অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ব্ৰিটিছ কলম্বিয়া

ব্ৰিটিছ কলম্বিয়া (BC; Colombie-Britannique) কানাডাৰ আটাইতকৈ পশ্চিম প্ৰান্তৰ এখন প্ৰদেশ। প্ৰশান্ত মহাসাগৰ আৰু ৰকি পৰ্বতমালাৰ মাজত অৱস্থিত এই প্ৰদেশখন উপকূল, অৰণ্য, হ্ৰদ, পাহাৰ, অভ্যন্তৰীণ মৰুভূমি আৰু ঘাঁহনিৰে ভৰা সমভূমিৰে প্ৰাকৃতিকভাৱে বৈচিত্ৰ্যপূৰ্ণ।

হালনাগাদ: ২৫ মাৰ্চ ২০২৫ ১,৪৬৩ শব্দ · ৮ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ব্ৰিটিছ কলম্বিয়া (BC; Colombie-Britannique) কানাডাৰ আটাইতকৈ পশ্চিম প্ৰান্তৰ এখন প্ৰদেশ। প্ৰশান্ত মহাসাগৰ আৰু ৰকি পৰ্বতমালাৰ মাজত অৱস্থিত এই প্ৰদেশখন উপকূল, অৰণ্য, হ্ৰদ, পাহাৰ, অভ্যন্তৰীণ মৰুভূমি আৰু ঘাঁহনিৰে ভৰা সমভূমিৰে প্ৰাকৃতিকভাৱে বৈচিত্ৰ্যপূৰ্ণ।১ ইয়াৰ পূবে কানাডাৰ আলবাৰ্টা প্ৰদেশ ( Alberta) আৰু উত্তৰে কানাডাৰ ইউকন (Yukon) আৰু নৰ্থৱেষ্ট টেৰিটৰিজ (Northwest Territories) আছে। ২০২১ চনৰ লোকপিয়ল অনুসৰি ব্ৰিটিছ কলম্বিয়াৰ আনুমানিক জনসংখ্যা ৫২ লাখ। এই প্ৰদেশ কানাডাৰ তৃতীয় সৰ্বাধিক জনবহুল প্ৰদেশ।২ ব্ৰিটিছ কলম্বিয়াৰ ৰাজধানী ভিক্টোৰিয়া আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ হ'ল ভেনকুভাৰ। ২০২১ চনৰ লোকপিয়ল অনুসৰি কানাডাৰ তৃতীয় বৃহত্তম মহানগৰ অঞ্চল মেট্ৰ' ভেনকুভাৰৰ মুঠ জনসংখ্যা ২৬ লাখ।৩

ঐতিহাসিকভাৱে কমেও ১০ হাজাৰ বছৰ পূৰ্বে ব্ৰিটিছ কলম্বিয়াত প্ৰথম মানুহে বসতি স্থাপন কৰিছিল। এনে গোটসমূহৰ ভিতৰত প্ৰধান হ'ল ক’ষ্ট ছালিছ (Coast Salish), ছিলক'টিন (Tsilhqotʼin), আৰু হাইদা (Haida) জনগোষ্ঠীৰ লোকসকল। এই অঞ্চলৰ আটাইতকৈ প্ৰাচীন ব্ৰিটিছ বসতিসমূহৰ ভিতৰত অন্যতম হ'ল ১৮৪৩ চনত স্থাপিত হোৱা ফ’ৰ্ট ভিক্টোৰিয়া। পৰৱৰ্তী সময়ত ফ্ৰেজাৰ অঞ্চলত সোণৰ সন্ধান কৰিবলৈ প্ৰতি সঁহাৰি জনাই মূল ভূখণ্ডত কলনী অৱ ব্ৰিটিছ কলম্বিয়া (১৮৫৮–১৮৬৬) প্ৰতিষ্ঠা কৰা হয়।৪ যদিও গৱৰ্ণৰ জেমছ ডগলাছে ফ'ৰ্ট লেংলী উপনিবেশৰ অস্থায়ী ৰাজধানী হিচাপে বাছি লৈছিল, ৰিচাৰ্ড ক্লীমেণ্ট মুডীয়ে পিছত ফ্ৰেজাৰ নদীত নিউ ৱেষ্টমিনিষ্টাৰ নামেৰে এখন নতুন ৰাজধানী স্থাপন কৰে। ১৮৬৬ চনত ভেনকুভাৰ দ্বীপ আৰু ব্ৰিটিছ কলম্বিয়াৰ উপনিবেশসমূহ একত্ৰিত হ'ল আৰু ভিক্টোৰিয়াক সংযুক্ত উপনিবেশৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰে। ১৮৭১ চনত ব্ৰিটিছ কলম্বিয়া টাৰ্মছ অৱ ইউনিয়ন (British Columbia Terms of Union)ৰ জৰিয়তে কানাডাৰ ষষ্ঠ প্ৰদেশ হিচাপে ব্ৰিটিছ কলম্বিয়া চিহ্নিত হয়।

