ৰোমান শ্ৰুতিকথা
১৪ প্ৰবন্ধ
-
নেচাৰেল হিষ্ট্ৰি
নেচাৰেল হিষ্ট্ৰি (লেটিন: Naturalis Historia) হৈছে প্লিনি দ্য এল্ডাৰৰ দ্বাৰা ৰচিত এখন লেটিন ভাষাৰ গ্ৰন্থ। ৰোমান সাম্ৰাজ্যৰ পৰা আধুনিক যুগলৈকে বৰ্তি থকা আটাইতকৈ ডাঙৰ একক গ্ৰন্থ৷ এই গ্ৰন্থখনত বিভিন্ন প্ৰাচীন লেখকৰ পৰা সংগ্ৰহ কৰা তথ্য সংকলন কৰা হৈছে।
-
অৰোৰা (শ্ৰুতিকথা)
অৰোৰা (লেটিন: [au̯ˈroːra], ইংৰাজী: Aurora) ৰোমান পৌৰাণিক কাহিনী আৰু লেটিন কবিতাত বৰ্ণিত দোকমোকালিক প্ৰতিনিধিত্ব কৰা দেৱী। গ্ৰীক ইঅ'ছ আৰু ঋকবৈদিক দেৱী উষাৰ দৰেই অৰোৰাৰ নামো পূৰ্বৰ ইণ্ডো-ইউৰোপীয় সংস্কৃতিত পুৱাক প্ৰতিনিধিত্ব কৰা দেৱী হাউছছৰ নামৰ সৈতে সংযুক্ত কৰা হৈছে।
-
লুনা (দেৱী)
লুনা (ইংৰাজী: Luna) ছাবাইন আৰু প্ৰাচীন ৰোমান ধৰ্ম আৰু শ্ৰুতিকথাত চন্দ্ৰৰ ঐশ্বৰিক মূৰ্তি বুলি অভিহিত কৰা দেৱী৷ তেওঁক প্ৰায়ে সূৰ্য দেৱতা ছলৰ (Sol) পৰিপূৰক হিচাপে কল্পনা আৰু উপস্থাপন কৰা হয়।
-
ৰোমান শ্ৰুতিকথা
ৰোমান শ্ৰুতিকথা বা ৰোমান পৌৰাণিক কাহিনী (ইংৰাজী: Roman mythology) হৈছে ৰোমানসকলৰ সাহিত্য আৰু দৃশ্য কলাক প্ৰতিনিধিত্ব কৰা প্ৰাচীন ৰোমৰ শ্ৰুতিকথাৰ সম্ভাৰ।
-
লাৰুণ্ডা
লাৰুণ্ডা (লাৰুণ্ডে, লাৰাণ্ডা বা লাৰা নামেৰেও কোৱা হয়) আছিল এগৰাকী নাইয়াদ নিম্ফ(অপেশ্বৰী), আলমো নদীৰ কন্যা আৰু লাৰেছ কম্পিটালিচিৰ মাতৃ, তেওঁ চৌহদ আৰু ৰোম চহৰৰ ৰক্ষক। ওভিদৰ ফাষ্টিত তেওঁৰ নাম লাৰা।
-
পেৰেণ্টেলিয়া
পেৰেণ্টেলিয়া (অৰ্থাৎ "পূৰ্বপুৰুষৰ দিন") প্ৰাচীন ৰোমত পৰিয়ালৰ পূৰ্বপুৰুষৰ সন্মানত অনুষ্ঠিত হোৱা ন দিনীয়া উৎসৱ। এই উৎসৱ ১৩ ফেব্ৰুৱাৰীৰপৰা আৰম্ভ হয়। যদিও পেৰেণ্টেলিয়া ৰোমান ধৰ্মীয় পঞ্জিকাত বন্ধৰ দিন আছিল, ইয়াৰ উদ্যাপন প্ৰধানকৈ ঘৰুৱা আৰু পাৰিবাৰিকধৰণে উদযাপিত আছিল; ৰোমান ৰাষ্ট্ৰৰ প্ৰতি পৰিয়ালৰ…
-
ফেৰালিয়া
ফেৰালিয়া ২১ ফেব্ৰুৱাৰীত উদ্যাপন কৰা মানেছৰ (মৃতকৰ ৰোমান আত্মা, বিশেষকৈ মৃত ব্যক্তিৰ আত্মা) এটা প্ৰাচীন ৰোমান ৰাজহুৱা উৎসৱ আছিল। যিটো অভিদে তেওঁৰ ফাষ্টিৰ দ্বিতীয় কিতাপত লিপিবদ্ধ কৰিছে।
