খুন নীলাৱন পিনটং (থাই ভাষা: นิลวรรณ ปิ่นทอง; ৬ ডিচেম্বৰ ১৯১৫ – ৭ ফেব্ৰুৱাৰী ২০১৭) আছিল এগৰাকী থাই নাৰীবাদী।১ থাইলেণ্ডত মহিলাৰ অধিকাৰৰ উন্নয়নত কৰা তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে তেওঁক “ষ্টীল লটাছ ব্লজম” উপাধি প্ৰদান কৰা হৈছিল। তেওঁ অউনাকৰ্ণ কেন্দ্ৰ আৰু সাত্ৰি সাৰ্ণ আলোচনীৰ প্ৰতিষ্ঠাপক আছিল। এই আলোচনীখন থাইলেণ্ডৰ প্ৰথম মহিলা আলোচনী আছিল আৰু ইয়াৰ লক্ষ্য আছিল মহিলাসকলক সমাজৰ কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা,২
১৯৬১ চনত তেওঁ জনসেৱাৰ বাবে ৰেমন মেগছেছে বঁটা লাভ কৰা প্ৰথমগৰাকী থাই মহিলা হৈছিল,৩ এই বঁটা তেওঁক থাই মহিলাসকলক ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত নতুন আৰু সৃষ্টিশীল ভূমিকা প্ৰদান কৰাত সহায় কৰাৰ বাবে প্ৰদান কৰা হৈছিল,৪ এই বঁটাৰ সৈতে ১০,০০০ ডলাৰ, এটা সোণৰ পদক আৰু এটা প্ৰমাণ-পত্ৰ প্ৰদান কৰা হৈছিল,৫
প্ৰাথমিক জীৱন আৰু শিক্ষা
খুন নীলাৱন পিনটং ১৯১৫ চনৰ ৬ ডিচেম্বৰত বেংককত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃৰ মৃত্যুৰ পাছত তেওঁৰ পিতৃ সন্ন্যাসী হৈছিল আৰু তেওঁৰপৰা তেওঁ বৌদ্ধ শিক্ষা লাভ কৰিছিল,১ সৰুৰেপৰাই দাতব্য আৰু সেৱাৰ মনোভাবেৰে শিক্ষিত হৈ তেওঁ শিক্ষক হোৱাৰ লক্ষ্য লৈ বেথাবুৰী স্কুল অৱ টিচাৰ ট্ৰেইনিঙৰপৰা শিক্ষকতাৰ প্ৰমাণ-পত্ৰ লাভ কৰিছিল। ১৯৩৬ চনত তেওঁ চুলালংকৰ্ণ বিশ্ববিদ্যালয়ৰপৰা আধুনিক ভাষাত (ইংৰাজী ভাষা আৰু ফৰাচী ভাষা) স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ইংৰাজীত প্ৰথম সন্মান লাভ কৰিছিল,১
কেৰিয়াৰ আৰু অৱদান
নীলাৱনে প্ৰথমে শিক্ষা মন্ত্ৰ্যালয়ৰ অধীনত এটা মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। তাৰ পিছত তেওঁ বিদেশ মন্ত্ৰ্যালয়ৰ অধীনত অফিচিয়েল পাব্লিকেচন শাখাৰ মুখ্য আৰু পিছত ফৰেইন প্ৰেছ শাখাৰ মুখ্য হৈছিল। এই সময়ছোৱাত তেওঁ ব্যক্তিগত স্বাধীনতা আৰু শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰিছিল আৰু সমাজত মহিলাসকলৰ সীমিত ভূমিকাৰ বিপৰীতে তেওঁলোকৰ উন্নয়নৰ প্ৰয়োজনীয়তা বুজিছিল,১
১৯৪৭ চনত ধনৰ অভাৱ থকাৰ পিছতো তেওঁ তিনিজন বন্ধুৰ সহায়ত সাত্ৰি সাৰ্ণ আলোচনী প্ৰতিষ্ঠা কৰিছিল। এই আলোচনীটো মহিলাসকলৰ বাবে নিৰ্মিত আছিল আৰু ইয়াত ফেশ্বন, শিল্প, সাহিত্য আৰু হস্তশিল্পৰ বিষয় অন্তৰ্ভুক্ত আছিল,১ এই আলোচনীটো তিনিবছৰৰ ভিতৰতে থাইলেণ্ডৰ আটাইতকৈ জনপ্ৰিয় আলোচনী হৈছিল আৰু ১৯৯৬ চনত আৰ্থিক সমস্যাৰ বাবে বন্ধ হৈছিল,২
তেওঁ ডাৰুন সাৰ্ণ আৰু সাপ্দা সাৰ্ণ নামৰ আন আলোচনীসমূহো প্ৰতিষ্ঠা কৰিছিল। তেওঁ শিশু আৰু যুৱসকলৰ বাবে প্ৰীয়া ক্লাব প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উপৰি তেওঁ অনুবাদ সেৱা, ৰেডিঅ’ অনুষ্ঠান আৰু লাইব্ৰেৰী উন্নয়নৰ কামতো জড়িত আছিল।
তেওঁ থাইলেণ্ডৰ পেন কেন্দ্ৰৰ সভাপতি আৰু সচিব হিচাপে কাম কৰিছিল,৬ তেওঁ সাংবাদিকতা শিক্ষা ফাউণ্ডেশ্যন, শিক্ষা পৰিষদ আৰু মহিলা পৰিষদৰ সৈতে জড়িত আছিল।
তেওঁ অউনাকৰ্ণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল, যিয়ে বিভিন্ন সামাজিক সংস্থাক স্থান প্ৰদান কৰিছিল।
নীলাৱন পিনটং ২০১৭ চনৰ ৭ ফেব্ৰুৱাৰীত ১০১ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল,৭
বঁটা আৰু সন্মান
- ৰেমন মেগছেছে বঁটা (জনসেৱা)
- চুলালংকৰ্ণ বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডক্টৰেট,৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Balgos, Cecile C.A. (2007). Nilawan Pintong. Great Men and Women of Asia: Ramon Magsaysay Awardees from Southeast Asia 1958-1973. Anvil
- ↑ (5 March 1996). THAILAND-WOMEN: Oldest Women's Magazine Succumbs to Cash Crunch. Inter Press Service News Agency
- ↑ Fry, Gerald W. (2013). Nilawan Pintong. Historical Dictionary of Thailand. Scarecrow Press
- ↑ (1 September 1961). Asia 'Nobel' Prize Awards. Winnipeg Free Press
- ↑ (2 September 1961). 5 Receive Magsaysay Awards. Pacific Stars and Stripes
- ↑ Kongkananda, Wibha Senanan. (1975). The Genesis of the Novel in Thailand. Thai Watana Panich Company. পৃ. 97
- ↑ (8 February 2017). Star literateur Khun Nilawan passes away at 101. Bangkok Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলাৱন পিনটং” প্ৰবন্ধৰ সংশোধন ৫৮২৮৫৪ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।