অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পেনৰ'জ ত্ৰিভুজ

পেনৰ'জ ত্ৰিভুজ (বা পেনৰ'জ ট্ৰাইবাৰ, অসম্ভৱ ট্ৰাইবাৰ, বা অসম্ভৱ ত্ৰিভুজ, এটা ত্ৰিকোণীয় অসম্ভৱ বস্তু। এই আলোকীয় ভ্ৰমৰ বস্তুটোক দৃষ্টিকোণীয় অংকনেৰে দেখুৱাব পাৰি কিন্তু বাস্তৱত ইয়াৰ অস্তিত্ব নাই। ১৯৩৪ চনত চুইডেন শিল্পী অস্কাৰ ৰয়টাৰছভাৰ্ডে ইয়াক প্ৰথম সৃষ্টি কৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

পেনৰ'জ ত্ৰিভুজ (বা পেনৰ'জ ট্ৰাইবাৰ, অসম্ভৱ ট্ৰাইবাৰ, বা অসম্ভৱ ত্ৰিভুজ, এটা ত্ৰিকোণীয় অসম্ভৱ বস্তু। এই আলোকীয় ভ্ৰমৰ বস্তুটোক দৃষ্টিকোণীয় অংকনেৰে দেখুৱাব পাৰি কিন্তু বাস্তৱত ইয়াৰ অস্তিত্ব নাই। ১৯৩৪ চনত চুইডেন শিল্পী অস্কাৰ ৰয়টাৰছভাৰ্ডে ইয়াক প্ৰথম সৃষ্টি কৰিছিল। ৰয়টাৰছভাৰ্ডৰ পৰা স্বাধীনভাৱে এই ত্ৰিভুজটো ১৯৫০ চনত মনোৰোগ বিশেষজ্ঞ লিয়'নেল পেনৰ'জ আৰু তেওঁৰ পুত্ৰ বিশিষ্ট নোবেল বঁটা বিজয়ী গণিতজ্ঞ ছাৰ ৰ'জাৰ পেনৰ'জে উদ্ভাৱন আৰু জনপ্ৰিয় কৰি তুলিছিল। তেওঁলোকে ইয়াক "বিশুদ্ধতম ৰূপত অসম্ভৱ" বুলি অভিহিত কৰিছিল।শিল্পী এম চি এশ্বাৰৰ সৃষ্টিত ইয়াক ভালদৰে পোৱা যায়। এশ্বাৰৰ পূৰ্বৰ অসম্ভৱ বস্তুৰ চিত্ৰণে ইয়াক আংশিকভাৱে অনুপ্ৰাণিত কৰিছিল।

বিৱৰণ

ভ্ৰম দেখুৱাবলৈ এটা ঘূৰ্ণনশীল পেনৰ'জ ত্ৰিভুজৰ আৰ্হি। ভ্ৰমৰ সময়ত সমকোণত সংযুক্ত এযোৰ বেঙুনীয়া মুখ দেখা যায় (এখন আংশিকভাৱে ঢাক খোৱা), কিন্তু এইবোৰ আচলতে সমান্তৰাল মুখ আৰু আংশিকভাৱে বন্ধ হৈ থকা মুখখন বাহ্যিক নহয়, আভ্যন্তৰীণহে।
ভ্ৰম দেখুৱাবলৈ এটা ঘূৰ্ণনশীল পেনৰ'জ ত্ৰিভুজৰ আৰ্হি। ভ্ৰমৰ সময়ত সমকোণত সংযুক্ত এযোৰ বেঙুনীয়া মুখ দেখা যায় (এখন আংশিকভাৱে ঢাক খোৱা), কিন্তু এইবোৰ আচলতে সমান্তৰাল মুখ আৰু আংশিকভাৱে বন্ধ হৈ থকা মুখখন বাহ্যিক নহয়, আভ্যন্তৰীণহে।ছবি: Tomruen · CC BY-SA 4.0

এই ট্ৰাইবাৰ/ত্ৰিভুজটো এটা কঠিন বস্তু যেন লাগে। বৰ্গীয় প্ৰস্থেচ্ছেদৰ তিনিটা পোন স্তম্ভৰে ই গঠিত; স্তম্ভবোৰে গঠন কৰা ত্ৰিভুজৰ শিখৰত সোঁকোণত যোৰকৈ সেইবোৰ লগ হয়। স্তম্ভবোৰ ভাঙি ঘনক বা ঘনকাকৃতিৰ বস্তু হ'ব পাৰে।

এই ধৰণৰ সংমিশ্ৰণ সাধাৰণ ইউক্লিডিয়ান স্থানত কোনো ত্ৰিমাত্ৰিক বস্তুৱে কৰিব নোৱাৰে। কোনো ইউক্লিডিয়ান ৩-মেনিফ'ল্ডত এনে বস্তু থাকিব পাৰে। ত্ৰিমাত্ৰিক কঠিন আকৃতিও আছে যিবোৰৰ প্ৰতিটোকে এটা নিৰ্দিষ্ট কোণৰ পৰা চালে এই পৃষ্ঠাত পেনৰোজ ত্ৰিভুজৰ ২-মাত্ৰিক চিত্ৰণৰ দৰেই দেখা যায় (যেনে তলত থকা অষ্ট্ৰেলিয়াৰ পাৰ্থৰ এটা ভাস্কৰ্যৰ ছবি)। "পেনৰ'জ ত্ৰিভুজ" শব্দটোৱে দ্বিমাত্ৰিক চিত্ৰণ বা অসম্ভৱ বস্তুটোকে বুজাব পাৰে।

পেনৰ'জ ত্ৰিভুজৰ চৌদিশে এডাল ৰেখা টানিলে চাৰিটা পাকৰ এটা ম'বিয়াছ ষ্ট্ৰিপৰ সৃষ্টি হয়।

চিত্ৰণ

ৰয়টাৰভাৰ্ড ত্ৰিভুজ ভ্ৰমৰ এটা থ্ৰীডি-প্ৰিণ্টেড সংস্কৰণ। বাকচবোৰ আচলতে অৱতল, কিন্তু উত্তল যেন লাগে।
ৰয়টাৰভাৰ্ড ত্ৰিভুজ ভ্ৰমৰ এটা থ্ৰীডি-প্ৰিণ্টেড সংস্কৰণ। বাকচবোৰ আচলতে অৱতল, কিন্তু উত্তল যেন লাগে।ছবি: Chylld · CC BY-SA 3.0

এম চি এশ্বাৰৰ লিথ'গ্ৰাফ "ৱাটাৰফল" (১৯৬১)ত দুটা দীঘলীয়া পেনৰ'জ ত্ৰিভুজৰ দীঘল কাষেৰে একাবেঁকাকৈ বৈ যোৱা এটা জলধাৰা দেখুওৱা হৈছে, যাতে ই আৰম্ভ হোৱাতকৈ দুটা স্তৰ ওপৰতহে শেষ হয়। ফলত দুয়োটা ত্ৰিভুজৰ চুটি কাষ গঠন কৰা জলপ্ৰপাতটোৱে এটা পানীৰ চকা চলায়। এশ্বাৰে আঙুলিয়াই দিয়ে যে চকাটো ঘূৰি থাকিবলৈ হ'লে বাষ্পীভৱন পূৰাবলৈ দিবলৈ মাজে মাজে কিছু পানী যোগ কৰিব লাগিব।

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেনৰ'জ ত্ৰিভুজ” প্ৰবন্ধৰ সংশোধন ৬৩১৪৭৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।