ব্ৰিটিছ কলম্বিয়া এখন বৈচিত্ৰময় প্ৰদেশ। ইয়াৰ ব্ৰিটিছ, ইউৰোপীয় আৰু এছিয়ান প্ৰব্ৰজনকাৰীসকলৰ লগতে খিলঞ্জীয়া লোকৰ সাংস্কৃতিক প্ৰভাৱেৰে এই প্ৰদেশ সমৃদ্ধ। যদিও ব্ৰিটিছমূলীয় লোকেই প্ৰদেশখনত সংখ্যাগৰিষ্ঠ, বহুতো ব্ৰিটিছ কলম্বিয়ানৰ পূৰ্বপুৰুষ মহাদেশীয় ইউৰোপ, চীন আৰু দক্ষিণ এছিয়া আদিৰ পৰাও অহাৰ তথ্য পোৱা যায়।৫ প্ৰদেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫ শতাংশ খিলঞ্জীয়া কানাডিয়ান। খ্ৰীষ্টান ধৰ্মীয় লোকেই এই প্ৰদেশত সংখ্যাগৰিষ্ঠ যদিও কানাডাৰ মানদণ্ড অনুসৰি কোনো ধৰণৰ ধৰ্মীয় সংযোগ নথকা বুলি দাবী কৰা ব্ৰিটিছ কলম্বিয়ানসকলৰ সংখ্যাও যথেষ্ঠ।৬ প্ৰদেশখনৰ সাধাৰণ ভাষা ইংৰাজী যদিও মেট্ৰ’ ভেনকুভাৰ অঞ্চলত পাঞ্জাবী, মেণ্ডেৰিন চাইনিজ, কেণ্টনীজ ভাষী লোকো আছে। ফ্ৰাংকো-কলম্বিয়ান সম্প্ৰদায়টো আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত ভাষিক সংখ্যালঘু আৰু প্ৰায় ৭২,০০০ ব্ৰিটিছ কলম্বিয়ান লোকে ফৰাচী ভাষাক তেওঁলোকৰ মাতৃভাষা হিচাপে দাবী কৰে।৭ ব্ৰিটিছ কলম্বিয়াত কমেও ৩৪টা সুকীয়া খিলঞ্জীয়া ভাষা প্ৰচলিত বুলি জনা যায়। ৮

ব্ৰিটিছ কলম্বিয়াৰ অৰ্থনীতিৰ প্ৰধান খণ্ডসমূহৰ ভিতৰত আছে অৰণ্য, খনন, চলচ্চিত্ৰ নিৰ্মাণ আৰু ভিডিঅ’ নিৰ্মাণ, পৰ্যটন, নিৰ্মাণ, পাইকাৰী, আৰু খুচুৰা বিক্ৰী। ইয়াৰ মূল ৰপ্তানিসমূহৰ ভিতৰত আছে কাঠ, কাঠ আৰু কাগজৰ সামগ্ৰী, তাম, কয়লা আৰু প্ৰাকৃতিক গেছ।৯ ব্ৰিটিছ কলম্বিয়া সামুদ্ৰিক বাণিজ্যৰ বাবে এক উল্লেখযোগ্য কেন্দ্ৰ।১০ ভেনকুভাৰ বন্দৰ কানাডাৰ আটাইতকৈ ডাঙৰ বন্দৰ।১১ যদিও প্ৰদেশখনৰ ৫ শতাংশতকৈও কম ভূখণ্ড কৃষিযোগ্য ভূমি, উষ্ণ জলবায়ুৰ বাবে ফ্ৰেজাৰ উপত্যকা আৰু অ'কানাগানত উল্লেখযোগ্য কৃষি ব্যৱস্থা আছে।১২ ব্ৰিটিছ কলম্বিয়া হৈছে জিডিপিৰ হিচাপত চতুৰ্থ বৃহত্তম প্ৰদেশ বা ভূখণ্ড।১৩

