অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পিটাৰ মাৰ্ক ৰ'জে

পিটাৰ মাৰ্ক ৰ'জে (; ১৮ জানুৱাৰী ১৭৭৯ – ১২ ছেপ্টেম্বৰ ১৮৬৯) এজন ব্ৰিটিছ চিকিৎসক, প্ৰাকৃতিক ধৰ্মতত্ববিদ, শব্দবিজ্ঞানী আৰু প'ৰ্টিক' লাইব্ৰেৰীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৮৫২ চনত প্ৰকাশ পোৱা ইংৰাজী ভাষা মিল থকা শব্দবোৰৰ শ্ৰেণীবিভাজিত সংকলন ৰ'জেছ থেছৰাছ তেওঁৰ কীৰ্তিস্তম্ভ।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৬০৮ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পিটাৰ মাৰ্ক ৰ'জে (; ১৮ জানুৱাৰী ১৭৭৯ – ১২ ছেপ্টেম্বৰ ১৮৬৯) এজন ব্ৰিটিছ চিকিৎসক, প্ৰাকৃতিক ধৰ্মতত্ববিদ, শব্দবিজ্ঞানী আৰু প'ৰ্টিক' লাইব্ৰেৰীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।১ ১৮৫২ চনত প্ৰকাশ পোৱা ইংৰাজী ভাষা মিল থকা শব্দবোৰৰ শ্ৰেণীবিভাজিত সংকলন ৰ'জেছ থেছৰাছ তেওঁৰ কীৰ্তিস্তম্ভ। ১৮২৪ চনত তেওঁ ৰয়েল ছচাইটিত এটা বিশেষ আলোকীয় বিভ্ৰম বিষয়ে এখন গৱেষণা পত্ৰ পঢ়িছিল যিটো বিভ্ৰমক প্ৰায়ে (ভুলকৈ) দৃষ্টি বিদ্যমানতাৰ পুৰণি তত্বৰ উৎপত্তি বুলি গণ্য কৰা হয়, যাক পাছত ভুলকৈ চলচ্চিত্ৰ আৰু এনিমেছনত আপাত গতি ব্যাখ্যা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।২

প্ৰাৰম্ভিক জীৱন

ৰ'জে ফলক, জৰ্জ স্কুৱাৰ, এডিনবৰা
ৰ'জে ফলক, জৰ্জ স্কুৱাৰ, এডিনবৰাছবি: Kim Traynor · CC BY-SA 3.0

১৭৭৯ চনত লণ্ডনৰ ছ'হ'ৰ ব্ৰড ষ্ট্ৰীটত পিটাৰ মাৰ্ক ৰ'জেৰ জন্ম হয়। তেওঁৰ দেউতাক জিন (জন) ৰ'জে (১৭৫১–১৭৮৩), আৰু মাক কেথেৰীন ৰ'মিলী। মাক ব্ৰিটিছ ৰাজনীতিবিদ ছাৰ ছেমুৱেল ৰ'মিলীৰ ভগ্নী আছিল। মাক-দেউতাক দুয়োজনেই আছিল ফৰাছী হিউগনট (এক খ্ৰীষ্টিয় প্ৰটেষ্টাণ্ট গোট)।৩৪ দেউতাকৰ মৃত্যুৰ পাছত পৰিয়ালটো ১৭৮৩ চনত এডিনবৰালৈ যায় আৰু ৰ'জেই পাছলৈ এডিনবৰা বিশ্ববিদ্যালয়ত চিকিৎসা বিদ্যা পঢ়ি ১৭৯৮ চনত উত্তীৰ্ণ হয়।৩ ছেমুৱেল ৰ'মিলীয়ে তেওঁৰ ভতিজাকৰ প্ৰতিপালক পিতৃৰ দায়িত্ব লৈ শিক্ষাৰ খৰছ বহন কৰিছিল আৰু তেওঁক ব্ৰিটিছ ৰাজনৈতিক দল হুইগৰ কৰ্মকৰ্তাসকলৰ লগত চিনাকি কৰাইছিল।৫

