চামচুন্নাহাৰ স্মৃতি (জন্ম: ২৪ অক্টোবৰ ১৯৯২), যি তেওঁৰ মঞ্চনাম পৰী মণি হিচাপে পৰিচিত, এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ বাংলাদেশৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।
মণিয়ে এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০১৫ চনত ৰানা প্লাজা বোলছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ২০১৬ চনত ব্যাৱসায়িকভাৱে সফল বোলছবি ধূমকেতুত কৰা অভিনয়ৰ বাবে ব্যাপক স্বীকৃতি লাভ কৰিছিল।১ তেওঁৰ আটাইতকৈ উল্লেখযোগ্য বোলছবিসমূহৰ ভিতৰত আছে স্বপ্নজাল (২০১৮), গুণিন (২০২২) আৰু অৰ্তজ্বালা (২০১৭)। তেওঁ নিজৰ অভিনয়ৰ বাবে কেইবাটাও বঁটা লাভ কৰিছে, ইয়াৰ ভিতৰত ২১তম মেৰিল-প্ৰথম আলো বঁটাত তেওঁ বিশেষ সমালোচক বঁটা লাভ কৰিছিল।২ ২০২০ চনত ফৰ্বছ এছিয়াৰ "১০০ ডিজিটেল ষ্টাৰ"ৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল।৩
প্ৰাৰম্ভিক জীৱন
চামচুন্নাহাৰ স্মৃতিৰ জন্ম ১৯৯২ চনৰ ২৪ অক্টোবৰত খুলনা বিভাগৰ সাতক্ষীৰা জিলাৰ এটা বঙালী মুছলমান পৰিয়ালত হৈছিল।৪৫ তেওঁ সৰু কালতে পিতৃ-মাতৃক হেৰুৱাইছিল আৰু পোজপুৰত তেওঁৰ ককাক চামচুল হক গাজীৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল।৬ তেওঁ এছ এছ চি (SSC) আৰু এইচ এছ চি (HSC) পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ২০১১ চনত বি এম কলেজত বি এ (সন্মানীয়) পঢ়ি থকাৰ সময়তে তেওঁ বাংলাদেশ একাডেমী অৱ ফাইন আৰ্টছত নৃত্যৰ শিক্ষা ল’বলৈ ঢাকালৈ গুচি যায়।৬
কৰ্মজীৱন
মণিৰ প্ৰথমখন ছবি আছিল ২০১৩ চনৰ ৰানা প্লাজাৰ দুৰ্ঘটনাৰ ওপৰত আধাৰিত ৰানা প্লাজা।৭ অৱশ্যে বাংলাদেশ চলচ্চিত্ৰ চেন্সৰ বৰ্ডে ছবিখনক প্ৰমাণ-পত্ৰ দিবলৈ অস্বীকাৰ কৰিছিল। বৰ্ডৰ মতে ই এক ৰাষ্ট্ৰীয় দুৰ্যোগ আছিল যিটো মানুহে ভুলকৈ বুজিব পাৰে।৮ তেও'ৰ দ্বিতীয়খন ছবি ভালবাসা সীমাহীন ২০১৫ চনৰ ১৩ ফেব্ৰুৱাৰীত মুক্তি পায়। তেওঁ শাকিব খানৰ সৈতে আৰো ভালবাসবো তোমায় আৰু ধূমকেতু বোলছবিত অভিনয় কৰিছিল।৯
ব্যক্তিগত জীৱন
পৰী মণিয়ে ২০১০ চনত তেওঁৰ সম্পৰ্কীয় ভ্ৰাতৃ ইচমাইল হোচেনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ২০১২ চনত তেওঁৰ সৈতে বিচ্ছেদ ঘটে।১০ ইয়াৰ পিছত ২০১২ চনৰ এপ্ৰিল মাহত তেওঁ ফুটবলাৰ ফেৰদৌচ কবিৰ সৌৰভৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১১ ২০১৯ চনত মণি আৰ জে তামিম হাছানৰ সৈতে বাগদানত আবদ্ধ হৈছিল, কিন্তু পিছলৈ তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে।১২১৩১৪ ২০২০ চনত তেওঁ চলচ্চিত্ৰ পৰিচালক কামৰুজ্জামান ৰণিৰ সৈতে এক চুটি সময়ৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল।১৫১৬

