অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিকিতা পোৰৱাল

নিকিতা পোৰৱাল ( ইংৰাজী: Nikita Porwal; জন্ম: ১৬ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৪ৰ মুকুট পিন্ধিছিল। নিকিতাই মিছ ৱৰ্ল্ড ২০২৬ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

নিকিতা পোৰৱাল ( ইংৰাজী: Nikita Porwal; জন্ম: ১৬ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৪ৰ মুকুট পিন্ধিছিল। নিকিতাই মিছ ৱৰ্ল্ড ২০২৬ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ১২৩৪

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

নিকিতা পোৰৱালৰ জন্ম আৰু লালন-পালন উজ্জয়িন, মধ্য প্ৰদেশত হৈছিল। তেওঁৰ পিতৃ-মাতৃ আশোক পোৰৱাল আৰু ৰাজকুমাৰী পোৰৱাল।। নিকিতাই নিজৰ স্কুল শিক্ষা কাৰ্মেল কনভেণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, উজ্জয়িনত সম্পন্ন কৰিছিল। তাৰ পিছত তেওঁ মহাৰাজা সয়াজিৰাও বিশ্ববিদ্যালয়, বড়োদাৰ পৰা থিয়েটাৰ বিশেষজ্ঞ হৈ পাৰফৰ্মিং আৰ্টছত স্নাতক ডিগ্ৰী লাভ কৰিছে। মাত্ৰ ১৮ বছৰ বয়সতে টিভি এংকৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নিকিতাই ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিৰে ৬০ খনতকৈও অধিক নাটকত অভিনয় কৰিছে আৰু "কৃষ্ণ লীলা" শীৰ্ষক ২৫০ পৃষ্ঠাৰ নাটক ৰচনা কৰিছে। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা বৈশিষ্ট্যপূৰ্ণ ছবি চাম্বল পাৰত অগ্ৰণী ভূমিকা লাভ কৰি নিকিতাই চলচ্চিত্ৰ জগতলৈ আমোল পৰিৱৰ্তন ঘটায়। ৫৬৭

তথ্যসূত্ৰ

  1. ↑ Nikita Porwal crowned Femina Miss India 2024: A journey of grace. news9live.com
  2. ↑ (28 August 2024). Who is Femina Miss India Madhya Pradesh 2024, Nikita Porwal? Learn now!. femina.in
  3. ↑ Femina Miss India World 2024 Is Nikita Porwal From Madhya Pradesh. timesnownews.com
  4. ↑ (17 October 2024). Nikita Porwal of Madhya Pradesh wins Femina Miss India 2024!. femina.in
  5. ↑ (17 October 2024). Who is Nikita Porwal, crowned as the Femina Miss India 2024? Everything You Need to Know!. jagranjosh.com
  6. ↑ (17 October 2024). Who is Nikita Porwal, the winner of Femina Miss India 2024 from Madhya Pradesh. hindustantimes.com
  7. ↑ (17 October 2024). Meet Nikita Porwal, Aishwarya Rai's fan, Miss India 2024 winner. dnaindia.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকিতা পোৰৱাল” প্ৰবন্ধৰ সংশোধন ৪৮৫০৭৯ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।