ইয়াৰ পিছত ৰ'জেই লণ্ডনৰ চিকিৎসা বিদ্যালয়ৰ বক্তৃতাৰ পাঠগ্ৰহণ কৰে।৩ ১৭৯৮ চনৰ পৰা ১৭৯৯ চনলৈকে ব্ৰিষ্টলৰ ক্লিফটনত বাস কৰি তেওঁ থমাছ বেড'ছ আৰু হামফ্ৰে ডেভিক চিনি পাইছিল আৰু নিউমেটিক ইনষ্টিটিউটলৈ সঘনাই গৈছিল।৬

চিকিৎসক জীৱনৰ পাতনি নেমেলি ১৮০২ চনত ৰ'জেই উদ্যোগী জন লেই ফিলিপ্‌ছৰ পুত্ৰসকলৰ শিক্ষক হিচাপে নিযুক্তি লয়। জন আৰু বন্ধু লৱেল এ'জ্‌ৱৰ্থৰ লগত তেওঁ এমিয়েন্‌ছ চুক্তিৰ সময়তে ইউৰোপ যাত্ৰাত ৰাওনা হয়। হঠাৎ এই সন্ধি ভঙাত তেওঁ জেনেভাত বন্ধী হয়। ১৮০৩ চনত তেওঁ ছাত্ৰসকলৰ লগত ইংলেণ্ডলৈ আহিবলৈ সক্ষম হয়, কিন্তু ১৮১৪ চনৰ ৬ এপ্ৰিলত নেপোলিয়ন বোনাপাৰ্টৰ পতন নোহোৱা পৰ্যন্ত এ'জ্‌ৱৰ্থ বন্ধী হৈয়েই থাকে।৩

চিকিৎসক জীৱন

ছেমুৱেল ৰ'মিলীৰ সহায়ত ৰ'জে ৰাজনীতিবিদ ৱিলিয়াম পেটীৰ ব্যক্তিগত চিকিৎসক হিচাপে নিযুক্তি পায়। ১৮০৫ চনত পেটীৰ মৃত্যুৰ পাছত ৰ'জেই মান্‌চেষ্টাৰ চিকিৎসালয়ত যোগদান কৰে আৰু শৰীৰতত্ত্বৰ বিষয়ে পঢ়াবলৈ লয়। ১৮০৮ চনত লণ্ডনলৈ আহি তেওঁ ১৮০৯ চনত ৰয়েল কলেজ অৱ ফিজিচিয়ানৰ অনুজ্ঞাপত্ৰ লাভ কৰে। বহুবছৰ ধৰি ৰছেল ইন্‌ষ্টিটিউচন আৰু ৰয়েল ইন্‌ষ্টিটিউচনত ৰোগীৰ চিকিৎসা আৰু শিক্ষাদান কৰাৰ পাছত তেওঁ ১৮১৭ চনত কুইন চাৰ্লট চিকিৎসালয়ত নিযুক্তি লাভ কৰে।৩৫ তেওঁ লণ্ডন ইন্‌ষ্টিটিউচন আৰু ৱিণ্ডমিল ষ্ট্ৰীট স্কুলতো পাঠদান কৰিছিল।৭

১৮২৩ চনত ৰ'জে আৰু পিটাৰ মেয়াৰ লাথামক মিল্‌বেংক কাৰাগাৰত ৰোগৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে অনুসন্ধান কৰিবলৈ নিয়া হয়।৭ ১৮২৮ চনত ৰ'জেই ৱিলিয়াম থমাছ ব্ৰণ্ড আৰু থমাছ টেলফৰ্ডৰ লগত মিলি লণ্ডনৰ পানী যোগান সম্পৰ্কে এখন প্ৰতিবেদন জমা দিয়ে। ১৮৩৪ চনত তেওঁ ৰয়েল ইন্‌ষ্টিটিউচনৰ প্ৰথম ফুলেৰিয়ান অধ্যাপক হিচাপে পৰিগণিত হয়। ১৮৩৭ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতো আগভাগ লোৱা ৰ'জেই তাত শৰীৰতত্বৰ পৰীক্ষা লওঁতা আছিল। ১৮৪০ চনত তেওঁ চিকিৎসা বিদ্যাৰ পৰা অৱসৰ লয়।৩

