰত্যাহ্বানৰ সন্মুখীন হয়। ইয়াৰ কাৰণ হৈছে বেছিভাগ চিকিৎসাৰ বিকল্প ওজন হ্ৰাস আৰু স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ পদ্ধতিতে সীমাবদ্ধ।২০
অতিৰিক্ত পঠন
- (October 2010). Polycystic ovary syndrome in the pediatric population. Metabolic Syndrome and Related Disorders. পৃ. 375–394
- (31 January 2017). Polycystic Ovary Syndrome (PCOS). Eunice Kennedy Shriver National Institute of Child Health and Human Development
তথ্যসূত্ৰ
- ↑ (November 2015). American Association of Clinical Endocrinologists, American College of Endocrinology, and androgen excess and PCOS society disease state clinical review: guide to the best practices in the evaluation and treatment of polycystic ovary syndrome-part 1.. Endocrine Practice. পৃ. 1291–1300
- ↑ (November 2013). Renaming PCOS--a two-state solution. The Journal of Clinical Endocrinology and Metabolism. পৃ. 4325–4328
- ↑ Khan MJ, Ullah A, Basit S. Genetic Basis of Polycystic Ovary Syndrome (PCOS): Current Perspectives. Appl Clin Genet. 2019 Dec 24; 12:249-260. doi: 10.2147/TACG.S200341. PMID 31920361; PMCID: PMC6935309
- ↑ (June 2018). An update of genetic basis of PCOS pathogenesis. Archives of Endocrinology and Metabolism. পৃ. 352–361
- ↑ (September 2017). Shedding new light on female fertility: The role of vitamin D. Reviews in Endocrine & Metabolic Disorders. পৃ. 273–283
- ↑ (March 2021). Polycystic Ovarian Syndrome and Fertility. Clinical Obstetrics and Gynecology. পৃ. 65–75
- ↑ (November 2018). Geographical Prevalence of Polycystic Ovary Syndrome as Determined by Region and Race/Ethnicity. International Journal of Environmental Research and Public Health. পৃ. 2589
- ↑ (March 2006). Controversy in clinical endocrinology: diagnosis of polycystic ovarian syndrome: the Rotterdam criteria are premature. The Journal of Clinical Endocrinology and Metabolism. পৃ. 781–785
- ↑ Rotterdam ESHRE/ASRM-Sponsored PCOS consensus workshop group. (January 2004). Revised 2003 consensus on diagnostic criteria and long-term health risks related to polycystic ovary syndrome (PCOS). Human Reproduction. পৃ. 41–47
- ↑ (February 2004). Diagnosis of polycystic ovary syndrome: from NIH criteria to ESHRE-ASRM guidelines. Minerva Ginecologica. পৃ. 1–6
- ↑ (October 2004). Definitions, prevalence and symptoms of polycystic ovaries and polycystic ovary syndrome. Best Practice & Research. Clinical Obstetrics & Gynaecology. পৃ. 671–683
- ↑ (23 January 2019). What We Talk About When We Talk About PCOS. www.vice.com
- ↑ (2022-02-28). Polycystic Ovary Syndrome (PCOS). www.hopkinsmedicine.org
- ↑ (January 31, 2017). Polycystic Ovary Syndrome (PCOS): Condition Information. National Institute of Child Health and Human Development
- ↑ (February 2015). Adiposity and metabolic dysfunction in polycystic ovary syndrome. Hormone Molecular Biology and Clinical Investigation. পৃ. 107–116
- ↑ (October 2008). Effects of androgens on insulin action in women: is androgen excess a component of female metabolic syndrome?. Diabetes/Metabolism Research and Reviews. পৃ. 520–532
- ↑ (2017). Debates Regarding Lean Patients with Polycystic Ovary Syndrome: A Narrative Review. Journal of Human Reproductive Sciences. পৃ. 154–161
- ↑ (2019). Obese and Non-obese Polycystic Ovarian Syndrome: Comparison of Clinical, Metabolic, Hormonal Parameters, and their Differential Response to Clomiphene. Indian Journal of Endocrinology and Metabolism. পৃ. 257–262
- ↑ (July 2018). Lean PCOS may be a genetically distinct from obese PCOS: lean women with polycystic ovary syndrome and their relatives have no increased risk of T2DM. Human Reproduction. Oxford Univ Press. পৃ. 454
- ↑ (2017). Debates Regarding Lean Patients with Polycystic Ovary Syndrome: A Narrative Review. Journal of Human Reproductive Sciences. পৃ. 154–161
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প'লিচিষ্টিক অ'ভাৰি ছিণ্ড্ৰ'ম” প্ৰবন্ধৰ সংশোধন ৬২৪৩৩১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।