নীনা ৱৰাকিল (: Neena Varakil; জন্ম: ২ মে' ১৯৯১)১ এগৰাকী প্ৰাক্তন ভাৰতীয় খেলুৱৈ যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লং জাম্প ইভেণ্টত অংশগ্ৰহণ কৰিছিল।
জন্ম
১৯৯১ চনৰ ২ মে'ত কালিকটৰ মেপ্পায়ুৰত নীনা ৱৰাকিলৰ জন্ম হৈছিল, যি খন ঠাইক কোজিকোডে বুলিও কোৱা হয়।১
খেলজীৱন
২০১৭ চনত তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠত্ব আছিল ৬.৬৬ মিটাৰ। যিটো তেওঁ ২০১৬ চনৰ জুলাই মাহত, বেঙ্গালুৰুত ৬.৬৬ মিটাৰ লংজাম্প কৰি নিজৰ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ পৰিসংখ্যা স্থাপন কৰিছিল। ২০১৭ চনৰ এছিয়ান গ্ৰাণ্ড প্ৰিক্স এথলেটিক্স মীট, জিয়াক্সিং, চীনত, ৬.৩৭ মিটাৰ জাম্প মাৰি সোণৰ পদক লাভ কৰিছিল তেওঁ। সেইয়া তেও ষষ্ঠ প্ৰচেষ্টাত আৰু ফাইনেল ৰাউণ্ডত সংঘটিত কৰিছিল।২২০১৭ চনৰ এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপত, তেওঁ ৰজত পদক লাভ কৰিছিল, আৰু তেওঁৰ স্বদেশীয় খেলুৱৈ নয়না জেম্ছে ব্ৰঞ্জ পদক লাভ কৰিছিল।৩
২০১৮ চনৰ এছিয়ান গেম্সত, জাকাৰ্টাত, নীনা ৱৰাকিলে লংজাম্প প্ৰতিযোগিতাত ৰজত পদক লাভ কৰিছিল। তেওঁ চতুৰ্থ প্ৰয়াসত ৬.৫১ মিটাৰ লংজাম্প মাৰি এই সফলতা অর্জন কৰে। সোণৰ পদক ভিয়েটনামৰ থি থু থাও বুই লাভ কৰে। আৰু ব্ৰঞ্জ পদক চীনৰ শিয়াওলিং জুই লৈ যায়।৪ এই প্ৰতিযোগিতাৰ পিছতে তেওঁ প্ৰতিযোগিতা পৰা কিছু সময়ৰ বাবে আঁতৰি থাকিব বুলি ঘোষণা কৰে, য’ত তেওঁ পৰিয়ালক অধিক মনোযোগ দিব বিচাৰিছিল। জাকাৰ্টাত এছিয়ান গেম্সৰ বাবে প্ৰশিক্ষণ গ্ৰহণৰ সময়ত, তেওঁ ৰাষ্ট্ৰীয় প্ৰশিক্ষক বেড্ৰ'ছ বেড্ৰ'চিয়ানৰ প্ৰশিক্ষণত অসন্তুষ্ট আছিল, গতিকে তেওঁৰ স্বামী পিন্টো মাথিউয়ে ব্যক্তিগতভাৱে প্ৰশিক্ষণত সহায় কৰিছিল। ভাৰতীয় লংজাম্পৰ ইতিহাসত নীনা ৱৰাকিলৰ এই বলিষ্ঠ সিদ্ধান্ত আৰু সফলতাসমূহ উল্লেখযোগ্য অৱদান হিচাপে গণ্য কৰা হয়।৫
বিবাহ
নীনা ৱৰাকিলআন্তঃৰাষ্ট্ৰীয় হাৰ্ডলাৰ পিন্টো মাথিউৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।
তথ্যসূত্ৰ
- ↑ (2018-08-27). Asian Games 2018: 5 things you need to know about Neena Varakil, India's silver medalist in women's long jump. www.sportskeeda.com
- ↑ Asian Grand Prix: Neena Varakil wins gold in women's long jump, javelin thrower Neeraj Chopra qualifies for World Championships, 27 April 2017, ZeeNews.india.com, Retrieved 13 July 2017
- ↑ Bhatt, Akash. (2017-07-10). Asian Athletics Championships 2017: List of all medal winners for India. Sportskeeda
- ↑ (2018-08-27). Asian Games 2018: Neena Varakil wins silver in women's long jump. The Hindu. PTI
- ↑ Manoj SS. (Aug 28, 2018). neena varakil: After Asiad silver, Neena Varakil to focus on family · Asian Games 2018 News - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীনা ৱৰাকিল” প্ৰবন্ধৰ সংশোধন ৪৯৪৮৪২ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।