-
লিবিয়া (এপাফাছৰ কন্যা)
লিবিয়া (ইংৰাজী: Libya, প্ৰাচীন গ্ৰীক: Λιβύη) গ্ৰীক আৰু ৰোমান শ্ৰুতিকথা অনুসৰি ইজিপ্তৰ ৰজা এপাফাছৰ কন্যা৷ তেওঁ সাগৰৰ দেৱতা প'জাইডনৰ সৈতে বিবাহ হৈছিল আৰু বেলুছ আৰু এজেন'ৰৰ মাতৃ হৈছিল।
-
আকা লেৰেণ্টিয়া
আকা লেৰেন্টিয়া বা আকা লেৰেন্টিনা আছিল ৰোমান পৌৰাণিক কাহিনীত এগৰাকী পৌৰাণিক মহিলা, পিছলৈ উৰ্বৰতাৰ দেৱী, যাৰ উৎসৱ লাৰেন্টালিয়াত ২৩ ডিচেম্বৰত উদযাপন কৰা হয়।
-
এজেনোৰিয়া
এজেনোৰিয়া ৰোমানসকলৰ কাৰ্যকলাপৰ দেৱী(actus)। তেওঁৰ নামটো অনুমানিকভাৱে লেটিন ক্ৰিয়া পদৰ পৰা উদ্ভৱ হৈছে agō, "to do, drive, go"; আৰু বৰ্তমানৰ বিভক্তি agēns সংযোগ হৈছে। তেওঁৰ নাম কেৱল হিপ্পোৰ অগাষ্টিনেহে ৰাখিছে, যিয়ে তেওঁক শৈশৱৰ প্ৰতি চিন্তিত দেৱতাসকলৰ ভিতৰত স্থান দিছে।
-
ছী-উল্ফ (ৰোমৰ শ্ৰুতিকথা)
ছী-উল্ফ (ইংৰাজী: She-Wolf, লেটিন ভাষাত লুপা (lupa)) ৰোমৰ প্ৰাচীন শ্ৰুতিকথাত বৰ্ণিত এজনী মাইকী ইটালীয়ান কুকুৰনেছীয়া বাঘ৷ আলবা লংগাৰ ৰজা আমুলিয়াছৰ আদেশ অনুসৰি যমজ সন্তান ৰোমুলাছ আৰু ৰেমুছক বনত এৰি দিয়াৰ পিছত ছী-উল্ফে তেওঁলোকক স্তনপান কৰাইছিল আৰু আশ্ৰয় দিছিল।
-
টানাকিল
টানাকিল (Tanaquil) ৰোমৰ পঞ্চম ৰজা টাৰ্কিনিয়াছ প্ৰিস্কাছৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ৰোমৰ ৰাণী আছিল।
-
ডেয়া ডিয়া
ডেয়া ডিয়া (লেটিন ভাষাত: "দিনৰ পোহৰৰ দেৱী", বা "উজ্জ্বল দেৱী") প্ৰাচীন ৰোমান ধৰ্মৰ উৰ্বৰতা আৰু শস্য বৃদ্ধিৰ দেৱী আছিল। কেতিয়াবা চেৰেছ আৰু কেতিয়াবা গ্ৰীকৰ সমতুল্য ডিমিটাৰৰ সৈতে তেওঁক একে লগ কৰা হৈছিল। চেৰেছৰ উৎসৱ অম্বৰভালিয়াৰ সময়ত তেওঁক পূজা কৰা হৈছিল।
-
ৰিয়া চিলভিয়া
ৰিয়া চিলভিয়া, যাক ইলিয়া বুলিও কোৱা হয়, ৰোম চহৰৰ প্ৰতিষ্ঠাতা যমজ ভাতৃ ৰোমুলাছ আৰু ৰেমুছৰ পৌৰাণিক মাতৃ। এই কাহিনীটোক ৰোমান শিল্পত বহুবাৰ চিত্ৰিত কৰা হৈছে। লিভিৰ আব উৰ্বে কণ্ডিটা লিব্ৰিৰ প্ৰথমখন কিতাপত তেওঁৰ কাহিনী কোৱা হৈছে আৰু কেচিয়াছ ডিঅ'ই ৰোমান ইতিহাসত।