নেয়েপি:Nyepi হৈছে ইণ্ডোনেছিয়াৰ বালিবাসীৰ "মৌনতা দিৱস" যিটো বালিৰ কেলেণ্ডাৰ অনুসৰি প্ৰতি ইছাকাৱাৰ্ছা (সাকা নতুন বছৰ)ত স্মৰণ কৰা হয়। বালিবাসীৰ বাবে মৌনতা, উপবাস আৰু ধ্যান-ধাৰণাৰ এই নেয়েপি দিৱসৰ দিনা ইণ্ডোনেছিয়াত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হয়। নেয়েপিৰ পিছদিনাখন নৱবৰ্ষৰ দিৱস হিচাপে পালন কৰা হয়। নেয়েপিৰ পিছত দক্ষিণ বালিৰ চেচেটান গাঁৱৰ যুৱক-যুৱতীসকলে নতুন বছৰ উদযাপনৰ বাবে ওমেদ-ওমেডান বা 'চুম্বন অনুষ্ঠান'ৰ অনুশীলন কৰে।১
আচাৰ-ব্যৱহাৰ
এই দিনটো পুৱা ৬ বজাৰ পৰা পিছদিনা ৰাতিপুৱা ৬ বজালৈকে ধৰা হয়। আত্ম-প্ৰতিফলনৰ বাবে সংৰক্ষিত এই সময়চোৱাত,তেওঁলোকক এটা শান্তিৰ পৰিবেশ দিবলৈ আৰু উদ্দেশ্যত বাধা নজন্মিবলৈ কিছুমান ৰাজহুৱা নিষেধাজ্ঞা জাৰি কৰা হয়। সেই মূল নিষেধাজ্ঞাসমূহ হ’ল জুই জ্বলোৱাৰ পৰা বিৰত থকা, পোহৰৰ জাকজমকতা কম কৰা, কাম কৰা বন্ধ ৰখা, কোনো মনোৰঞ্জন বা আনন্দৰ পৰা বিৰত থকা, কোনো ভ্ৰমণ নকৰা আদি। কিছুমানে এই দিনটোৰ বাবে মৌণব্ৰত পালন কৰা বা উপবাসে থকা আদি আত্মোপলব্ধিৰ কাৰ্য পালন কৰে।
এই নিষেধাজ্ঞাৰ প্ৰভাৱত বালিত সাধাৰণতে ব্যস্ত ৰাস্তা-পথ খালী হৈ পৰে, টিভি আৰু ৰেডিঅ’ৰ পৰা অহা শব্দ কম বা একেবাৰেই নাহে, ইণ্টাৰনেটৰ ব্যৱহাৰ সীমিত ৰখা হয় আৰু ঘৰৰ ভিতৰতো ৰং-তামাচা আদি কাৰ্যকলাপ কমকৈ হোৱা দেখা যায়। এই নিষেধাজ্ঞা সমূহ মানি চলিবলৈ কিছুমানপৰম্পৰাগত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয়। তেওঁলোকক পেকালাং বোলা হয় যিয়ে নিষেধাজ্ঞা মানি চলাটো নিশ্চিত কৰিবলৈ ৰাজপথত টহল দিয়ে। এওঁ লোকক সমগ্ৰ ইণ্ডোনেছিয়াৰ কেৱল বালি অঞ্চলত নেয়েপিৰ সময়ত নিয়োগ কৰা হয়। যদিও নেয়েপি মূলতঃ হিন্দু সকলৰ বন্ধৰ দিন, তথাপিও বালিত অহিন্দু বাসিন্দা আৰু পৰ্যটকসকলকো এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া নাযায়। তেওঁলোকে নিজৰ হোটেলৰ ভিতৰত নিজৰ ইচ্ছামতে কাম কৰাত বাধা নাই, যদিও বিল বা ৰাস্তাত কাকো সোমাবলৈ দিয়া নহয়, আৰু বালিৰ একমাত্ৰ বিমানবন্দৰটো গোটেই দিনটোৰ বাবে বন্ধ ৰখা হয়। এই নিয়ম উলংঘা কৰা পৰ্যটকসকল অপৰাধৰ সন্মুখীন হ'ব পাৰে।২
নেয়েপিৰ আগৰ দুপৰীয়া আৰু সন্ধিয়া সময়ত পথত প্ৰৱেশৰ সুবিধা সীমিত ৰখা হয়। সন্ধিয়া পেৰেডৰ বাবে বহু স্থানীয় পথ বন্ধ হৈ থাকে, যাৰ বাবে গাড়ী বা স্কুটাৰেৰে যাতায়ত কৰাত অসুবিধা হয়। স্থানীয় ৰেষ্টুৰেণ্ট সমূহৰৰ বেছিভাগেই সোনকালে বন্ধ হয় আৰু বহুতো এ টি এমৰ নগদ ধন আঁতৰাই নেয়েপিৰ পিছদিনালৈকেবন্ধ কৰি দিয়া হয়।৩
পৰোক্ষভাৱে চৰকাৰী মালিকানাধীন গ্ৰাহক যোগাযোগ প্ৰদানকাৰী টেলকমচেলৰ সকলো ইণ্টাৰনেটৰ ব্যৱহাৰ বন্ধ কৰি দিয়া হয়, আনহাতে ব্যক্তিগত মালিকানাধীন আই এছ পি সমূহ কাৰ্যক্ষম কৰি ৰখা হয়। শান্তি শৃংখলাৰ প্ৰতি লক্ষ ৰাখি কিছুমান হোটেল/ৰিজৰ্টৰ ৱাইফাই কভাৰেজ বন্ধ কৰিবলৈ, আৰু আন কিছুমানৰ কাৰ্যক্ষম হৈ থাকিবলৈ বাছি লোৱা হয়।
