ভিয়েটনাম
৮ প্ৰবন্ধ
-
আও দাই
আও দাই (Áo dài) হৈছে ভিয়েটনামী পৰম্পৰাগত সাজ-পোছাক, সকলো পৰম্পৰাগত সাজ-পোছাকৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়। ইয়াত ট্ৰাউজাৰ এযোৰৰ ওপৰত পিন্ধা গোৰোহাৰ দৈৰ্ঘ্যৰ টিউনিক থাকে, চাৰ্টৰ তলৰ অৰ্ধেক অংশ দুটা পোন ফ্লেপত বিভক্ত, সন্মুখ আৰু পিছফালে, এইটো সমগ্ৰ সাজ-পোছাকৰ এটা বৈশিষ্ট্যপূৰ্ণ বৈশিষ্ট্য।
-
আও টু থান
আও টু থান (Áo tứ thân; চাৰিটা অংশৰ চোলা) হৈছে উত্তৰ ভিয়েটনামত প্ৰচলিত এবিধ পৰম্পৰাগত ভিয়েটনামীয় সাজ-পাৰ। এই পোছাকযোৰ আও গু থান (পাঁচটা অংশৰ চোলা) আৰু আও ডই খামৰ (সমান্তৰাল পটিৰ চোলা) সৈতে সম্পৰ্কিত।
-
য়্যেম
য়্যেম (Yếm) বা আও য়্যেম (áo yếm) হৈছে ভিয়েটনামৰ এক পৰম্পৰাগত অন্তৰ্বাস, যি এসময়ত সকলো শ্ৰেণীৰ ভিয়েটনামীয় মহিলাই পৰিধান কৰিছিল। শালীনতা ৰক্ষাৰ বাবে ইয়াক সাধাৰণতে ব্লাউজ বা চাদৰৰ তলত পিন্ধা হৈছিল। ই এবিধ সৰল পোচাক।
-
থিয়েন ৱাই এ না
থিয়েন ৱাই এ না (Thiên Y A Na) এগৰাকী ভিয়েটনামী লোকদেৱী। তেওঁক ভিয়েটনামৰ লোক ধৰ্মত উপাসনা কৰা হয়। দাও মাও ধৰ্মৰ সৈতে জড়িত দেৱী থিয়েন ৱাই এ নাক লেডি পো নগৰ বা পো নগৰৰ দেৱী বুলিও কোৱা হয়।
-
নু কং হক হুই
নু কং হক হুই (ভিয়েটনামীজ: Nữ công Học hội; অৰ্থ: "মহিলা শ্ৰম অধ্যয়ন গোট") আছিল ১৯২৬ চনত প্ৰতিষ্ঠিত ভিয়েটনামৰ এটা মহিলা সংগঠন। এইটো ভিয়েটনামৰ প্ৰথমটো মহিলা সংগঠন আছিল।
-
পানীৰ পুতলা নাচ
পানীৰ পুতলা নাচ (Water Puppetry) হৈছে ভিয়েটনামৰ এক পৰম্পৰা যি একাদশ শতিকাত উত্তৰ ভিয়েটনামৰ ৰেড ৰিভাৰ ডেল্টা অঞ্চলৰ গাঁওবোৰত উৎপত্তি হৈছিল। আজিৰ ভিয়েটনামী পানীৰ পুতলা প্ৰাচীন এছিয়াৰ পুতলা নাচ পৰম্পৰাৰ এক অনন্য তাৰতম্য। পুতলাবোৰ কাঠৰ পৰা তৈয়াৰ কৰা হয় আৰু তাৰ ওপৰত লেকাৰেৰে প্ৰলেপ দিয়া হয়।
-
বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাত
বেন জিঅ’ক – ডিচিয়ান জলপ্ৰপাত (Ban Gioc–Detian Falls) বা বেন জিঅ’ক জলপ্ৰপাত হৈছে চীন আৰু ভিয়েটনামৰ মাজৰ আন্তৰ্জাতিক সীমান্তত অৱস্থিত, কুৱেই চান নদী (ভিয়েটনামী: Sông Quây Sơn, ছো নোম: 滝𢮿山; চীনা: 归春河, পিনয়িন: Guīchūn hé)ৰ দুটা জলপ্ৰপাতৰ সামূহিক নাম।
-
মাঅ কায় নাম জিলা
মাঅ কায় নাম (Mỏ Cày Nam) ভিয়েটনামৰ মেকং ব-দ্বীপত থকা বিন চ্চে' প্ৰদেশৰ এখন গ্ৰামীণ জিলা। ২০০৯ চনৰ মাৰ্চত এই জিলাখনৰ স্থাপন কৰা হৈছিল। মাঅ কায় নামৰ পূবে জওং চ্চ'ম জিলা, পশ্চিমে চ্চা ভিন্ প্ৰদেশ, পূব আৰু উত্তৰ-পূবে মাঅ কায় বাক আৰু থাইন ফু জিলা; দক্ষিণ আৰু দক্ষিণ-পশ্চিমে চ্চা ভিন্ প্ৰদেশ অৱস্থিত।