নামকৰণ

১৮৫৮ চনত ব্ৰিটিছ উপনিবেশ প্ৰতিষ্ঠা হোৱাৰ সময়ত ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়াই এই প্ৰদেশখনৰ নাম ব্ৰিটিছ কলম্বিয়াৰ উপনিবেশ (১৮৫৮–১৮৬৬) (Colony of British Columbia) বুলি প্ৰদান কৰিছিল।১৪ অৰেগন চুক্তিৰ পূৰ্বে হাডছনছ বে কোম্পানীৰ অধীনত থকা ব্ৰিটিছ কলম্বিয়াৰ দক্ষিণ-পূবৰ কলম্বিয়া জিলাৰ পৰা এই প্ৰদেশৰ নাম আহিছে। ১৮৪৮ চনৰ ৮ আগষ্টত অৰেগন চুক্তিঅৰ পিছত সেই খণ্ডটো আমেৰিকাৰ অংশ হৈ পৰে। সেয়ে ৰাণী ভিক্টোৰিয়াই কলম্বিয়া জিলাৰ ব্ৰিটিছ খণ্ডটো আমেৰিকাৰ পৰা পৃথক কৰিবলৈ ব্ৰিটিছ কলম্বিয়া নাম বাছি লৈছিল। ১৫

ইতিহাস

খিলঞ্জীয়া জনগোষ্ঠী

খিলঞ্জীয়া জনগোষ্ঠীৰ এটা পৰম্পৰাগত মুখা
খিলঞ্জীয়া জনগোষ্ঠীৰ এটা পৰম্পৰাগত মুখাছবি: Namgis, Native American · No restrictions

বৰ্তমান ব্ৰিটিছ কলম্বিয়া নামেৰে জনা এই অঞ্চলত খিলঞ্জীয়া জনগোষ্ঠী বা ফাৰ্ষ্ট নেচনছ গোটৰ ইতিহাস বহু প্ৰাচীনি। এই প্ৰদেশত ২০০ টাতকৈও অধিক খিলঞ্জীয়া জনগোষ্ঠীয়ে আদিম যুগৰে পৰা বসবাস কৰি আহিছে। ইয়াৰ প্ৰমাণ এনে গোটসমূহৰ মৌখিক ইতিহাস, প্ৰত্নতাত্ত্বিক অনুসন্ধান আৰু সেই সময়ত এই অঞ্চললৈ অহা অভিযাত্ৰীসকলৰ লিখনিৰ পৰা জনা যায়।

১২,০০০ বছৰৰ পৰা ২০,০০০ বছৰ পূৰ্বে ৰাছিয়াৰ বেৰিঞ্জিয়া (Beringia)ৰ পৰা পেলিঅ'ইণ্ডিয়ানসকলৰ এই প্ৰদেশলৈ আগমন হৈছিল।১৬ ৫,০০০ বছৰৰ পৰা ১০,০০০ বছৰৰ আগতে ইয়াত চিকাৰী-সংগ্ৰাহক (Hunter-gatherer) পৰিয়ালসমূহেই আছিল মূল সামাজিক গাঁথনি।১৭তেওঁলোকে বিভিন্ন প্ৰকাৰৰ বাদাম, বেৰী আৰু শিপা আদি খাদ্য হিচাপে খাইছিল। তাৰ উপৰি সৰু-ডাঙৰ জীৱ-জন্তু চিকাৰ কৰিছিল।১৭ প্ৰায় ৫,০০০ বছৰ আগতে এনে গোটসমূহে স্থানীয়ভাৱে তেওঁলোকৰ বাবে উপলব্ধ সম্পদসমূহৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল। উপকূলীয় ছালিছ জনগোষ্ঠীসমূহৰ পৰিৱেশ তন্ত্ৰৰ স্বাস্থ্য আৰু স্থিতিস্থাপকতাৰ সৈতে জড়িত জটিল ভূমি ব্যৱস্থাপনা (land management) পদ্ধতি আছিল। কানাডাৰ উত্তৰ-পশ্চিম উপকূলৰ অৰণ্যত বনৰীয়া আপেল, হেজেলনাট, ক্ৰেন বেৰী, বনৰীয়া প্লাম আৰু বন্য চেৰী প্ৰজাতি পৰ্যাপ্ত পৰিমাণে আছিল।১৮এই প্ৰাকৃতিক প্ৰাচুৰ্যই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ জীৱনশৈলীলৈ স্থায়ীত্ব অনাত সহায় কৰিছিল।১৭ পৰৱৰ্তী ৫,০০০ বছৰত এই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বিৱৰ্তন হৈ স্বকীয় পৰম্পৰা আৰু ৰীতি-নীতিৰ সৈতে বহুতো গোটলৈ বিকশিত হ'ল।

