পোহৰ নিৰ্গতক ডায়'ড (ইংৰাজী ভাষা: light-emitting diode) চমুকৈ এল ই ডি এটি অৰ্ধপৰিবাহী ডায়ড যিয়ে প্ৰযুক্ত ভ'ল্টেজক পোহৰলৈ পৰিৱৰ্তিত কৰে, যাক প্ৰায় চাকি আৰু অঙ্কীয় পৰ্দাত ব্যৱহাৰ কৰা হয়।১
উদ্ভাৱন
ইচামু আকাচাকি, হিৰচি আমান' আৰু চুজি নাকামুৰাই পোহৰ উলিওৱা ডায়'ড উদ্ভাৱনৰ বাবে ২০১৪ বৰ্ষত ন'বেল বঁটা লাভ কৰে।২ জুৰিয়ে ক'লে- "এই বছৰৰ ন'বেল বঁটা গ্ৰহণকাৰীসকলক এটি নতুন শক্তি-পৰিপক্ক পৰিবেশৰ সৈতে বন্ধুত্বপূৰ্ণ পোহৰৰ উৎস উদ্ভাৱন কৰাৰ বাবে পুৰস্কৃত কৰা হৈছে।
কাৰ্যনীতি
এল-ই-ডিয়ে বৈদ্যুতিক পোহৰ বিকিৰণৰ জৰিয়তে কাম কৰে। এলুমিনিয়াম গেলিয়াম আৰ্চেনাইডৰ দৰে কোনো কোনো অৰ্ধপৰিবাহী বস্তুৱে বিদ্যুৎ প্ৰৱাহিত হ'লে ইলেক্ট্ৰণসমূহৰ চলনৰ দ্বাৰা পোহৰ ওলায়। এল-ই-ডিএ এনে ধৰণেই কাম কৰে।৩
এল ই ডিৰ ব্যৱহাৰ
মোবাইল ফোন আৰু এল ই ডি স্ক্ৰীনৰ বাহিৰেও অপটিকেল যোগাযোগ, ইণ্ডিকেটৰ বাতি, ইনফ্ৰাৰেড ৰশ্মি, আলোকসজ্জা, ট্ৰেফিক সংকেত, অপটিকেল মাউচ, লেজাৰ ৰশ্মি উৎপাদন সহ আৰু অনেক কামত এল ই ডি ব্যৱহৃত হয়।
বাহ্যিক সংযোগ
- Dendrimers in the spotlight - an Instant Insight examining the use of dendrimers in organic light-emitting diodes from the Royal Society of Chemistry
- Photonics Sources Group, Tyndall National Institute GaN and other photonics research at the Tyndall National Institute, Ireland.
- MAKE Presents: The LED - A movie about the origins of the LED and how to make your own from carborundum!
- Rensselaer Electrical Engineering Department LED information arranged in textbook form, aimed at introductory to advanced audience
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পোহৰ নিৰ্গতক ডায়'ড” প্ৰবন্ধৰ সংশোধন ৫৮২৯০৩ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।