প্ৰফুল্ল কুমাৰ সাহা এজন অসমৰ ভাৰত স্বাধীনতা সংগ্ৰামী।
জন্ম আৰু শিক্ষা
অসমৰ কোকৰাঝাৰ জিলাৰ বাউলাগুৰি অঞ্চলৰ এজন স্বাধীনতা সংগ্ৰামী হৈছে প্ৰফুল্ল কুমাৰ সাহা। তেওঁৰ জন্ম ১৯১৯ চনত অবিভক্ত ভাৰতবৰ্ষৰ ঢাকাৰ গাইগুটীয়া জিলাৰ পূৰ্ণসাহা নামৰ ঠাইত হৈছিল। তেওঁ বলিয়াৰী হাইস্কুলত পঢ়িছিল আৰু একাদশ শ্ৰেণীত নামভৰ্তি কৰিছিল। বিদ্যালয়খনৰ অধ্যক্ষ অযোধ্যা চক্ৰৱৰ্তীয়ে ডেকা প্ৰফুল্ল কুমাৰ সাহাৰ হৃদয়ত স্বাধীনতাৰ শিখা জ্বলাই দিয়ে আৰু চক্ৰৱৰ্তীৰ নিৰ্দেশনাত তেওঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে।১
সংগ্ৰাম
১৯৩০ চনত আইন অমান্য (Civil Disobedience) আন্দোলনত জড়িত হোৱাৰ অপৰাধত সাহাক ঢাকাৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। প্ৰায় তিনি বছৰতকৈ অধিক সময় কাৰাগাৰত কটাবলগীয়া হৈছিল। কাৰাবাসৰ পৰা মুক্তিৰ পিছত প্ৰফুল্ল কুমাৰে পুনৰ স্বাধীনতা সংগ্ৰামীসকলৰ লগত যোগদান কৰে। ফলত ১৯৩৪ চনত পুনৰ ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু এইবাৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যায়। সেই সময়ত তেওঁ আন বিপ্লৱীসকলৰ সৈতে নৱাবগঞ্জ, কাৰাকোপা, বেণ্ডেলিয়াৰত অনুষ্ঠিত হোৱা ৰেলী আৰু প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে। ১৯৩৬ চনত কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ কলিকতাত নেতাজী সুভাষ চন্দ্ৰ বসুক লগ পায়। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু দেশবন্ধু চিত্তৰঞ্জন দাসক লগ পোৱাৰ সুযোগ পাইছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰি পুনৰ কলিকতাত গ্ৰেপ্তাৰ হয়। তিনি বছৰৰো অধিক সময় কাৰাবাস খাটিছিল।
স্বাধীনতাৰ পিছৰ সময়
দেশখনে স্বাধীনতা লাভ কৰাৰ পাছত তেওঁ দিনহাটা, কুচবিহাৰ, আৰু পশ্চিমবংগৰ আন আন ঠাইত থাকিবলৈ লয়। অৱশেষৰ শেষ দিনলৈকে অসমৰ কোকৰাঝাৰ জিলাৰ নিচেই ওচৰ বসতি স্থাপন কৰে। ২০০৮ চনৰ ৩ জুলাই তাৰিখে কোকৰাঝাৰ জিলাৰ বাউলাগুৰিত শেষ নিশ্বাস ত্যাগ কৰে।
সন্মান
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত প্ৰফুল্ল কুমাৰ মহন্তই আমাৰ স্বাধীনতা দিৱসৰ সোণালী জয়ন্তীত প্ৰফুল্ল কুমাৰ সাহাক তামৰ ঢাল সন্মান প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ Prafulla Kumar saha. Amritmahotsav
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰফুল্ল কুমাৰ সাহা” প্ৰবন্ধৰ সংশোধন ৫২৮১০১ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।