প্ৰদেশখনৰ উত্তৰ-পশ্চিমে না-ডেনে ভাষা ( Na-Dene languages)ৰ জনগোষ্ঠী আছে। আথাপাস্কান (Athapaskan) ভাষী জনগোষ্ঠী আৰু দক্ষিণ আলাস্কা আৰু উত্তৰ ব্ৰিটিছ কলম্বিয়াৰ দ্বীপসমূহত বাস কৰা টিংগিট(Tlingit) সকলৰ ভাষা এই গোটৰ অন্তৰ্ভুক্ত। না-ডেনে ভাষাৰ চাইবেৰিয়াৰ য়েনিচিয়ান ভাষা (Yeniseian languages)ৰ সৈতে সংযোগ আছে বুলি ধাৰণা কৰা হয়।১৯ পশ্চিমমেৰুৰ ডেনে লোকসকল এছিয়াৰ পৰা উত্তৰ আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল বুলি জনা যায়।১৯ ব্ৰিটিছ কলম্বিয়াৰ অভ্যন্তৰীণ অংশত শ্বুছৱাপ (Shuswap), অ'কানাগান আৰু আথাবাস্কান ভাষাৰ দৰে ছালিছান ভাষাৰ গোট আছে। ইয়াৰ ভিতৰত প্ৰধান হ'ল ডাকেল (Dakelh) আৰু ছিলকোটিন (Tsilhqot'in)।২০ ব্ৰিটিছ কলম্বিয়াৰ উপকূলৰ ইনলেট আৰু উপত্যকাসমূহত অন্য বহুতো স্বতন্ত্ৰ জনগোষ্ঠীয়ে আশ্ৰয় লৈছিল। উদাহৰণ স্বৰূপে হাইডা, কোৱাকৱাকা'ৱাক্ৱ (Kwakwaka'wakw) আৰু নু-চাহ-নুল্থ (Nuu-chah-nulth)। এই গোটসমূহে অঞ্চলটোত প্ৰচুৰ পৰিমাণে পোৱা ছা'মন মাছ আৰু ছেলফিছ আদি খাদ্য়ৰ ওপৰত নিৰ্ভৰশীল আছিল।২০

ইউৰোপীয়সকলৰ সৈতে সংস্পৰ্শই খিলঞ্জীয়া জনগোষ্ঠবোৰলৈ বহু দিশৰ পৰা বিভীষিকা মাতি আনিছিল। ইউৰোপৰ লোকে বহন কৰা বহু ৰোগৰ পৰা খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিৰোধ ক্ষমতা নাছিল।২১ ফলত মহামাৰীৰ কবলত পৰি তেওঁলোকৰ বহু লোক মৃত্যুমুখত পৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য এক ঘটনা হ'ল,১৮৬২ চনত ভিক্টোৰিয়াত হোৱা সৰু আইৰ মহামাৰী। এই ৰোগ সমগ্ৰ উপকূলত বিয়পি পৰিছিল আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ জনসংখ্যাৰ বিস্তৰ ক্ষতি কৰিছিল। তাৰোপৰি ইউৰোপীয় ঔপনিৱেশিক বিষয়াসকলে এই প্ৰদেশক কেৱল ব্যৱহায়িক লাভৰ বাবে ব্যৱহাৰ কৰাৰ এক উপনিবেশ বুলি গণ্য কৰিছিল আৰু তাৰ বাবে এই ভূখণ্ড উপনিবেশিকসকলৰ মালিকানাধীন কৰাৰ চেষ্টাত লাগি পৰিছিল।২২ উপনিবেশিকসকলে এই ভূখণ্ডত বসতি স্থাপন কৰিবলৈ আৰু ভূমিৰ ব্যৱহাৰ কৰাত কোনো বাধা নোহোৱা কৰিবলৈ খিলঞ্জীয়া জনগোষ্ঠীসমূহক বলপূৰ্বকভাৱে সংৰক্ষিত বনাঞ্চল (Indian reserve)লৈ স্থানান্তৰ কৰিছিল। কিন্তু নিচেই সৰু হোৱাৰ বাবে এই সংৰক্ষিত বনাঞ্চলত তেওঁলোকৰ জীৱনশৈলী অনুসৰণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল।২৩ ১৯৩০ চনলৈকে ব্ৰিটিছ কলম্বিয়াত ১৫০০ৰো সংৰক্ষিত বনাঞ্চল আছিল।[49]

