অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাৰভীন চুলতানা দিতি

পাৰভীন চুলতানা (ইংৰাজী: Parveen Sultana; জন্মগত নাম: দিতি নামেৰে পৰিচিত; ৩১ মাৰ্চ ১৯৬৫ – ২০ মাৰ্চ ২০১৬) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী আছিল। ১৯৮৭ চনত স্বামী-স্ত্ৰী ছবিত কৰা অভিনয়ৰ বাবে তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২৯৭ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

পাৰভীন চুলতানা (ইংৰাজী ভাষা: Parveen Sultana; জন্মগত নাম: দিতি নামেৰে পৰিচিত; ৩১ মাৰ্চ ১৯৬৫ – ২০ মাৰ্চ ২০১৬) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী আছিল। ১৯৮৭ চনত স্বামী-স্ত্ৰী ছবিত কৰা অভিনয়ৰ বাবে তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল।১২৩ তেওঁ নিজৰ কেৰিয়াৰত ২০০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।৪

ডাক দিয়ে যায় ছবিৰে কেৰিয়াৰ আৰম্ভ কৰি দিতি আশীৰ দশকৰ মাজভাগৰপৰা নব্বৈৰ দশকৰ মাজভাগলৈকে এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে স্বামী-স্ত্ৰী, বেনাম বাদশাহ, স্ত্ৰীৰ পাওনা, শ্বশুৰ বাৰী, শেষ উপহাৰ, মহান বন্ধু, মাস্তান ৰাজা, বিশ্বাস অবিশ্বাস, চাকৰ, দোষী, দুই জীৱন, আপন ঘৰ, ভেজা চোখ, লক্ষ্মীৰ সংসাৰ, অকৃতজ্ঞ, সমৰ আৰু হিংসাৰ আগুন।

নব্বৈৰ দশকৰপৰা তেওঁ নিজৰ কোমল চৰিত্ৰসমূহৰপৰা ফালৰি কাটি আহি আক্ৰমণাত্মক নাৰীকেন্দ্ৰিক একচন চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। এই পৰ্যায়ৰ ছবিসমূহৰ ভিতৰত আছে আজকেৰ হাঙ্গামা, খুনেৰ বদলা, পাপী শত্ৰু, লেডী ইন্সপেক্টৰ, হত্যা, ভাই কেন আসামি, অজানা শত্ৰু, স্বাৰ্থপৰ, বাঁচাৰ লড়াই, মুক্তি চাই, পলাতক আসামি, হাৰামখোৰ, বেইমানি আৰু আত্মপ্ৰকাশ। নব্বৈৰ দশকত তেওঁৰ আন কিছুমান উল্লেখযোগ্য ছবি হ’ল সুখেৰ ঘৰে দুখেৰ আগুন, আত্ম-বিশ্বাস, প্ৰিয় শত্ৰু, মানুষ, শেষ প্ৰতীক্ষা, লুটতৰাজ, অতিক্ৰম, চক্ৰান্তেৰ চিকাৰ, আসামি গ্ৰেপ্তাৰ, আমাৰ দেশ আমাৰ প্ৰেম, দুৰ্জয়, আম্মা, আমি এক অমানুষ, চৰম আঘাত, অচল পইচা, ৰাজা গুণ্ডা, কালিয়া, বদলা নেব আৰু সৎ মানুষ।৫

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

দিতিৰ জন্ম নাৰায়ণগঞ্জ জিলাৰ সোণাৰগাঁৱত হৈছিল। পিতৃৰ নাম আছিল আবুল হোসেন আৰু মাতৃৰ নাম আছিল নুৰজাহান বেগম।৬ তেওঁ ইডেন মহিলা কলেজৰপৰা উচ্চতৰ মাধ্যমিক আৰু লালমাটিয়া মহিলা কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।৭