একেদৰে জীৱনৰ সংকটজনক পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনোৱা জৰুৰীকালীন বাহন আৰু প্ৰসৱকালিন মহিলা সকলক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হয়।৪
নেয়েপিৰ পিছদিনা সামাজিক কাৰ্যকলাপ পুনৰ দ্ৰুতগতিত আৰম্ভ হয়,গেমাক গেনি (জুই পুনৰ জ্বলোৱা) নামেৰে জনাজাত প্ৰথা পালন কৰিবলৈ, পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে ইজনে সিজনৰ পৰা ক্ষমা বিচাৰিবলৈ আৰু একেলগে কিছুমান ধৰ্মীয় অনুষ্ঠান পালন কৰিবলৈ বালিবাসী গোট খায়। আকৌ জুই আৰু বিদ্যুতৰ অনুমতি দিয়া হয়, আৰু খাদ্য ৰন্ধা আৰম্ভ হয়।৫
- প্ৰথমে নেয়েপিৰ ৩–৪ দিন আগত মেলাষ্টি অনুষ্ঠান সম্পন্ন কৰা হয়। সংঘয়াং ৱিধি ৱাছালৈ উৎসৰ্গা কৰি সাগৰ আৰু বিলৰ কাষৰ কেইবাটাও পুৰা (বালি মন্দিৰ)ত এই অনুষ্ঠান সম্পন্ন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে কেইবাটাও মন্দিৰৰ অন্তৰ্গত আৰ্কা, প্ৰতিমা আৰু প্ৰালিংগা (পবিত্ৰ বস্তু) শুদ্ধ কৰা, লগতে সাগৰৰ পৰা পবিত্ৰ পানী আহৰণ কৰা।৬৭
- দ্বিতীয়তে, নেতিবাচক শক্তিসমূহ পৰাস্ত কৰি ঈশ্বৰ, মানৱ জাতি আৰু প্ৰকৃতিৰ সৈতে ভাৰসাম্য সৃষ্টিৰ উদ্দেশ্যে ভূট যজ্ঞ অনুষ্ঠান কৰা হয়। বটাৰা কালাক সন্তুষ্ট কৰিবলৈ জীৱিত পশু বলি দিয়া হয়। সূৰ্যাস্তৰ আশে-পাশে ঘৰৰ চৌহদত পেংগ্ৰুপুকান বা ংগ্ৰুপুক৮ অনুষ্ঠান আৰম্ভ হয়, য'ত খালি পাত্ৰ আৰু কেৰাহী আদি বজাই কোলাহল সৃষ্টিকৰি লগতে শুকান তামোলৰ পাতৰ মশাল জ্বলাই দানৱবোৰক খেদি পঠিওৱা হয়।৯ইয়াৰ লগতে ংগ্ৰুপুক পেৰেড নামৰ এটা নতুন পৰিঘটনা উদযাপিত হয়: যাৰ আৰম্ভণি ডেনপাছাৰত ১৯৮০ চনৰ আৰম্ভণিতে হৈছিল।১০
বেছিভাগ হিন্দু বালি গাঁৱতে ওগোহ-অগোহ, উজ্জল ৰং কৰা বাঁহ, পেপিয়াৰ-মাচে, কাপোৰ, আৰু টিনচেলৰ দ্বাৰা কিছুমান বেয়া, নেতিবাচক শক্তি, কু-অভিপ্ৰায় থকা আসুৰিক মূৰ্তি বনাই লোৱা হয়। লগতে কিছুমান পৌৰাণিক কাহিনীৰ হিন্দু দেৱ দেৱতাৰ চৰিত্ৰৰ প্ৰতীক ও থাকো। গাঁৱৰ চাৰিওফালে পেৰেড কৰাৰ পিছত কবৰস্থানত এই মূৰ্তি সমূহ জ্বলাই দিয়া হয় যদিও কিছুমান কমিউনিটি হলৰ সন্মুখত এমাহ বা তাতোকৈ অধিক সময়ৰ বাবে প্ৰদৰ্শন কৰা হয় আৰু কেতিয়াবা সংগ্ৰহালয় ৰখা হয় আৰু সংগ্ৰাহকেও ক্ৰয় কৰে।
- তৃতীয়তে, নেপি ৰীতি-নীতিসমূহ তলত দিয়া ধৰণে কৰা হয়:১১
অমতী গেনিঃ জুই বা পোহৰ নাই, বিজুলীও নাই অমতী কৰ্মঃ কাম নাই আমাতি লেলুংগানন: ভ্ৰমণ নাই আমাতি লেলাংগুয়ান: কোনো ধৰণৰ আনন্দ/আত্ম মনোৰঞ্জন নাই
- চতুৰ্থতে, যোগ/ব্ৰত অনুষ্ঠান পুৱা ৬:০০ বজাৰ পৰা আৰম্ভ হৈ পিছদিনা পুৱা ৬:০০ বজালৈকে চলি থাকে।
- পঞ্চমতে, সকলো হিন্দুৱে ইজনে সিজনক ক্ষমা কৰিবলৈ আৰু আগন্তুক নতুন দিনবোৰক আদৰি ল'বলৈ গেমবাক অগ্নি/লাবুহ ব্ৰত অনুষ্ঠান পালন কৰা হয়।১২