জন্তুৰ নোমৰ বেপাৰ আৰু ঔপনিৱেশিক যুগ

ব্ৰিটিছসকলে, ঔপনিৱেশিক কালত, ভূখণ্ড দাবী কৰি আৰু ব্ৰিটিছ সাম্ৰাজ্য গঢ়ি তুলি সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। ১৯ শতিকাৰ সময়ছোৱাত বৰ্তমান ব্ৰিটিছ কলম্বিয়া নামেৰে জনাজাত এই প্ৰদেশ ব্ৰিটিছ সাম্ৰাজ্যত সংযোজন কৰা হৈছিল। মূলতঃ হাডছন বে কোম্পানী (Hudson's Bay Company)ৰ তত্বাৱধানত কানাডাৰ বিভিন্ন অংশত এই উপনিবেশ স্থাপন কৰা হয়। তাৰ পিছত ১৮৭১ চনত কানাডাৰ অংশ এক প্ৰদেশ হিচাপে ব্ৰিটিছ কলম্বিয়াই কনফেডাৰেচনত প্ৰৱেশ কৰে।

ইউৰোপীয়সকলৰ আগমন আৰম্ভ হৈছিল প্ৰায় ১৮ শতিকাৰ মাজভাগৰ পৰা। এই সময়ত তেওঁলোকৰ প্ৰধান উদেশ্য আছিল সাগৰীয় উটৰ পৰা পোৱা নোমৰ ব্যৱসায়। ১৫৭৯ চনত ছাৰ ফ্ৰান্সিছ ড্ৰেকে (Sir Francis Drake) ব্ৰিটিছ কলম্বিয়াৰ উপকূল অঞ্চলত প্ৰথম অভিযান চলাইছিল বুলি ভবা হয়।অৱশ্যে তথাপিও ১৭৭৪ চনত হুয়ান পেৰেজে (Juan Pérez) কৰা অভিযানৰহে প্ৰথম তথ্য পোৱা যায়।

১৭৭৮ চনত জেমছ কুক আৰু ১৭৯২ আৰু ১৭৯৩ চনত জৰ্জ ভেনকুভাৰ (George Vancouver)ৰ সফল অভিযানে কলম্বিয়া নদীৰ উত্তৰ আৰু পশ্চিম উপকূলীয় অঞ্চলটোৰ ওপৰত ব্ৰিটিছৰ অধিকাৰ প্ৰতিষ্ঠা কৰে। ১৭৯৩ চনত ছাৰ আলেকজেণ্ডাৰ মেকেঞ্জীয়ে উত্তৰ আমেৰিকা পাৰ হৈ স্থলপথেৰে প্ৰশান্ত মহাসাগৰলৈ যাত্ৰা কৰা প্ৰথমজন ইউৰোপীয় আছিল। তেওঁ বেলা কুলা (Bella Coola)ৰ ওচৰৰ ডিন চেনেল (Dean Channel)ৰ তীৰত এই সাফল্য চিহ্নিত কৰা এটা শিলত খোদিত কৰিছিল। তেওঁৰ অভিযানে তাত্ত্বিকভাৱে এই প্ৰদেশত ব্ৰিটিছ সাৰ্বভৌমত্ব প্ৰতিষ্ঠা কৰে। পৰৱৰ্ত্তী সময়ত অন্য একাধিক নোম কোম্পানীৰ অভিযাত্ৰীয়ে কানাডাৰ প্ৰেৰি আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মাজৰ নদী আৰু পৰ্বতমালাৰ বিষয়ে তথ্য সংগ্ৰহ কৰে। মেকেঞ্জী, জন ফিনলে, চাইমন ফ্ৰেজাৰ, চেমুৱেল ব্লেক আৰু ডেভিদ থম্পছন আদি অভিযাত্ৰীসকল ৰাজনৈতিক উদেশ্যৰ পৰিৱৰ্তে নোমৰ ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰতহে আছিল। ১৭৯৪ চনত নুটকা চুক্তি (Nootka Conventions, Spain)ৰ দ্বাৰা স্পেইনে কেৱল প্ৰশান্ত মহাসাগৰত একচেটিয়া ৰাজত্বৰ দাবী গ্ৰহণ কৰে। ইয়াৰ ফলত ব্ৰিটেইনকে ধৰি অন্যান্য শক্তিৰ উপনিবেশিকৰণৰ পথ মুকলি হ’ল।