কৰ্মজীৱন

এগৰাকী গায়িকা হিচাপে দিতিই বাংলাদেশ শিশু একাডেমীয়ে আয়োজন কৰা এটা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বঁটা লাভ কৰিছিল।৮ তেওঁ যেতিয়া বাংলাদেশ টেলিভিছনত গান গাই আছিল, তেতিয়াই অভিনেতা অল মনছুৰৰ নজৰলৈ আহে। তেওঁ দ্বিতিক অভিনেতা মানস বন্দ্যোপাধ্যায়ৰ বিপৰীতে "লাইলী মজনু" নামৰ এখন টেলিভিছন নাটকত অভিনয় কৰিবলৈ সুযোগ দিয়ে।৮ দিতি ১৯৮৪ চনত "নতুন মুখেৰ সন্ধানে" শীৰ্ষক প্ৰতিভা অন্বেষণ প্ৰতিযোগিতাৰ জৰিয়তে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।৮

উদয়ন চৌধুৰীৰ পৰিচালনাত নিৰ্মিত ডাক দিয়ে যায় ছবিৰ জৰিয়তে দিতিৰ অভিনয় কেৰিয়াৰ আৰম্ভ হৈছিল।৪ অৱশ্যে এই ছবিখন কেতিয়াও মুক্তি নাপালে। তেওঁৰ মুক্তি পোৱা প্ৰথমখন ছবি আছিল আমি-ই ওস্তাদ।৪ তেওঁ বহুতো টেলিভিছন নাটকত অভিনয় কৰিছিল আৰু ৰন্ধন প্ৰণালী বিষয়ক এটা টেলিভিছন অনুষ্ঠানৰ আঁত ধৰিছিল।৪

ব্যক্তিগত জীৱন

দিতিই ১৯৮৬ চনত অভিনেতা চোহেল চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।৭ চৌধুৰীও দিতিৰ দৰেই সেই একেবছৰৰে "নতুন মুখেৰ সন্ধানে" প্ৰতিযোগিতাৰ বিজয়ী আছিল।৭ ১৯৯৮ চনত বনানিৰ ট্ৰাম্পছ ক্লাবত চোহেল চৌধুৰীৰ গুলীচালনাত মৃত্যু হয়।৯ এই ঘটনাৰ পূৰ্বেই তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটিছিল।৭ তেওঁলোকৰ দুটা সন্তান আছে — কন্যা লামিয়া চৌধুৰী (জন্ম ১৯৮৭) আৰু পুত্ৰ শাফায়েত চৌধুৰী দীপ্ত (জন্ম ১৯৮৯)।১০১১ পিছলৈ দিতিই অভিনেতা ইলিয়াছ কাঞ্চনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও সেই বিবাহো বিচ্ছেদত পৰিণত হয়।৪

তথ্যসূত্ৰ

  1. ↑ (18 October 2011). Diti directed first play on Channel i soon. Priyo News
  2. ↑ (31 January 2011). Alamgir-Diti in five movies at a time. Priyo News
  3. ↑ bn:জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্তদেৰ নামেৰ তালিকা (১৯৭৫-২০১২). Bangladesh Film Development Corporation. Government of Bangladesh
  4. ↑ (20 March 2016). bn:দিতি আৰ নেই. Prothom Alo
  5. ↑ (21 March 2016). Actress Diti laid to rest. The Daily Star
  6. ↑ (21 March 2016). Actress Diti buried beside her parents at Sonargaon home. bdnews24.com
  7. ↑ (22 March 2016). Diti: The screen diva. Dhaka Tribune
  8. ↑ (22 March 2016). Diti laid to rest at village home. The Daily Star
  9. ↑ (18 December 2015). No trial even 17 years after actor Sohel Chowdhury's murder. bdnews24.com
  10. ↑ (8 September 2013). Diti again starts acting after returning from Canada. Priyo News
  11. ↑ (13 August 2012). Diti leaves home for Canada. Priyo News

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰভীন চুলতানা দিতি” প্ৰবন্ধৰ সংশোধন ৫৯৮৮৬৯ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।