অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ

পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ (বৈজ্ঞানিক নাম: Parthenium hysterophorus) হৈছে এষ্টাৰেচিয়া (Asteraceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ই আমেৰিকাৰ এবিধ থলুৱা প্ৰজাতি।

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২৩ ৩৪০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Parthenium hysterophorus) হৈছে এষ্টাৰেচিয়া (Asteraceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ই আমেৰিকাৰ এবিধ থলুৱা প্ৰজাতি। ইয়াৰ সাধাৰণ নামবোৰ হৈছে ছাণ্টা-মাৰিয়া (Santa-Maria), ছাণ্টা-মাৰিয়া ফিভাৰফিউ (Santa Maria feverfew), হোৱাইটটপ উইড (whitetop weed), আৰু ফেমিনি উইড (famine weed)১। ভাৰতত স্থানীয়ভাবে ইয়াক গাজৰ ঘাঁহ (carrot grass), কংগ্ৰেছ ঘাঁহ (congress grass) আৰু ধানুৰা (dhanura)২ বুলি জনা যায়। ভাৰত,৩ অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ কিছু অঞ্চলত১ ইয়াক নিয়ন্ত্ৰন কৰিব নোৱাৰাকৈ অতিমাত্ৰাত বংশ বিস্তাৰ হোৱা উদ্ভিদ প্ৰজাতি (Invasive species)৪ হিচাপে গণ্য কৰা হয়।

আক্ৰমণ

পাৰ্থেনিয়াম হাইষ্টেৰ’ফ’ৰাছে পথৰ কাষকে ধৰি বিস্তীৰ্ণ ভূমি আক্ৰমণ কৰে। ই চৰণীয়া পথাৰ আৰু কৃষিভূমিত আক্ৰমণ কৰে, যাৰ ফলত প্ৰায়ে শস্য উৎপাদন বিপৰ্যয়ৰ মুখত পৰে, যাৰ বাবে ইয়াক সাধাৰণভাবে দুৰ্ভিক্ষৰ অপতৃণ নাম দিয়া হৈছে।৫৬৭৮৯ কিছুমান অঞ্চলত ইয়াৰ প্ৰাদুৰ্ভাৱ প্ৰচণ্ডভাবে সৰ্বত্ৰ বিয়পি পৰিছে, ইয়াৰ ফলত পশুধন আৰু শস্য উৎপাদন আৰু মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে।১০১১ এই উদ্ভিদে এলিলোপেথিক ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে আৰু শস্য আৰু পশুখাদ্য ঘাঁহ আক্ৰমণ কৰি ইয়াৰ বৃদ্ধিত বাধা দিয়ে৷ তদুপৰি মানুহ আৰু পশুধনক প্ৰভাৱিত কৰিব পৰা এলাৰ্জেন উৎপন্ন কৰে। ইয়াৰ উপৰিও ই সঘনাই পৰাগ ৰেণুৰ দ্বাৰা এলাৰ্জীৰ সৃষ্টি কৰে।১২ ২০২১ চনত প্ৰকাশিত এক অধ্যয়নে আৰু দেখুৱাইছে যে, এই উদ্ভিদে পূব আফ্ৰিকাৰ মহক খাদ্য আৰু বাসস্থানৰ যোগান ধৰি মেলেৰিয়াক প্ৰসাৰিত কৰিব পাৰে।১৩

পৰিৱেশৰ পৰা গধুৰ ধাতু আৰু ৰং আঁতৰোৱা, জলজ অপতৃণ নিয়ন্ত্ৰণ, বাণিজ্যিক এনজাইম উৎপাদন, জৈৱ গেছ উৎপাদনৰ বাবে গোবৰৰ সৈতে যোগকৰা, জৈৱ কীটনাশক হিচাপে, আৰু সেউজীয়া গোবৰ আৰু পচন সাৰ হিচাপে ইয়াৰ প্ৰয়োগৰ ওপৰত অনুসন্ধান চলি আছে৷১৪

এই প্ৰজাতিটোক ইউৰোপীয় সজাগতাৰ বাবে আক্ৰমণাত্মক বিদেশী প্ৰজাতি উদ্ভিদ হিচাপে তালিকাভুক্ত কৰা হৈছে। অৰ্থাৎ সমগ্ৰ ইউৰোপীয় সংঘত এই প্ৰজাতিটো আমদানি বা বিক্ৰী কৰাটো অবৈধ৷১৫

বিষক্ৰিয়া

''পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ''ত থকা প্ৰধান বিষাক্ত পদাৰ্থ পাৰ্থেনিন
পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছত থকা প্ৰধান বিষাক্ত পদাৰ্থ পাৰ্থেনিনছবি: Edgar181 · Public domain

