অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পিন ক'ড H0H 0H0

পিন ক'ড H0H 0H0 (উচ্চাৰণ:হ'হ'হ' ) কানাডাৰ ডাক বিভাগৰ দ্বাৰা পৃথিৱীৰ ভৌগোলিক উত্তৰ মেৰুৰ বাবে নিৰ্ধাৰিত পিন ক'ড। কানাডাৰ ঠাই সমূহৰ ডাক বিভাগীয় পিন ক'ড সমূহ ছটা বৰ্ণ-সংখ্যা বিশিষ্ট যি একো একোটা স্থানীয় এলেকা নিৰ্দিষ্ট কৰে।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

পিন ক'ড H0H 0H0 (উচ্চাৰণ:হ'হ'হ' ) কানাডাৰ ডাক বিভাগৰ দ্বাৰা পৃথিৱীৰ ভৌগোলিক সুমেৰুৰ বাবে নিৰ্ধাৰিত পিন ক'ড। কানাডাৰ ঠাই সমূহৰ ডাক বিভাগীয় পিন ক'ড সমূহ ছটা বৰ্ণ-সংখ্যা বিশিষ্ট যি একো একোটা স্থানীয় এলেকা নিৰ্দিষ্ট কৰে।

খ্ৰিষ্টিয়ান সকলৰ ঋষি চেইণ্ট নিক'লাছ অফ মায়েৰা অৰ্থাৎ ছাণ্টাক্লজলৈ লিখা চিঠি সমূহৰ ঠিকনাত এই পিন ক'ড ব্যৱহৃত হয়। খ্ৰিষ্টিয়ান সকলৰ বিশ্বাস মতে ছাণ্টাক্লজৰ ঘৰ পৃথিৱীৰ ভৌগোলিক উত্তৰ মেৰুত আৰু কানাডা চৰকাৰে দাবী কৰা মতে পৃথিৱীৰ ভৌগোলিক উত্তৰ মেৰু কানাডা ৰাষ্ট্ৰ্ৰৰ ভূ-ৰাজনৈতিক সীমাৰ ভিতৰত পৰে। অৱশ্যে ভৌগোলিক উত্তৰ মেৰুৰ অন্যান্য কাষৰীয়া ৰাষ্ট্ৰ্ৰসমূহে কানাডাৰ এই দাবী মানি ল'ব নিবিচাৰি সেই ঠাই আন্তৰ্জাতিক সমূদ্ৰ-জলৰাশিত পৰে বুলি ধৰি থৈছে।১২

১৯৭৪ চনতেই কানাডাৰ ডাক বিভাগৰ মন্ত্ৰীল স্থিত ডাকঘৰত কৰ্মচাৰী সকলে মন কৰে যে এক বুজন সংখ্যক চিঠি নাগৰিক সকলে প্ৰতিবছৰে বিশেষকৈ বৰদিনৰ সময়ত ছাণ্টাক্লজলৈ বুলি লিখি পোষ্ট কৰে যি বোৰ বিলাব পৰা নাযায়। সেই চিঠিবোৰ দেখা কৰ্মচাৰী সকলে বুজি পাইছিল যে সেইবোৰ সৰু সৰু ল'ৰা-ছোৱালী বোৰেই লিখে আৰু বেছিভাগেই হয়টো সিহঁতৰ জীৱনৰ প্ৰথম চিঠি। গতিকে কৰ্মচাৰী সকলে প্ৰেৰকৰ ঠিকনা উল্লেখ থাকিলে চিঠি সমূহৰ উত্তৰ নিজে লিখি ঘূৰাই পঠিয়াবলৈ ধৰে।৩

বৰদিনৰ সময়ত এনেধৰণৰ চিঠিৰ পৰিমাণলৈ লক্ষ্য কৰি ১৯৮৩ চনত কানাডাৰ ডাক বিভাগে চিঠি সমূহৰ উত্তৰ দিবলৈ চৰকাৰী ভাৱে ছাণ্টাক্লজ-চিঠিৰ উত্তৰ আঁচনি নামেৰে এক সূকীয়া প্ৰণালীয়েই গঢ়ি তোলে। কানাডাৰ বিভিন্ন ডাকঘৰ সমূহত মূলতঃ বিভাগৰ অৱসৰ-প্ৰাপ্ত কৰ্মচাৰী সন্মিলীত প্ৰায় এঘাৰ হাজাৰ স্বয়ংসেৱকে এই আঁচনিত জড়িত হৈ থাকি প্ৰতি বছৰে প্ৰায় এক নিযুত৪ এনে চিঠিৰ উত্তৰ নিশ্বিত ভাৱে প্ৰেৰণ কৰাৰ দায়িত্ব লৈ আছে।৫ ডাক বিভাগে জনসাধাৰণৰ (সৰু সৰু ল'ৰা-ছোৱালী বোৰৰ) সুবিধাৰ্থে ছাণ্টাক্লজৰ ঘৰৰ প্ৰকৃত ঠিকনা তলত দিয়া ধৰণে প্ৰকাশ কৰি চিঠি সমূহ সেই ঠিকনালৈ পঠিয়াবলৈ অনুৰোধ কৰিছিল৬

SANTA CLAUSNORTH POLE H0H 0H0CANADA

ডাক টিকটৰ প্ৰয়োজন নাই, যদিও যিকোনো ষ্টিকাৰ লগাই পঠিয়ালে ছাণ্টাৰ মিছেছ ক্লজে চাই ভাল পায়।৭

কানাডা আৰু বিদেশৰ পৰা অহা চিঠি সমূহ যি ভাষাতেই লিখা হয় সেই ভাষাতে উত্তৰ পঠিওৱাৰ ব্যৱস্থা কানাডাৰ চৰকাৰে কৰে। অন্ধ সকলৰ ব্ৰেইলী লিপিত লিখা চিঠিৰো উত্তৰ দিয়া হয়।

কানাডাৰ ডাক বিভাগে আজিকালি ই-মেইল পঠিয়াবলৈ ছাণ্টাক্লজৰ ই-মেইল ঠিকনা বুলি উল্লেখ কৰিছে যিটোৰ গুপ্তশব্দ ডাক বিভাগৰ হাততেই আছে।

তথ্য সংগ্ৰহ

Postal_codes_in_Canada#Santa_Claus

তথ্যসূত্ৰ

  1. ↑ Noronha, Charmaine. (9 December 2013). Canada plans claim that would include North Pole. 9 December 2013. Associated Press
  2. ↑ (Winter 1994–1995). Arctic Sovereignty: Loss by Dereliction?. Northern Perspectives
  3. ↑ (27 January 2006). Another million-letter year!. News Releases. Canada Post
  4. ↑ Canada Post. (27 January 2007). Over one million children write letters to Santa
  5. ↑ News Releases. canadapost.ca
  6. ↑ Canada Post – 2014 Holiday Season – Mailing Dates. canadapost.ca
  7. ↑ www.canadapost.ca/web/en/blogs/announcements/det

সম্পৰ্কিত শ্ৰেণী

কানাডাডাক সেৱা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিন ক'ড H0H 0H0” প্ৰবন্ধৰ সংশোধন ৪৯৪৫২৮ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।