থেছৰাছ

মূল প্ৰবন্ধ: ৰ'জেছ থেছৰাছ

অৱসৰৰ পাছত ১৮৪৬ চনমানত ৰ'জেই তেওঁৰ কীৰ্তিস্তম্ভ গ্ৰন্থখনৰ কাম কৰিবলৈ লয়।৩ কোৱা হয় যে ৰ'জেই প্ৰায় গোটেই জীৱন বিষণ্ণতাত ভুগিছিল আৰু থেছৰাছৰ কামেৰেই তেওঁ নিজকে সুস্থ কৰিবলৈ চেষ্টা কৰিছিল।৮ এজন জীৱনীকাৰে কোৱা মতে আঠবছৰ বয়সতে ৰ'জেই তালিকা সজা কামত সন্তুষ্টি লাভ কৰিছিল।৯ ১৮০৫ চনত তেওঁ শব্দবোৰৰ অৰ্থ হিচাপে শ্ৰেণীকৰণৰ এখন টোকাবহী ৰাখিবলৈ লয়।৩ সেই সময়তে তেওঁ মানচেষ্টাৰলৈ গৈ প'ৰ্টিক' লাইব্ৰেৰীৰ প্ৰতিষ্ঠাপক সম্পাদকো হয়।১০

১৮৫২ চনত শব্দৰ সংকলনখন Thesaurus of English Words and Phrases Classified and Arranged so as to Facilitate the Expression of Ideas and Assist in Literary Composition নামেৰে প্ৰকাশ পায়। ৰ'জেৰ জীৱনকালত এই কিতাপখন আঠাইছবাৰ ছপা হৈছিল। তেওঁৰ মৃত্যুৰ পাছত পুত্ৰ জন লিৱিছ ৰ'জেই (১৮২৮–১৯০৮) এই কাম কৰিবলৈ লয় আৰু তাৰ পাছত জনৰ পুত্ৰ ছেমুৱেল ৰ'মিলী ৰ'জেই (১৮৭৫–১৯৫৩) কামটোৰ ভাৰ লয়।৩১১

অন্য আকৰ্ষণ

থমাছ পেটিগ্ৰ'ই অঁকা আনুষ্ঠানিক পট্ৰেইট
থমাছ পেটিগ্ৰ'ই অঁকা আনুষ্ঠানিক পট্ৰেইটছবি: Thomas Pettigrew · Public domain

১৮১৫ চনত ৰ'জেক লগলগ স্কেলৰ সৈতে স্লাইড নিয়মৰ ওপৰত লিখা এখন গৱেষণা পত্ৰৰ স্বীকৃতি স্বৰূপে ৰয়েল ছ’চাইটিৰ ফেল' নিৰ্বাচিত কৰা হয়। ১৮২৭ চনৰ পৰা ১৮৪৮ চনলৈকে তেওঁ ছ'চাইটিৰ সম্পাদক আছিল৩১৮২৪ চনৰ ৯ ডিচেম্বৰত ৰ'জেই এক অদ্ভুত আলোকীয় ভ্ৰমৰ বিষয়ে ফিল’চফিকেল ট্ৰেন্সজেকচনছলৈ পঠিওৱা এখন গৱেষণা পত্ৰ ১৮২৫ চনত প্ৰকাশ পায় য'ত উলম্ব ছিদ্ৰৰ মাজেৰে দেখা চকাৰ স্প’কৰ আকৃতিৰ আলোকীয় প্ৰতাৰণাৰ ব্যাখ্যা কৰা হৈছিল।১২''১৩ এই গৱেষণা পত্ৰখন মাইকেল ফেৰাডে আৰু জোচেফ প্লেট’ৱে পঢ়ি দুয়োজনে নিজৰ প্ৰবন্ধত ইয়াৰ কথা উল্লেখ কৰিছিল য'ত আপাত গতিৰে নতুন ভ্ৰমৰ উপস্থাপন কৰিছিল।১৪১৫ ইয়াক প্ৰায়ে দৃষ্টি বিদ্যমানতাৰ পুৰণি তত্বৰ উৎপত্তি বুলি গণ্য কৰা হয়, যাক পাছত ভুলকৈ চলচ্চিত্ৰ আৰু এনিমেছনত আপাত গতি ব্যাখ্যা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।১৬ ১৮৩৪ চনত ৰ'জেই ফেনাকিষ্টিস্ক'প উদ্ভাৱনৰ দাবী কৰিছিল।I১৭