পাৰ্থেনিয়ামৰ সংস্পৰ্শত মানুহ, গৰু আৰু ঘৰচীয়া জীৱ-জন্তুৰ ছালৰ ৰোগ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ হয়। এই উদ্ভিদত পাৰ্থেনিন নামৰ এবিধ অতি বিষাক্ত পদাৰ্থ১৬১৭ থাকে আৰু ইয়াৰ প্ৰভাৱতে এই ৰোগসমূহে দেখা দিয়ে। পশুধনৰ খাদ্যৰ লগত পাৰ্থেনিয়ামৰ পাত মিহলি হ’লে “গাখীৰ তিতা হোৱা ৰোগ” হয়।১৮

এই প্ৰজাতিটোৰ অন্য এটা প্ৰভাৱ হৈছে পাৰ্থেনিয়ামৰ পৰাগ ৰেণুৰ উপস্থিতিয়ে বিলাহী, বেঙেনা, বীন আদি অন্যান্য কেইবাবিধো কৃষিজাত উদ্ভিদৰ ফল ধৰাত বাধা প্ৰদান কৰে।

নিয়ন্ত্ৰণ

খেতি পথাৰত কম পৰিসৰত পাৰ্থেনিয়াম হাইষ্টেৰ’ফ’ৰাছৰ গজিলে কাটি নাইবা কোৰেৰে চিকুনাব পাৰি।

সাধাৰণতে অপতৃণনাশক প্ৰয়োগ কৰাটো ব্যয়বহুল আৰু প্ৰায়ে ক্ষতিকাৰক; অপতৃণবোৰ সৰু হৈ থকাৰ সময়ত পেৰাকুৱেট স্প্ৰে’ প্ৰয়োগ কৰিব পাৰি। এই প্ৰজাতিৰ বিৰুদ্ধে গ্লাইফ’ছেট ফলপ্ৰসূ নহয়।

তথ্যসূত্ৰ

  1. ↑ McConnachie AJ, Strathie LW, et al. Current and potential geographical distribution of the invasive plant Parthenium hysterophorus (Asteraceae) in eastern and southern Africa. Weed Research. 2011 51(1) From www.farmersweekly.co.za 27 December 2013
  2. ↑ Oudhia, P., Tripathi, R. S., Choubey, N. K., & Lal, B. (2000). Parthenium hysterophorus: a curse for the bio-diversity of Chhattisgarh plains of MP. Crop Research (Hisar), 19(2), 221-224
  3. ↑ Oudhia, P. (2000). Parthenium hysterophorus: a new weed in upland rice fields of the Chhattisgarh Plains (India).International Rice Research Notes (IRRN).25.1:34
  4. ↑ Parthenium hysterophorus (herb). Global Invasive Species Database. Invasive Species Specialist Group
  5. ↑ Oudhia, P. (2000). Allelopathic effects of Parthenium hysterophorus and Ageratum conyzoides on wheat var.Sujata. Crop Research. পৃ. 563–566
  6. ↑ Oudhia, P. (2000). Positive (inhibitory) allelopathic effects of Parthenium hysterophorus leaves on germination and seedling vigour of sunflower. Crop Research. পৃ. 560–562
  7. ↑ Oudhia, P. (2001). Allelopathic effects of leachates and extracts of different parts of an obnoxious weed Parthenium hysterophorus L. on germination and seedling vigour of selected crops. Ecology, Environment and Conservation. পৃ. 427–434
  8. ↑ Oudhia, P. and Tripathi, R.S. (1998). Allelopathic effects of Parthenium hysterophorus L. on Kodo, Mustard and problematic weeds. Proc. First International Conference on Parthenium Management (Vol. II) UAS, Dharwad 6-8 Oct. 1997: 136-139
  9. ↑ Oudhia, P.; Kolhe, S.S.; Tripathi, R.S. (1997). Allelopathic effect of Parthenium hysterophorus L. on germination of Linseed. Indian J. Plant Physiol. পৃ. 327–329
  10. ↑ Gebeyehu, Adane Kebede. (2008). The distributions of parthenium weed (Parthenium hysterophorus L. Asteraceae) and some of its socio-economic and ecological impacts in the Central Rift Valley, Adami Tulu-Jido Kombolcha Woreda; Ethiopia. Addis Ababa University
  11. ↑ (2009-03-13). Deadly weed invaded Uganda
  12. ↑ Kher, Prateek. (2008-09-25). Transforming an obnoxious weed into gold!. Merinews
  13. ↑ Invasive weed could fuel malaria transmission. phys.org
  14. ↑ Patel, S. (2011). Harmful and beneficial aspects of Parthenium hysterophorus: an update. 3 Biotech. পৃ. 1–9
  15. ↑ (June 2021). European Regulation on IAS
  16. ↑ Parthenium
  17. ↑ (2003-12-04). Integrated weed management for parthenium. দ্য হিন্দু
  18. ↑ (September 4, 2005). Campaign launched for biological control of a dangerous weed. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্থেনিয়াম হাইষ্টেৰ'ফ'ৰাছ” প্ৰবন্ধৰ সংশোধন ৩৯৭০৪৬ (১৩ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।