ভৌগোলিক বিৱৰণ

ব্ৰিটিছ কলম্বিয়াৰ বিভিন্ন প্ৰকাৰৰ জলবায়ু
ব্ৰিটিছ কলম্বিয়াৰ বিভিন্ন প্ৰকাৰৰ জলবায়ুছবি: No machine-readable author provided. Qyd assumed (based on copyright claims). · Public domain

ব্ৰিটিছ কলম্বিয়াৰ পশ্চিমে প্ৰশান্ত মহাসাগৰ আৰু আমেৰিকাৰ আলাস্কা ৰাজ্য, উত্তৰে ইউকন আৰু নৰ্থৱেষ্ট টেৰিটৰী, পূবে আলবাৰ্টা প্ৰদেশ আৰু দক্ষিণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন, আইডাহো, আৰু মন্টানা। ১৮৪৬ চনৰ অৰেগন চুক্তিৰ দ্বাৰা ব্ৰিটিছ কলম্বিয়াৰ দক্ষিণ সীমান্ত স্থাপন কৰা হৈছিল যদিও ইয়াৰ ইতিহাস কেলিফৰ্ণিয়ালৈকে দক্ষিণৰ ভূমিৰ সৈতে জড়িত। ব্ৰিটিছ কলম্বিয়াৰ মাটিকালি ৯৪৪,৭৩৫ বৰ্গ কিলোমিটাৰ (৩৬৪,৮০০ বৰ্গ মাইল)। পৰ্বতমালা আৰু প্ৰায় ৬,০০০ দ্বীপেৰে পৰিবেষ্টিত ব্ৰিটিছ কলম্বিয়াৰ উপকূল অঞ্চল প্ৰায় ২৭,০০০ কিলোমিটাৰ (১৭,০০০ মাইল)জুৰি বিস্তৃত হৈ আছে। ইয়াৰে অধিকাংশই জনবসতিহীন। প্ৰশান্ত মহাসাগৰৰ সীমাৰেখাত থকা কানাডাৰ এইখন একমাত্ৰ প্ৰদেশ।

ভেনকুভাৰ দ্বীপৰ দক্ষিণ-পূব প্ৰান্তত ব্ৰিটিছ কলম্বিয়াৰ ৰাজধানী ভিক্টোৰিয়া অৱস্থিত। কেম্পবেল নদীৰ পৰা ভিক্টোৰিয়ালৈকে ভেনকুভাৰ দ্বীপৰ এটা সৰু অংশহে যথেষ্ট জনবহুল। ভেনকুভাৰ দ্বীপৰ পশ্চিম অংশ আৰু উপকূলৰ বাকী অংশ নাতিশীতোষ্ণ বৰ্ষাৰণ্যৰে আবৃত।

ফ্ৰেজাৰ নদী আৰু জৰ্জিয়া নদীৰ সংগমস্থলীত অৱস্থিত ভেনকুভাৰ হৈছে প্ৰদেশখনৰ আটাইতকৈ জনবহুল চহৰখন। মাটিকালি অনুসৰি এবটছফৰ্ড প্ৰদেশখনৰ আটাইতকৈ ডাঙৰ চহৰ। ভেণ্ডাৰহুফ (Vanderhoof) প্ৰদেশখনৰ ভৌগোলিক কেন্দ্ৰ।২৪

প্ৰদেশখনৰ ৭৫ শতাংশ অংশ পাহাৰীয়া (সাগৰ পৃষ্ঠৰ পৰা ১০০০ মিটাৰ (৩,৩০০ ফুট)তকৈ অধিক উচ্চতা), ৬০ শতাংশ বনাঞ্চল; আৰু মাত্ৰ প্ৰায় ৫ শতাংশহে কৃষিযোগ্য। পৰ্বতমালা আৰু দ্বীপসমূহৰ উপৰিও বহুতো ইনলেটে ব্ৰিটিছ কলম্বিয়াৰ প্ৰাকৃতিক ৰূপ সমৃদ্ধ কৰাৰ উপৰিও দুঃসাহসিক ক্ৰীড়া আৰু ইক'টুৰিজিম উদ্যোগৰ বিকাশত সহায় কৰিছে।