১৮২৯ চনত তেওঁ "মেডিকেল এণ্ড চিৰুল'জিকেল ছ'চাইটী অৱ লণ্ডন"ৰ সভাপতি হয় যি অনুষ্ঠান পাছলৈ "ৰয়েল ছ'চাইটী অৱ মেডিচিন" হৈ পৰে। তেওঁ "ছ'চাইটী ফ'ৰ দা ডিফিউজন অৱ ইউজফুল ন'লেজ"ৰো প্ৰতিষ্ঠাপক আছিল।৫ তেওঁ শৰীৰতত্ত্ব আৰু স্বাস্থ্যৰো অগণন প্ৰবন্ধ লিখিছিল। তাৰ ভিতৰত পঞ্চম Bridgewater Treatise, Animal and Vegetable Physiology considered with reference to Natural Theology (১৮৩৪), আৰু এন্‌চাইক্ল'পেডিয়া ব্ৰিটানিকাৰ বাবে প্ৰবন্ধ অন্যতম। তেওঁ ফ্ৰেন'ল'জীৰ ঘোৰ বিৰোধী আছিল আৰু ব্ৰিটানিকাৰ পৰিপূৰকত এই বিষয়ে লিখাৰ লগতে ১৮৩৮ চনত এই বিষয়ে দুটা খণ্ডৰ কিতাপ লিখিছিল।১৮

দবা খেলত ৰাপ থকা ৰ'জেই এটা প্ৰবন্ধত সাধাৰণ মুকলি নাইট্‌ছ ট্যুৰ সমস্যাৰ সমাধান কৰিছিল। তেওঁ দবা নানা সমস্যা উপস্থাপন কৰাৰ লগতে এখন সস্তীয়া পকেট দবাবোৰ্ড উলিয়াইছিল।৩১৯

নিৰ্বাচিত প্ৰকাশন

ব্যক্তিগত জীৱন

১৮১৮ চনত ৰ'জেক ছেমুৱেল ৰ'মিলীয়ে তেওঁৰ পত্নীৰ মৃত্যুৰ পাছত ঘৰলৈ মাতি পঠিয়ায়। তাৰ পাছত ৰ'জেৰ খুড়াক আৰু প্ৰতিপালক পিতৃ ছেমুৱেলে ৰ'জেৰ সন্মুখতে ডিঙি কাটি আত্মহত্যা কৰে।৩

পৰিয়াল

১৮২৪ চনত ৰ'জেই মেৰী টেইলৰক বিয়া কৰায়। তেওঁলোকৰ এজন পুত্ৰ জন লিৱিছ (১৮২৮–১৯০৮), আৰু এগৰাকী কন্যা কে'টৰ জন্ম হয়।৩

পাছৰ জীৱন

পাছবয়সত ৰ'জে কলা হৈ পৰে আৰু জীয়েকে তেওঁৰ প্ৰতিপালন কৰে।৩ ৯০ বছৰ বয়সত ৱৰ্চেষ্টাৰশ্বায়াৰৰ মেলভাৰ্নত তেওঁৰ মৃত্যু হয়।২০২১২২