- ষষ্ঠ আৰু শেষত সকলো নেয়েপি অনুষ্ঠান শেষ হোৱাৰ পিছত ধৰ্ম শান্তি ৰীতি-নীতি সম্পন্ন কৰা হয়।৪
তাৰিখ
বালিনীজবছৰ-নেয়েপিৰ তাৰিখ
২০২৪- ১৯৪৬- ১১ মাৰ্চ
২০২৫- ১৯৪৭- ২৯ মাৰ্চ
২০২৬- ১৯৪৮- ১৯ মাৰ্চ
২০২৪ চনত সাধাৰণ নিৰ্বাচন সময়ত অগোহ-অগোহ পেৰেড বাতিল কৰা হয়। পেৰেডত ৰাজনৈতিক বিষয়বস্তু প্ৰকাশৰ আশংকাত কেৱল গাঁওসমূতহে, বিশেষকৈ পৰম্পৰাগত গাঁওসমূহতহে এই পেৰেড অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হৈছিল।১৩
সুৰক্ষা
স্থানীয় নিৰাপত্তাক শক্তিশালী কৰিবলৈ সাধাৰণ হানচিপক নিয়োগ কৰা হয়, আনহাতে নিৰাপত্তা প্ৰদানৰ বাবে পেকালাংসকলকো আন সাধাৰণ কামৰ পৰা অব্যাহুতি দি নিৰাপত্তাৰ ভূমিকালৈ পুনৰ নিৰ্দেশিত কৰা হয়। এই দুই নিৰাপত্তা বাহিনী স্থানীয় গাঁওবুঢ়াৰ নিৰ্দেশত পৰিচালিত হয়। ২০১৭ চনত দ্বীপব্যাপী খবৰ পোৱা গৈছিল যে প্ৰায় ২২,০০০ পেকালাঙে নেপিৰ বাবে অংশগ্ৰহণ কৰিছিল। ১৪কেতিয়াবা ওপৰ পৰ্যায়ত ৰাষ্ট্ৰীয় আৰক্ষীয়েও অংশগ্ৰহণ কৰে।
তথ্যসূত্ৰ
- ↑ Upacara omed-omedan: Ritual Ciuman Unik Khas Bali. travelesia.co
- ↑ Erviani, Ni Komang. (27 Mar 2023). Two Polish nationals deported from Bali for ignoring Nyepi strictures. The Jakarta Post
- ↑ We Visited Bali During Nyepi: Here's Everything You Need To Know. Bali Untold
- ↑ Pelaksanaan Hari Raya Nyepi di Indonesia. Babad Bali
- ↑ Nyepi: Bali's day of Silence Culture, Bali & Indonesia (2009)
- ↑ Thousands flock to Bali's beaches for Melasti purification ritual - National. The Jakarta Post
- ↑ Bureau, ABP News. (2022-02-28). What Is Melasti? The Hindu 'Purification Festival' Celebrated Ahead Of Balinese New Year Nyepi Day. news.abplive.com
- ↑ Ogoh Ogoh Museum Mengwi. bali.com
- ↑ Nyepi in Bali - Experiencing the Balinese Day of Silence. Bali.com
- ↑ Roxanne Hoorn. (May 1, 2024). Meet the creatures and creators behind Bali's parade for banishing evil spirits. On the night before the Balinese New Year, villagers bring monsters to life — and then burn them. atlasobscura.com
- ↑ Media, Kompas Cyber. (2022-03-01). 4 Pantangan saat Nyepi di Bali. denpasar.kompas.com
- ↑ Tradisi Ngembak Geni dan Maknanya Bagi Umat Hindu. suara.com
- ↑ (January 16, 2024). Tourists Disappointed There Will Be No Ogoh-Ogoh Competitions In Bali In 2024. thebalisun.com
- ↑ Balinese Hindus to Parade 7,000 Giant Puppets Ahead of Nyepi Celebration
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেয়েপি” প্ৰবন্ধৰ সংশোধন ৫৩২৩৫১ (১৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।