অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নীলুফাৰ ছামান

নীলুফাৰ ছামান হৈছে বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলত বাস কৰা এগৰাকী বাংলাদেশী ভাস্কৰ্য শিল্পী, তেওঁ মূলতঃ সামাজিক অন্যায় আৰু নাৰীৰ বিৰুদ্ধে বৈষম্যমূলক নীতি আৰু সেইধৰণৰ বিষয়বস্তুৰ সন্দৰ্ভত ছবিৰ মাধ্যমেৰে সজাগতামূলক কাম কৰিছে। তেওঁৰ চিত্ৰকলাই বাংলাদেশৰ চিত্ৰকলাক এটি মৰ্যদাসম্পন্ন অৱস্থালৈ উত্তীৰ্ণ কৰাইছে৷

হালনাগাদ: ৬ মে’ ২০২৪ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

নীলুফাৰ ছামান হৈছে বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলত বাস কৰা এগৰাকী বাংলাদেশী ভাস্কৰ্য শিল্পী,১ তেওঁ মূলতঃ সামাজিক অন্যায় আৰু নাৰীৰ বিৰুদ্ধে বৈষম্যমূলক নীতি আৰু সেইধৰণৰ বিষয়বস্তুৰ সন্দৰ্ভত ছবিৰ মাধ্যমেৰে সজাগতামূলক কাম কৰিছে।২ তেওঁৰ চিত্ৰকলাই বাংলাদেশৰ চিত্ৰকলাক এটি মৰ্যদাসম্পন্ন অৱস্থালৈ উত্তীৰ্ণ কৰাইছে৷

সামাজিক জীৱন

বঙালী লোকশিল্পত পোৱা ধাৰণা আৰু আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ নীলুফাৰ ছামানে সাহসী ৰূপ আৰু উজ্জ্বল ৰঙেৰে তেওঁৰ চিত্ৰশিল্পসমূহ নিৰ্মাণ কৰিছে৷ তেওঁৰ এই নিৰ্মাণত চট্টগ্ৰাম অঞ্চলৰ শিল্প পৰম্পৰাৰ বহুবোৰ প্ৰভাৱ পৰিছে৷ তেওঁৰ ৰচনাত সমাজৰ একাংশ জনসাধাৰণৰ মাজত থকা সম্পদৰ বৈষম্যৰ, অৰ্থহীনতা আৰু চাৰিত্ৰিক বৈশিষ্ট্যক উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰা হৈছে।৩ Her work seeks to highlight the absurdities and inequalities of wealth inequalities among a small percentage of society.২

১৯৮০ চনত তেওঁৰ কাম-কাজক "শক্তিশালীভাৱে স্বতন্ত্ৰ" বুলি বৰ্ণনা কৰা হৈছিল আৰু তেওঁৰ সৃষ্টিকৰ্মত উজ্জ্বল প্ৰাথমিক ৰঙৰ প্ৰয়োগ অন্তৰ্ভুক্ত কৰাৰ আগতে মূলতঃ একৰঙী আছিল। তৈল চিত্ৰকলাৰ বাবে তেওঁৰ পদ্ধতিসমূহ গতানুগতিক পদ্ধতিৰ বিপৰীতে আছিল৷ ১৯৯০ চনত বাংলাদেশ শিল্পকলা একাডেমীৰ পৰা তেওঁ যুৱ শিল্পী বঁটা লাভ কৰে।৪