২০২১ চনৰ অক্টোবৰ মাহত তেওঁ অভিনেতা-মডেল চৰিফুল ৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০২২ চনৰ ১০ আগষ্টত তেওঁলোকৰ এজন পুত্ৰ সন্তান চাহিম মহম্মদ পুণ্য (ৰাজ্য বুলিও জনা যায়) জন্ম হয়।১৭ ২০২২ চনৰ ৩১ ডিচেম্বৰত মণিয়ে সামাজিক মাধ্যমৰ জৰিয়তে ৰাজৰ সৈতে বিচ্ছেদৰ কথা নিশ্চিত কৰে আৰু পিছলৈ জনায় যে তেওঁ এদিন আগতে পুত্ৰ ৰাজ্যৰ সৈতে ৰাজৰ ঘৰ এৰি থৈ আহিছে। পিছলৈ তেওঁলোকৰ মাজত বুজা-বুজি হয় আৰু পুনৰ মাজে মাজে একেলগে থাকিবলৈ লয়।১৮ তানজিন তিশা, নাজিফা তুষি আৰু সুনেৰা বিণ্টে কামাল আদিকে ধৰি আন কেইবাগৰাকীও অভিনেত্ৰীৰ সৈতে চৰিফুল ৰাজৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি মণিয়ে ২০২৩ চনৰ ১৮ ছেপ্টেম্বৰত তেওঁক বিবাহ বিচ্ছেদ দিয়ে।১৯২০
২০২৪ চনৰ মে’ মাহত মণিয়ে আনন্দবাজাৰ পত্ৰিকাত লিখা এটা অনলাইন পোষ্টত জনায় যে তেওঁ চাপিৰা চুলতানা প্ৰিয়ম নামৰ এজনী ছোৱালী তোলনীয়া হিচাপে লৈছে।২১
তথ্যসূত্ৰ
- ↑ (2017-01-14). Dhumketu. The Daily Star
- ↑ Who wins what at Meril-Prothom Alo Awards. Prothom Alo
- ↑ Watson, Rana Wehbe. Forbes Asia's 100 Digital Stars. Forbes
- ↑ Bangladeshi actress alleges rape, murder attempt by businessman, seeks justice from PM in Facebook post. The Times of India
- ↑ Bangladeshi businessman arrested after film actress alleges rape. The Telegraph
- ↑ (2021-06-15). Pori Moni: From Pirojpur to FDC's most popular heroine. The Business Standard
- ↑ bn:অভিনয়েৰ প্ৰমাণ দিয়েছি 'ৰানা প্লাজা'য়: পৰীমনি. NTV
- ↑ (2015-08-24). 6-month ban on Rana Plaza movie. The Daily Star
- ↑ (2018-10-12). আৰ্কাইভ কপি. Bangladesh Pratidin
- ↑ Teachers are still proud of Parimani. Dhaka Post
- ↑ bn:চাৰ বিয়ে কৰেও স্বামীহাৰা পৰীমণি!. The Daily Ittefaq
- ↑ (15 February 2019). Pori Moni's engagement to Tamim Hasan. The Daily Star
- ↑ Porimoni's engagement breaks up before marriage!. Daily Sun
- ↑ (22 July 2017). Pori in love. The Daily Star
- ↑ (2020-03-20). Pori Moni gets married. Dhaka Tribune
- ↑ (2020-12-25). Dhallywood Stars Who Got Divorced in 2020. Editorialge
- ↑ (2022-08-11). Pori Moni posts picture with son, reveals name. The Daily Star
- ↑ (2023-06-04). You are an animal, learn to be a decent human first: Pori Moni to Razz. The Daily Star
- ↑ (2023-06-07). 'I want divorce within 24 hours'- Pori Moni cried in live program. Daily Bangladesh
- ↑ (2023-09-22). Razz talks about divorce. Channel I
- ↑ (2024-05-09). Pori Moni Adopts Girl Child. Anandabazar Patrika
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰী মণি” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৫৩ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।