অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰীথা ৰেড্ডী

প্ৰীথা ৰেড্ডী: Preetha Reddy;ভাৰতৰ অন্যতম বৃহৎ স্বাস্থ্যসেৱা সংঘবদ্ধ সংস্থা এপ’ল’ হস্পিতালছৰ উপ-অধ্যক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। ২০১২ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ মেডট্ৰনিক নামৰ এখন চিকিৎসা-প্ৰযুক্তি প্ৰতিষ্ঠানৰ স্বতন্ত্ৰ সঞ্চালিকা হিচাপে ব’ৰ্ডলৈ নিৰ্বাচিত হয়।

হালনাগাদ: ৩ এপ্ৰিল ২০২৫ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

প্ৰীথা ৰেড্ডী: Preetha Reddy;ভাৰতৰ অন্যতম বৃহৎ স্বাস্থ্যসেৱা সংঘবদ্ধ সংস্থা এপ’ল’ হস্পিতালছৰ উপ-অধ্যক্ষ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। ২০১২ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ মেডট্ৰনিক নামৰ এখন চিকিৎসা-প্ৰযুক্তি প্ৰতিষ্ঠানৰ স্বতন্ত্ৰ সঞ্চালিকা হিচাপে ব’ৰ্ডলৈ নিৰ্বাচিত হয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ৰেড্ডী ডাঙৰ হোৱাৰ পাছত প্ৰায়েই দেউতাকৰ চিকিৎসালয়লৈ গৈ তেওঁৰ কাম-কাজ বোৰ নিৰীক্ষণ কৰিছিল।১ চিকিৎসালয়ৰ পৰিবেশ, ৰোগীসকলৰ চিকিৎসা আৰু পৰিচৰ্যাৰ প্ৰক্ৰিয়াই তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। তেওঁ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা ৰসায়নশাস্ত্ৰত স্নাতক ডিগ্ৰী আৰু আনন্দমলাই বিশ্ববিদ্যালয়ৰ পৰা লোকপ্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২৩শিক্ষা জীৱনৰ মাজতেই তেওঁ বিবাহ পাশত আৱদ্ধ হয়। বিবাহৰ পিছত, তেওঁৰ দেউতাকে তেওঁক এপোলো হাস্পতালত যোগদান কৰিবলৈ আহ্বান জনায়,৪ বিশেষকৈ তাৰ পাছতে যেতিয়া তেওঁৰ ভনীয়েক শোভনা হায়দৰাবাদলৈ স্থানান্তৰিত হয়। পিতৃৰ পথ অনুসৰণ কৰি, তেওঁ স্বাস্থ্যসেৱা ক্ষেত্ৰত আগবাঢ়িবলৈ সিদ্ধান্ত লয়।

তেওঁৰ তিনিগৰাকী ভগ্নী আছে, তেওঁলোক যথাক্ৰমে সুনীতা ৰেড্ডী, সংগীতা ৰেড্ডী, আৰু শ্বোবানা কামিনেনী, এওঁলোক সকলোৱে এপ’ল’ হাস্পতালত সঞ্চালক হিচাপে কাম কৰি আছে। তেওঁলোকৰ পিতৃ প্ৰথাপে ১৯৮৩ চনত এপ'ল'হস্পিতালছ প্ৰতিষ্ঠা কৰে আৰু এতিয়াও পৰিয়ালটোৰ মালিকানাধীন কোম্পানীটোৰ ৩৪ শতাংশ। ৫৬

কৰ্ম জীৱন

১৯৮৯ চনত ৰেডীয়ে এপ’ল’ হাস্পতালত যৌথ পৰিচালন সঞ্চালক হিচাপে যোগদান কৰে, তাৰ পিছত পৰিচালন সঞ্চালক পদলৈ পদোন্নতি লাভ কৰে। তেওঁৰ নিৰ্দেশনাত চিকিৎসালয়খনে বিচনাৰ সংখ্যা বৃদ্ধি কৰিছিল আৰু এপ'ল' চিকিৎসালয়ক ইয়াৰ গুণগত প্ৰমাণপত্ৰ লাভ কৰাত সহায় কৰিছিল।১

২০১২ চনত ৰেড্ডী চিকিৎসা প্ৰযুক্তি কোম্পানী মেডট্ৰনিকৰ স্বতন্ত্ৰ সঞ্চালক হিচাপে ব'ৰ্ডলৈ নিৰ্বাচিত হয়।৭ দুবছৰৰ পিছত ৰেড্ডীয়ে পিতৃৰ পিছত এপ'ল' হাস্পতালৰ কাৰ্যবাহী উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।৮

বঁটা আৰু স্বীকৃতি

  • ইটি এৱাৰ্ডছৰ বছৰৰ ব্যৱসায়িক মহিলা৯
  • বছৰৰ স্বাস্থ্যসেৱা ব্যক্তিত্বৰ বঁটা১০

তথ্যসূত্ৰ

  1. ↑ (14 July 2014). The daughter who could take over the reins at Apollo. Business Standard
  2. ↑ (20 July 2013). Preetha Reddy: Healing touch. Business Standard
  3. ↑ Trushna Udgirkar; Sai Deepika Amirapu. (8 July 2009). Preetha Reddy to take the reins at Apollo. The Economic Times
  4. ↑ Varadarajan, Nitya. (12 July 2009). Preetha Reddy: Healthcare queen. businesstoday.in
  5. ↑ Gupta, Anish. (5 November 2012). How Preetha does it. fortuneindia.com
  6. ↑ (21 November 2018). Apollo Hospitals, a $2 billion health empire run by four sisters, makes a comeback. livemint.com
  7. ↑ ARUNDHATI PARMAR. (24 September 2012). Medtronic turns eye to India with new board member and $6 million grant
  8. ↑ Jasleen Kaur Batra. (2 July 2014). Apollo Hospitals shuffles top management among Reddy sisters. vccircle.com
  9. ↑ ET Awards' Businesswoman of The Year: Preetha and Suneeta Reddy make their mark fair & square. The Economic Times
  10. ↑ (March 11, 2020). Suresh Vazirani Wins Iconic Personality of the Year Award - Times of India. The Times of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীথা ৰেড্ডী” প্ৰবন্ধৰ সংশোধন ৫০১৬৮৯ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।