অতিৰিক্ত পঠন

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ THE PORTICO LIBRARY AND THE BANK PUBLIC HOUSE, Manchester - 1197930 · Historic England. historicengland.org.uk
  2. ↑ Anderson, John; Anderson, Barbara. (1993). The Myth of Persistence of Vision Revisited. Journal of Film and Video. পৃ. 2–12
  3. ↑ Murray, T. Jock. Roget, Peter Mark
  4. ↑ (1911). Proceedings of the Huguenot Society of London. Huguenot Society of London. পৃ. 546
  5. ↑ Desmond, Adrian. (1992). The Politics of Evolution: Morphology, Medicine, and Reform in Radical London. University of Chicago Press. পৃ. 222–3. ISBN 9780226143743
  6. ↑ Fullmer, June Z. (2000). Young Humphry Davy: The Making of an Experimental Chemist. American Philosophical Society. পৃ. 131. ISBN 9780871692375
  7. ↑ Munks Roll Details for Peter Mark Roget. munksroll.rcplondon.ac.uk
  8. ↑ Spiegelman, Arthur. (28 March 2008). The man who made lists to fend off depression. Reuters
  9. ↑ Mallon, Thomas. (16 March 2008). Obsessed (Agog, Beset, Consumed, Driven, etc.). The New York Times
  10. ↑ Rennison, Nick. (2015). Peter Mark Roget: The Man Who Became The Thesaurus - A Biography. Oldcastle Books. পৃ. 30. ISBN 9781843447931
  11. ↑ Lemco, I. (August 1999). Roget's Engineering Successor (i.e. S. R. Roget). Engineering Science and Education Journal. পৃ. 177–183
  12. ↑ Roget, Peter Mark. (1824). Explanation of an optical deception in the appearance of the spokes of a wheel when seen through vertical apertures. Philosophical Transactions of the Royal Society of London. পৃ. 131–140
  13. ↑ Crary, Jonathan. (1992). Techniques of the Observer: On Vision and Modernity in the Nineteenth Century. MIT Press. পৃ. 106 note 19. ISBN 9780262531078
  14. ↑ Garnier, Jean Guillaume. (1828). Correspondance mathématique et physique, publ. Par mm. Garnier et Quetelet. (Royaume des Pays-bas)
  15. ↑ (1831). Journal of the Royal Institution of Great Britain
  16. ↑ Dwyer, Tessa; Perkins, Claire; Redmond, Sean. (25 January 2018). Seeing into Screens: Eye Tracking and the Moving Image. Bloomsbury Publishing USA. ISBN 9781501328992
  17. ↑ (1834). Bridgewater treatises on the power, wisdom, and goodness of God, as manifested in the creation
  18. ↑ Haskins, Roswell Willson. (1839). History and Progress of Phrenology: (Read Before the Western Phrenological Society, at Buffalo,). Steele & Peck. পৃ. 181–3 note
  19. ↑ Mason, Adair Stuart. (2004). 'Wasn't it Exciting!': A Compilation of the Work of A. Stuart Mason. Royal College of Physicians. পৃ. 73. ISBN 9781860162060
  20. ↑ Deaths England and Wales 1837–1983 – lists place of death as Ledbury, and expands "The district Ledbury spans the boundaries of the counties of Herefordshire, Hereford and Worcester and Worcestershire"
  21. ↑ (25 September 1869). Obituary – Dr. Roget, F.R.S. Medical Times and Gazette. John Churchill and Sons. পৃ. 395
  22. ↑ Kendall, J. (2008). The Man Who Made Lists. G.P. Putnam's Sons. ISBN 9780399154621

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিটাৰ মাৰ্ক ৰ'জে” প্ৰবন্ধৰ সংশোধন ৬৩২৮০৮ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।