উপকূলীয় অঞ্চলসমূহৰ পৰা আঁতৰত থকা প্ৰদেশখনৰ মূল ভূখণ্ডত প্ৰধানকৈ শুকান অৰণ্য, অৰ্ধশুষ্ক উপত্যকাৰ লগতে ব'ৰিয়েল অৰণ্য আৰু প্ৰেৰি (subarctic prairie)দেখা পোৱা যায়। উত্তৰ আৰু দক্ষিণ অংশতে পৰ্বতীয়া অঞ্চলত এলপাইন জলবায়ুৰ প্ৰভাৱ অধিক।২৫ অ'কানাগান সুৰাৰ এলেকা (Okanagan wine area) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তলৈকে বিয়পি আছে আৰু ই কানাডাৰ সুৰা আৰু চাইডাৰ উৎপাদনকাৰী অঞ্চলসমূহৰ ভিতৰত অন্যতম।

জলবায়ু

বহুতো পৰ্বতমালা আৰু ঠেক উপকূলৰ বাবে ব্ৰিটিছ কলম্বিয়াৰ জলবায়ুৰ ঠাই বিশেষে যথেষ্ট ভিন্নতা দেখা যায়।

উত্তৰ প্ৰশান্ত মহাসাগৰীয় সোঁতৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ বাবে উপকূলীয় দক্ষিণ ব্ৰিটিছ কলম্বিয়াৰ জলবায়ু মৃদু আৰু প্ৰচুৰ বৰষুণ হয়। ভেনকুভাৰ দ্বীপৰ হুকুক্টলিছ হ্ৰদ (Hucuktlis Lake)ত বছৰি গড়ে ৬,৯০৩ মিলিমিটাৰ (২৭১.৮ ইঞ্চি) বৰষুণ হয় আৰু আনকি এই অঞ্চলৰ কিছুমান অংশক বিশ্বৰ আটাইতকৈ উত্তৰত অৱস্থিত উষ্ণ গ্ৰীষ্মকালীন ভূমধ্যসাগৰীয় (Mediterranean) হিচাপেও শ্ৰেণীভুক্ত কৰা হয়। ভিক্টোৰিয়াৰ বাৰ্ষিক গড় উষ্ণতা ১১.২ ডিগ্ৰী চেলছিয়াছ (৫২.২ ডিগ্ৰী ফাৰেনহাইট) যাক কানাডাৰ আটাইতকৈ উষ্ণ অঞ্চল বুলি গণ্য কৰা হয়।

জনগাঁথনি

access-date=September 28, 2006}}</ref>
access-date=September 28, 2006}}</ref>ছবি: awmcphee · CC0

জনসংখ্যা

২০২১ চনৰ লোকপিয়ল অনুসৰি ব্ৰিটিছ কলম্বিয়া কানাডাৰ অন্টাৰিঅ' আৰু ক্যুবেকৰ পিছতে তৃতীয় সৰ্বাধিক জনবহুল প্ৰদেশ।২৬

মহানগৰ

The Vancouver skyline
The Vancouver skylineছবি: David G. Gordon · CC BY-SA 4.0

প্ৰাকৃতিক সম্পদ

প্ৰদেশখনত উদ্যান আৰু সংৰক্ষিত অঞ্চলৰ মুঠ ১৮ টা বিভিন্ন বিভাগ আছে। ইয়াৰে ১৪১ খন পৰিৱেশ সংৰক্ষিত বনাঞ্চল (ecological reserves), ৩৫ খন প্ৰাদেশিক সামুদ্ৰিক উদ্যান (provincial marine parks), ৭ খন প্ৰাদেশিক ঐতিহ্য ক্ষেত্ৰ (provincial heritage sites), ৬ খন কানাডাৰ ৰাষ্ট্ৰীয় ঐতিহাসিক স্থান (National Historic Sites of Canada), ৪ খন ৰাষ্ট্ৰীয় উদ্যান (national parks) আৰু ৩ খন ৰাষ্ট্ৰীয় সংৰক্ষিত বনাঞ্চল (national park reserves) আছে। এনে ৮০০ ৰো অধিক সুকীয়া অঞ্চল সামৰি লোৱা ১৪টা ভিন্ন নামকৰণৰ অধীনত প্ৰদেশখনৰ ১২.৫ শতাংশ এলেকা (১১৪,০০০ কিলোমিটাৰ বা ৪৪,০০০ বৰ্গ মাইল) সংৰক্ষিত হৈ আছে।

ব্ৰিটিছ কলম্বিয়াত কানাডাৰ সাতখন ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষিত বনাঞ্চল আছে:

  • গ্লেচিয়াৰ ৰাষ্ট্ৰীয় উদ্যান
  • গাল্ফ দ্বীপপুঞ্জ ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষিত বনাঞ্চল
  • গ্ৱাই হানাছ ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষিত বনাঞ্চল আৰু হাইডা ঐতিহ্য ক্ষেত্ৰ
  • কুটনী ৰাষ্ট্ৰীয় উদ্যান
  • মাউণ্ট ৰেভেলষ্টক ৰাষ্ট্ৰীয় উদ্যান
  • পেচিফিক ৰিম ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষিত বনাঞ্চল
  • য়'হ' ৰাষ্ট্ৰীয় উদ্যান

তথ্যসূত্ৰ

  1. ↑ WelcomeBC / Geography of BC - WelcomeBC. Welcomebc.ca
  2. ↑ British Columbia Population 2022. worldpopulationreview.com
  3. ↑ Government of Canada, Statistics Canada. (February 9, 2022). Data table, Census Profile, 2021 Census of Population - Vancouver (Census metropolitan area), British Columbia. www12.statcan.gc.ca
  4. ↑ Minutes of the Proceedings of the Institution of Civil Engineers, Volume 90, Issue 1887, 1887, pp. 453–455, Obituary. Major-General Richard Clement Moody, R.E., 1813–1887
  5. ↑ Government of Canada, Statistics Canada. (February 8, 2017). Census Profile, 2016 Census - British Columbia (Province) and Canada (Country). www12.statcan.gc.ca
  6. ↑ Religious affiliation of Canadian residents of British Columbia 2011. Statista
  7. ↑ Government of Canada, Statistics Canada. (February 8, 2017). Census Profile, 2016 Census - British Columbia (Province) and Canada (Country). www12.statcan.gc.ca
  8. ↑ Reconciliation, Indigenous Relations and. (March 28, 2019). Minister's statement on National Indigenous Languages Day | BC Gov News. news.gov.bc.ca
  9. ↑ British Columbia. OEC
  10. ↑ British Columbia. Canadian Encyclopedia
  11. ↑ (March 18, 2015). Cargo and terminals. Port of Vancouver
  12. ↑ Ministry of Agriculture
  13. ↑ (November 10, 2009). Gross domestic product, expenditure-based, by province and territory. statcan.gc.ca. Statistics Canada
  14. ↑ Martin, Ged. (1978). The Naming of British Columbia. Albion: A Quarterly Journal Concerned with British Studies. পৃ. 257–263
  15. ↑ Akrigg, Helen B.; G.P.V. (1977). British Columbia Chronicle, 1847–1871: Gold & Colonists. Discovery Press. ISBN 9780919624030
  16. ↑ Muckle, Robert James. (2007). The First Nations of British Columbia: An Anthropological Survey. UBC Press. পৃ. 18–19. ISBN 978-0-7748-4010-1
  17. ↑ Bastian, Dawn Elaine; Mitchell, Judy K. (2004). Handbook of Native American Mythology. ABC-CLIO. পৃ. 6. ISBN 978-1-85109-533-9
  18. ↑ Ancient Indigenous forest gardens promote a healthy ecosystem: SFU study – SFU News – Simon Fraser University. www.sfu.ca
  19. ↑ Bengtson, J.D. (2008). Materials for a Comparative Grammar of the Dene-Caucasian (Sino-Caucasian) Languages – In Aspects of Comparative Linguistics. Moscow- RSUH. পৃ. 45–118
  20. ↑ (1999). First Nations – People of the Northwest Coast. BC Archives
  21. ↑ Boyd, Robert T. "Demographic History, 1774–1874" in Handbook of North American Indians: 7 the Northwest Coast. Smithsonian Institution. 1990
  22. ↑ Gilmartin, Mary. "Colonialism/ Imperialism" in Key Concepts in Political Geography. Sage Publications. 2009.120
  23. ↑ Gilmartin, Mary. "Colonialism/ Imperialism" in Key Concepts in Political Geography. Sage Publications. 2009. 120–121
  24. ↑ Vanderhoof. Tourism BC
  25. ↑ The Ecology of the Engelmann Spruce – Subalpine Fir Zone. B.C. Ministry of Forests
  26. ↑ (February 9, 2022). Population and dwelling counts: Canada, provinces and territories. Statistics Canada

সম্পৰ্কিত শ্ৰেণী

কানাডা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰিটিছ কলম্বিয়া” প্ৰবন্ধৰ সংশোধন ৪৯৬৮৪৬ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।