তেওঁৰ সুপৰিচিত ৰচনাসমূহৰ ভিতৰত ২০০২ চনত ফুক'কা এছিয়ান আৰ্ট মিউজিয়ামত প্ৰদৰ্শিত "হু কেন বি নটড" শীৰ্ষক এখন ধাৰাবাহিক আছে, যিখনে মানুহৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ ইচ্ছাৰ লগতে শক্তিশালী সম্পৰ্কৰ ফলত হোৱা শ্বাসৰুদ্ধকৰ পৰিৱেশক প্ৰতিনিধিত্ব কৰে। তেওঁ ‘মিক্সড মিডিয়া ইনষ্টলেচন’ৰ সৈতেও পৰীক্ষা-নিৰীক্ষা কৰিছে, উদাহৰণস্বৰূপে ২০১০ চনৰ এছিয়ান বিয়েনালেত তেওঁ চৰাইৰ শব্দৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা প্ৰকল্প তৈয়াৰ কৰিছিল।৫ তদুপৰি ২০১৬ চনত বংগ ফাউণ্ডেচনৰ ভিজুৱেল আৰ্টছ প্ৰগ্ৰেমৰ দ্বাৰা আয়োজিত পাৰফৰমেন্স আৰ্ট উইক ২০১৬ত অন্তৰ্ভুক্ত হ’বলগীয়া ২০ গৰাকী বৈচিত্ৰময় শিল্পীৰ এটা দলৰ ভিতৰত তেওঁৰ পৰিবেশন কলাও নিৰ্বাচিত হয়। ২০১৯ চনত বাংলাদেশ শিল্পকলা একাডেমীৰ নেচনেল আৰ্ট গেলেৰীত অনুষ্ঠিত ২৩ সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীত তেওঁৰ কৰ্মৰাজিৰ অন্তৰ্ভুক্ত হয়।৬

বাহ্যিক সংযোগ

বাংলাদেশ শিল্পকলা একাডেমী হৈছে বাংলাদেশৰ মূল ৰাজ্যিক পৃষ্ঠপোষকতাত চলি থকা ৰাষ্ট্ৰীয় সাংস্কৃতিক কেন্দ্ৰ। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্বত থকা মন্ত্ৰীৰ নেতৃত্বত এক কাৰ্যবাহী পৰিষদে (শিল্পকলা একাডেমী পৰিষদ) একাডেমীৰ কাম-কাজৰ সামগ্ৰিক দিশ চোৱা-চিতা কৰে। একাডেমীৰ সঞ্চালকে ইয়াৰ প্ৰশাসনৰ দায়িত্ব লয়। পৰিষদে গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত একাডেমীৰ সঞ্চালকৰ বিশেষ দায়িত্ব থাকে।৭ তেওঁৰ কামত সহায় কৰে এখন কাৰ্যনিৰ্বাহক সমিতিয়ে যিখন পৰিষদে নিৰ্বাচিত কৰে। একাডেমীৰ কৰ্তব্য আৰু দায়িত্বসমূহৰ ভিতৰত কলা আৰু জাতীয় সংস্কৃতিৰ প্ৰসাৰ আৰু ইয়াৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় সা-সুবিধা সৃষ্টি কৰা আদি অন্তৰ্ভুক্ত হৈছে৷ একাডেমীৰ কাম-কাজসমূহৰ ভিতৰত কৰ্মশালা, আলোচনা চক্ৰ, আলোচনা সভা, হ্ৰস্বম্যাদী বিশেষ প্ৰশিক্ষণৰ আয়োজন, প্ৰতিভাৱান শিল্পীসকলক বৃত্তি আৰু আৰ্থিক অনুদান প্ৰদান, সূক্ষ্ম আৰু পৰিবেশন কলাৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিযোগিতা আয়োজন কৰা আদি কাম-কাজসমূহ অন্যতম।৮৯

তথ্যসূত্ৰ

  1. ↑ Hill of the Dragon Lily and Those Innocent People (Series 3) - Niloofar Chaman. Google Arts & Culture
  2. ↑ Contemporary Art in Dhaka, Bangladesh: Optimism and Confusion - Qantara.de. Qantara.de - Dialogue with the Islamic World
  3. ↑ 福岡アジア美術館. 福岡アジア美術館
  4. ↑ Art and Crafts of Bangladesh. online.anyflip.com
  5. ↑ Depart Magazine · List Your Ad. departmag.com
  6. ↑ Art Exhibition - Young Observer - observerbd.com. The Daily Observer
  7. ↑ Mohanta, Sambaru Chandra. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
  8. ↑ Hussain, Anwar. (30 April 2013). Shylock and Sycophants will be staged today. New Aage
  9. ↑ (21 May 2015). Underpaid Shilpakala trainers suffer. New Age

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলুফাৰ ছামান” প্ৰবন্ধৰ সংশোধন ৪২০৬০১ (৬ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।